নিয়মীয়া বার্তা, ৪ জানুৱাৰীঃ প্রাচীন বিনিময় প্রথাৰে সাক্ষৰ ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলা এইবেলি অহা ১৬, ১৭ আৰু ১৮ জানুৱাৰীত অনুষ্ঠিত হ’ব ৷ জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত হ’বলগীয়া এই মেলাতে পাহাৰৰ মামা–মামীয়ে নিজ নিজ উৎপাদিত কৃষিজাত সামগ্রী বিনিময় কৰিব ভৈয়ামৰ লোকৰ সৈতে ৷ এই মেলাতেই কিছু সময়ৰ বাবে স্তব্ধ হৈ পৰিব আধুনিক মুদ্রাৰ প্রচলন ৷ পাহাৰত উৎপাদিত আদা, কচু, হালধি, লা আদি কৃষিজাত সামগ্রীৰ মেটমৰা সম্ভাৰ লৈ মেলাৰ প্রথমদিনাই মেলাথলীত উপস্থিত হ’ব পাহাৰৰ মামা–মামীসকল ৷ ১৭ জানুৱাৰীত কাহিলিপুৱাতে কৃষিজাত সামগ্রীৰে ভৈয়ামৰ লোকৰ চিৰা, পিঠা, সান্দহ, কেঁচা মাছ, শুকান মাছ আদিৰ সৈতে কৰিব বিনিময় ৷ ইয়াৰ সমান্তৰালকৈ জোনবিলত চলিব সমূহীয়া মাছধৰা প্রথা ৷
জোনবিল মেলাৰ আনন্দৰ সমান্তৰালকৈ নিজ পৰিয়াল–পৰিজনৰ সৈতে এসাঁজ খোৱাৰ হেঁপাহেৰে হাতে হাতে জাল–জুলুকি–হকা আদি লৈ বিলত নামিব জাতি–বর্ণ–ধর্ম নির্বিশেষে সহস্রজন ৷ মেলাৰ অন্তিম দিনা মেলাথলীত অনুষ্ঠিত হ’ব গোভা দেওৰজাৰ ৰাজদৰবাৰ ৷ য’ত উপস্থিত থাকিব মধ্য অসমৰ ১৮ গৰাকীকৈ তিৱা ৰজা৷ এইবেলি ৰাজদৰবাৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ লগতে কেইবাজনো মন্ত্রী–বিধায়কক আমন্ত্রণ জনাইছে মেলা পৰিচালনা সমিতিয়ে ৷ ৰাজদৰবাৰতে ১৮গৰাকী তিৱা ৰজাক ৰাজ্য চৰকাৰৰ পৰা প্রদান কৰিব ৰাজভাট্টা ৷
পৰম্পৰাগত জোনবিল মেলাৰ সময়ছোৱাত ‘কা’বিৰোধী অসমৰ জাতীয় দল–সংগঠনসমূহে যাতে কোনো ধৰণৰ বন্ধৰ আহ্বান নজনায়, তাৰ বাবেও অনুৰোধ জনাইছে মেলা পৰিচালনা সমিতিয়ে ৷ ইফালে, জোনবিলত চলিছে অবৈধ বেদখল ৷ একাংশ সন্দেহযুক্তলোকে জোনবিলৰ ভূমিত নির্মাণ কৰিছে বৃহৎ বৃহৎ পুখুৰী ৷ উক্ত ভূমি বেদখলমুক্ত নকৰিলে জোনবিলৰ ঐতিহ্য নাথাকিব বুলিও তাৎপর্যপূর্ণ মন্তব্য কৰে পৰিচালনা সমিতিৰ সম্পাদক জুৰচিং বৰদলৈয়ে ৷ উল্লেখ্য যে, ইতিহাসৰ সাক্ষ্য বহনকাৰী জাগীৰোডৰ এই জোনবিল মেলাই প্রাচীন বিনিময় প্রথাৰ জৰিয়তে পাহাৰ– ভৈয়ামৰ লোকৰ মাজত সমন্বয় গঢ়ি নিজ ঐতিহ্য আৰু পৰম্পৰাক ৰক্ষা কৰি আহিছে ৷