অসমৰ নৱনির্বাচিত পঞ্চদশ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ৰাজ্যখনৰ সর্বস্তৰৰ ৰাইজে আন্তৰিক অভিনন্দন আৰু আশীর্বাদ জ্ঞাপন কৰিছে৷ তেখেতৰ কার্যকালত অসমত অভিনৱ আৰু বিশাল কর্মযজ্ঞৰ সূচনা হ’ব বুলিও ৰাইজৰ মনত যথার্থ প্রত্যাশাৰ সৃষ্টি হৈছে৷ এনে প্রত্যাশাৰ কাৰণ আছে৷ বিগত কেইবাবছৰ ধৰি তেখেতে অসম চৰকাৰৰ কেইবাটাও গুৰুত্বপূর্ণ দপ্তৰ দক্ষতাৰে পৰিচালনা কৰিছে৷ তেখেতে সময়তকৈ বহু আগতেই কিছুমান দূৰদর্শী সিদ্ধান্ত গ্রহণ কৰিছিল আৰু সেইবোৰ বাস্তৱায়িতও কৰিছিল৷ প্রবল ইচ্ছাশক্তি, গভীৰ চিন্তাশক্তি, দূৰদর্শিতা, বাক্পটুতা, বিৰামহীন কর্মোদ্যম, প্রত্যুৎপন্নমতিতা, জাতিৰ প্রতি দায়বদ্ধতা, প্রতিশ্রুতি পালনৰ প্রতি দায়বদ্ধতা, সৃষ্টিশীল মন আৰু অধ্যয়নৰ প্রতি দুর্বাৰ আগ্রহ– এইবোৰ দুর্লভ গুণৰ সমাহাৰ সাধাৰণতে এজন ব্যক্তিৰ চৰিত্রত দেখা নাযায়৷ ড০ শর্মাৰ চৰিত্রত থকা এইবোৰ গুণৰ প্রতি লক্ষ্য কৰিয়েই হয়তো সদ্যপ্রয়াত হোমেন বৰগোহাঞিয়ে ড০ শর্মাক বর্তমান অসমৰ একমাত্র সৃষ্টিশীল মনৰ ৰাজনীতিবিদ বুলি অভিহিত কৰিছিল৷
প্রাচীন শাস্ত্র যজুর্বেদত কোৱা হৈছে– ‘সকলোৰে উন্নতিৰ হকে কৰণীয় আৰু প্রশংসনীয় কার্যসমূহ সকলোৱে মিলি কৰিব লাগে৷ কর্মৰ বিভিন্ন প্রকাৰ আছে৷ কর্ম, বিকর্ম, অকর্ম, শ্রেষ্ঠ কর্ম, শ্রেষ্ঠতৰ কর্ম আৰু শ্রেষ্ঠতম কর্ম৷ তুমি শ্রেষ্ঠতম কর্ম কৰিবলৈ প্রবৃত্ত হোৱা৷’
সকলোৱে জানে– অতি কাঁইটীয়া পথেৰে খোজ দি তেখেতে আজিৰ অৱস্থা পাইছে৷ গতিকে তেখেতে সামর্থ্যৰ ভিতৰত শ্রেষ্ঠতম কামবোৰ কৰি অধিক যশস্যাৰ অধিকাৰী হওক৷ কিন্তু, তাকে কৰিবলৈ যাওঁতে সুখাদ্য আৰু পর্যাপ্ত বিশ্রামৰ প্রতিও যেন তেখেত আওকণীয়া নহয়৷ কাৰণ, ছেদ–ভেদ নোহোৱাকৈ দিনে–নিশাই বিৰামহীনভাৱে কাম কৰাৰ বাবেই অসমীয়া জাতিয়ে আনন্দৰাম ঢ়েকিয়াল ফুকন, আনন্দৰাম বৰুৱা, লোকপ্রিয় গোপীনাথ বৰদলৈ আদিৰ দৰে প্রচুৰ কর্মশক্তিৰ অধিকাৰী বহুতো দেশভক্তক অকালতে হেৰুৱাইছে৷
ক’ভিড মহামাৰীয়ে ৰাজ্যখনক গিলি পেলোৱাৰ সময়তে কার্যভাৰ গ্রহণ কৰি এমাহ নৌহওঁতেই তেখেতে কেইবাটাও জটিল অথচ, অসমীয়া জাতিৰ জীৱন–মৰণৰ লগত জড়িত কঠিন প্রত্যাহ্বানমূলক বিষয়ত হাত দি দুর্দান্ত সাহসৰ পৰিচয় দিছে৷ তাৰে কেইটামান হ’ল– অসমৰ থলুৱা মানুহক প্রতাৰণা কৰা এন আৰ চিখন পুনৰীক্ষণৰ ব্যৱস্থা, অসম আৰক্ষীৰ গাঁথনিগত সংস্কাৰৰ পদক্ষেপ, নৱপ্রজন্মক ধ্বংস কৰিব বিচৰা ড্রাগ্ছ ব্যৱসায়ীৰ বিৰুদ্ধে জেহাদ ঘোষণা, এবছৰত ১ লাখ কর্মসংস্থাপন সৃষ্টিৰ ব্যৱস্থা, এন আৰ এলত বৃহৎ বিনিয়োগৰ সিদ্ধান্ত আৰু আলফাৰ সৈতে আলোচনাৰ বাবে পৰেশ বৰুৱাৰ লগত অর্থপূর্ণ যোগাযোগ৷
আলফাৰে আলোচনাৰ পথৰ হেঙাৰসমূহ
ক’ৰোনা মহামাৰীৰ তাণ্ডৱ তুংগত থকা সময়তে ড০ শর্মাই পোনে পোনে আলফাপ্রধান পৰেশ বৰুৱাৰ লগত যোগাযোগ স্থাপন কৰি সমস্যাটোৰ এটা ফলপ্রসূ সমাধান উলিয়াবলৈ উঠি–পৰি লাগিছে৷ এই কথাটোৱে তেখেতৰ দায়বদ্ধতা আৰু আন্তৰিকতাৰ প্রতি ৰাইজৰ আস্থা দুগুণ বৃদ্ধি কৰিছে৷ এই ক্ষেত্রত পৰেশ বৰুৱায়ো বিশেষ সদিচ্ছা আৰু উদাৰতা প্রদর্শন কৰিছে৷ ফলশ্রুতিত দীর্ঘদিন ধৰি আলফাৰ জিম্মাত থকা অ’এনজিচিৰ অপহূত কর্মচাৰী ৰিতুল শইকীয়াক ২২ মে’ত মুকলি কৰি দিয়া হ’ল৷ তদুপৰি, আলফাই আগন্তুক তিনি মাহৰ বাবে একপক্ষীয় যুদ্ধবিৰতিও ঘোষণা কৰিছে৷
আলফাৰে আলোচনা হ’বনে
বর্তমান সময়ত এইটোৱে হয়তো আটাইতকৈ ডাঙৰ প্রশ্ণ৷ অসমৰ সমস্যাবোৰ ‘ইটোতকৈ সিটো চৰা’৷ কেতিয়াবা আকৌ ‘আইধৰতকৈ বাইধৰ চাৰ’ হয়৷ দীর্ঘদিন ধৰি উপযুক্ত নেতৃত্বৰ অভাৱত কেইবাটাও জটিল সমস্যাই ৰাজ্যখনক ভাৰাক্রান্ত কৰি ৰাখিছে৷ এনে অৱস্থাত আলফাৰ সমস্যাটোৰ এটা সমাধান ওলালে বিষয়টোৱে অসমৰ ইতিহাসত এক গুৰুত্বপূর্ণ স্থান লাভ কৰিবলৈ সক্ষম হ’ব৷
আলফাৰ লগত আলোচনাৰ উদ্যোগ এইবাৰেই প্রথম নহয়৷ ইয়াৰ পূর্বে কেইবাবাৰো এনে সম্ভাৱনাৰ সৃষ্টি হৈছিল৷ তাৰ ভিতৰত এবাৰ প্রয়াত মামণি ৰয়ছম গোস্বামী বাইদেউৰ উদ্যোগত আৰু এবাৰ ড০ হীৰেন গোহাঁইৰ উদ্যোগত এনে প্রচেষ্টা চলিছিল৷ কিন্তু প্রতিবাৰেই এক নির্দিষ্ট দূৰত্ব অতিক্রম কৰাৰ পিছত আলোচনা প্রক্রিয়া স্থবিৰ হৈ পৰিছিল৷ চিন্তাশীল মানুহে ভাবে যে আলোচনাৰ প্রক্রিয়াবোৰ স্তব্ধ হৈ যোৱাৰ প্রধান কাৰণ পাঁচটা৷ সেইবোৰ হ’ল– (এক) পৰেশ বৰুৱাৰ মনস্তত্ত্ব, (দুই) আলোচনা সফল হ’লে পৰেশ বৰুৱাৰ বিশ্বস্ত মধ্যস্থতাকাৰীসকল একাংশৰ দালালি বন্ধ হ’ব বুলি ভয়, (তিনি) সংগঠনৰ ভিতৰৰ একাংশৰ দ্বাৰা বিৰোধ, (চাৰি) আন্তঃৰাষ্ট্রীয় চোৰাং অস্ত্র ব্যৱসায়ীসকলৰ দ্বাৰা শান্তি আলোচনাৰ বিৰোধ আৰু (পাঁচ) চৰকাৰী যন্ত্রটোৰ অমনোযোগিতা৷ ইয়াত আমি প্রথম দুটা বিষয় সন্দর্ভতহে কিছু পর্যালোচনা আগবঢ়াম৷
পৰেশ বৰুৱাৰ মনস্তত্ত্ব
আলফাৰে আলোচনাৰ ক্ষেত্রত পৰেশ বৰুৱাৰ মনস্তত্ত্ব হ’ল আটাইতকৈ গুৰুত্বপূর্ণ বিষয়৷ এনেবোৰ প্রক্রিয়াত প্রধান নেতাগৰাকীৰ মনস্তত্ত্ব নুবুজাকৈ কোনো কার্যকৰী পদক্ষেপ লোৱাটো সম্ভৱ নহয়৷
আলফাৰ ইতিহাসৰ বিভিন্ন দিশ পর্যালোচনা কৰি এই সিদ্ধান্তলৈ আহিব পাৰি যে পৰেশ বৰুৱা এগৰাকী স্বাভিমানপূর্ণ ভদ্রলোক৷ তেখেতৰ স্বদেশপ্রেম সন্দেহৰ ঊর্ধ্বত৷ এনেবোৰ আণ্ডাৰ গ্রাউণ্ড সংগঠনৰ শীর্ষ নেতাসকলে বহুতো বিশ্বস্ত বন্ধু তথা পালিনেতাৰ প্রতিবেদন তথা তথ্যৰ ওপৰত নির্ভৰ কৰি চলিব লাগে৷ এই বিশ্বাসী চক্রটোৰ মাজত থকা সৎ আৰু দূৰদর্শী, দায়িত্বশীল লোকসকল আৰু নিজৰ নীচ স্বার্থ পূৰণৰ বাবে অনবৰতে লক্লকাই থকা অপৰাধপ্রৱণ চৰিত্রৰ সলিসিয়ান নোমটেঙৰ চৰিত্রৰ লোকসকল একে নহয়৷ ওপৰত উল্লেখ কৰা দুই শ্রেণীৰ মানুহৰ ভিতৰত সাধাৰণতে দ্বিতীয় শ্রেণীৰ অসৎ লোকৰ চক্রটো অধিক আগ্রাসী আৰু প্রভাৱশালী হোৱা দেখা যায়৷ আলফাৰ ক্ষেত্রতো এই অসৎ শ্রেণীৰ লোকসকলে অবৈধভাৱে ধন আৰু ক্ষমতা লাভৰ স্বার্থত বৰুৱাক মিছা কথাৰে বিভ্রান্ত কৰি তেখেতৰ ভাবমূর্তিত কালিমা সানিলে আৰু আলফাক ৰাইজৰ পৰা বিচ্ছিন্ন কৰি পেলালে৷
বিশ্বস্ত মধ্যস্থতাকাৰীসকল
পৰেশ বৰুৱাৰ অতি নিকট আৰু বিশ্বস্ত বুলি পৰিচিত দুই–চাৰি ব্যক্তিৰ সততা, নিৰপেক্ষতা আৰু দেশপ্রেমৰ ওপৰত কাৰো সন্দেহ নাই৷ কিন্তু এই চক্রটোৰ সৰহভাগেই চতুৰ দালাল বুলিহে ৰাইজ পতিয়ন গৈছে৷ তেওঁলোকে বৰুৱাৰে থকা ঘনিষ্ঠতাৰ সুবাদত ৰাইজক নগুৰ–নাগতি কৰিছে৷ অসৎ উপায়েৰে সীমাহীন ধন–সম্পত্তিৰ পাহাৰ গঢ়িছে৷ এই মধ্যভোগী চক্রটোৰ মাজত অন্যান্যৰ উপৰি বহুতো প্রখ্যাত লেখক–বুদ্ধিজীৱী, বিয়াগোম সাংবাদিক, ব্যৱসায়ী, ৰাজনীতিবিদৰ পৰা হাইক’টৰ উকীললৈকে অনেক লোক সক্রিয় হৈ আছে৷ এই চক্রটোৰ বিৰুদ্ধে যুদ্ধ কৰাটো বৰ কঠিন কাম৷ কাৰণ, একাংশ বাতৰিকাকত আৰু টিভি চেনেলৰ প্রত্যক্ষ পৃষ্ঠপোষকতাত এই চক্রটোৰ মুখীয়ালসকলে নিজকে অসমীয়া জাতিৰ ভাগ্যবিধাতা বুলি প্রতিষ্ঠা কৰি আহিছে৷
পৰেশ বৰুৱাই বিচাৰক বা নিবিচাৰক, এই দালাল চক্রটোৱে কিন্তু আলোচনা সফল হোৱাটো কেতিয়াও নিবিচাৰে৷ কাৰণ, আলফাৰে আলোচনা সফল হ’লে বৰুৱা ৰাইজৰ মাজলৈ ঘূৰি আহি জাতীয় জীৱনৰ প্রকৃত ছবিখন দেখা পাব৷ এনে অৱস্থাত এই মধ্যভোগী চক্রটোৱে ইমানদিনে আলফাৰ সহজ–সৰল কেডাৰসকলক হাতত ৰাখি ৰাইজৰ মূৰত কঁঠাল ভাঙি খোৱা প্রক্রিয়াটোৰ মুদা মৰিব৷ গতিকে এই চক্রটোৱে বাতৰিকাকতবোৰত গৰম মচলা ঢ়ালি দিব আৰু টিভি ‘টক শ্ব’’বোৰত তথাকথিত ‘আপোচবিহীন সংগ্রামখন’, ‘স্বাভিমান’, ‘জাত্যাভিমান’, ‘অসম আৰু ভাৰতৰ মাজৰ সংঘাত’, ‘স্বাধীনতাৰ দাবীৰ ওপৰত আলোচনা হ’বই লাগিব’ আদি অনেক কথাৰ ফুলজাৰিৰে বৰুৱাৰ মনত ‘আলোচনা মানেই আপোচ’– এনে জাতীয় ভাবৰ সৃষ্টি কৰিব পাৰিলেই এই চক্রটোৰ অভীষ্ট সিদ্ধি হ’ব৷ এনে পৰিৱেশত বৰুৱাই শেষ মুহূর্তত আলোচনাৰ পৰা পশ্চাদগমন কৰিলেও আচৰিত হ’ব লগা নাথাকিব৷ গতিকে চৰকাৰ, অসমৰ সচেতন ৰাইজ আৰু স্বয়ং পৰেশ বৰুৱাই শক্তিশালী মধ্যভোগী চক্রটোক চিনাক্ত কৰি একাষৰীয়া কৰিব লাগিব৷ সংবাদ মাধ্যমৰো গধুৰ দায়িত্ব আছে৷ একাংশ ‘মিডিয়া বেৰন’–এ সংবাদ মাধ্যমৰ স্বাধীনতাৰ নামত যিহকে–তিহকে কৰিব, এনে কথা হ’ব নোৱাৰে৷ কোনো ব্যক্তি, অনুষ্ঠান–প্রতিষ্ঠান বা সংগঠন দেশৰ স্বার্থতকৈ ডাঙৰ হ’ব নোৱাৰে৷ ৰাইজৰ কল্যাণৰ স্বার্থত শান্তি আৰু প্রগতিয়েই শেষ কথা৷
বিগত প্রায় ৪০ বছৰৰ অভিজ্ঞতাৰে বৰুৱাই নিশ্চয় উপলব্ধি কৰিছে যে বন্দুকৰ নলীৰে ৰাইজৰ কণ্ঠ দীর্ঘদিনলৈ অৱৰুদ্ধ কৰি ৰাখিব নোৱাৰি বা এচাম অপৰাধপ্রৱণ আৰু স্বার্থপৰ মধ্যভোগীৰ চিঞৰ–বাখৰে কোনো সংগঠনৰ ভেটি ধৰি ৰাখিব নোৱাৰে৷ ১৯৮০ চনৰ পৰা ২০২১ চনলৈ এই সময়ছোৱাত দ্রুতগতিত অসমৰ জনগাঁথনিৰ পৰিৱর্তন হৈছে৷ বর্তমান প্রায় ৩৫টা মান বিধানসভা সমষ্টি অসমৰ থলুৱা (থলুৱা মুছলমানকে ধৰি) মানুহৰ হাতৰ পৰা চিৰদিনলৈ ওলাই গ’ল৷ যমুনামুখ, বৰপেটা, বাঘবৰ, জনিয়া, সৰুক্ষেত্রী আদি সমষ্টিৰ থলুৱা ভূমিপুত্রসকলৰ চকুপানী এবাৰলৈ প্রত্যক্ষ কৰক৷
হৈ যোৱা নির্বাচনটোৰ কথাই গভীৰভাৱে অনুধাৱন কৰিবলৈ চেষ্টা কৰকচোন৷ ওপৰত উল্লেখ কৰা মধ্যভোগী চক্রটোৱে একাংশ সংবাদ মাধ্যমৰ পৃষ্ঠপোষকতাত নিজকে অসমৰ ৰাইজৰ অভিভাৱক তথা মুখপাত্র হিচাপে ঘোষণা কৰি আহিছিল৷ ইয়াৰে বহুতেই আকৌ এটা মধ্যযুগীয় চিন্তাধাৰাৰে উজ্জীৱিত সাম্প্রদায়িক দলৰ অনুগ্রহত সাংসদ, এমএলএ বা মন্ত্রী হোৱাৰ সপোন দেখিছিল৷ অসমৰ পৰিপক্ব ভোটাৰ ৰাইজে এইসকলক নিষ্ঠুৰভাৱে প্রত্যাখ্যান কৰিলে৷ অসমৰ ৰাইজে বর্তমান পৰিৱর্তিত পৰিস্থিতিত হত্যা–হিংসা–পহৰণ্ আদি সংঘটিত হোৱাটো নিবিচাৰে৷ যদি আলোচনা সফল হয়, তেন্তে অসমৰ ৰাইজে আপোনালোকক হিয়া উজাৰি, বুকুৰ চেনেহেৰে আঁকোৱালি ল’ব৷ নগণ্যসংখ্যক মানুহৰ বাধা–বিঘিনি সাহসেৰে অতিক্রম কৰি অসমৰ ৰাইজৰ হূদয়ৰ আহ্বান গ্রহণ কৰক৷