নিয়মীয়া বাৰ্তা ১৭ জুনঃ ৰাজ্য চৰকাৰৰ প্রশাসনিক দুর্বলতাৰ সুযোগ গ্রহণ কৰি ধনশিৰি মহকুমাৰ অসম–নাগালেণ্ড সীমান্তৰ এ, বি আৰু চি ছেক্টৰৰ বৃহৎ এলেকাত নাগালেণ্ড প্রশাসনে ভূমি বেদখল কৰি গাঁও, মহকুমা স্থাপন কৰি আহিছে৷ শেহতীয়াকৈ সীমান্তত অৱস্থিত খাৰুৱা তেলৰ ভাণ্ডাৰত নগাৰ শেনচকু পৰিছে৷ কুম্ভকর্ণ নিদ্রাত অসমৰ প্রশাসন৷ এই লৈ সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰৰ উৰিয়ামঘাট সীমান্তৰ অসম–নাগালেণ্ড সীমান্তৰ বি ছেক্টৰ এলেকাত অৱস্থিত অ’ এন জি চিৰ তৈলখাদত আগ্রাসী নগাৰ শেনচকু পৰিছে৷
সীমান্তৰ তিনিখন নগা বসতিপূর্ণ গাঁৱত থকা অ’ এন জি চিৰ তৈলখাদত খনন আৰু উৎপাদনত অ’ এন জি চিক বাধা প্রদান কৰিছে নগা প্রশাসনে৷ নাগালেণ্ডৰ ডিমাপুৰ জিলা প্রশাসনে এই সন্দর্ভত অ’ এন জি চিৰ যোৰহাটস্থিতAssam & Assam Arakan Basinৰ যোৰহাট চিনামৰাস্থিত কার্যালয়লৈ পত্র প্রেৰণ কৰিছে৷ ধনশিৰি মহকুমাৰ অসম–নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাট সীমান্তৰ ধূপগুৰি, মাজগাঁও, ছালুকপথাৰ গাঁৱৰ সমীপত থকা পিহেখু, ট’কিচে নিকেহি নামৰ নগা গাঁও তিনিখনত থকাONGC DRILLING SITEত কাম বন্ধ কৰি দিছে নাগালেণ্ডৰ প্রশাসনে৷
জানিব পৰা মতে অসমৰ ভৌগোলিক এলেকাৰ অধীনস্থ নগা বসতিপূর্ণ গাঁওকেইখন নাগালেণ্ড প্রশাসনে নিজৰ বুলি দাবী কৰি উক্ত এলেকাত অ’ এন জি চিৰ খননকার্য বন্ধ কৰিবলৈ নাগালেণ্ড প্রশাসনৰ তৰফৰ পৰা অ’ এন জি চিৰ যোৰহাট কার্যালয়লৈ প্রেৰণ কৰে৷ উক্ত গাঁওকেইখন নাগালেণ্ডৰ ডিমাপুৰ জিলাৰ নিউলেণ্ড মহকুমাৰ অন্তর্ভুক্ত বুলি দাবী কৰিছে নগাই৷ নাগালেণ্ড প্রশাসনৰ অনুমতি অবিহনে অ’ এন জি চি কর্তৃপক্ষই খাৰুৱা তেলৰ খনন আৰু উৎপাদন কৰি থকাৰ অভিযোগ কৰিছে নগা প্রশাসনে৷ ১ জুনত পত্র প্রেৰণ কৰাৰ পাছত ৩ জুনৰ পৰা উক্ত এলেকাৰ তিনিটাকৈ অ’ এন জি চিৰ তৈলখাদ বন্ধ হৈ আছে বুলি জানিব পৰা গৈছে৷
ইপিনে ডিমাপুৰ জিলা প্রশাসনৰ নির্দেশৰ ভিত্তিত নিউলেণ্ড মহকুমা প্রশাসনে উল্লিখিত তিনিখন স্থানীয় গাঁৱৰ নগা গাঁওবুঢ়াসকলকো উক্ত এলেকাত অ’ এন জি চিৰ খাৰুৱা তেলৰ খনন আৰু উৎপাদন কৰিবলৈ নিদিবৰ বাবে নির্দেশ দিছে৷ উক্ত ঘটনাৰ আজি ১৪ দিন উকলি যোৱাৰ পাছতো গোলাঘাট জিলা প্রশাসনে নীৰৱ ভূমিকা পালন কৰিছে৷ বন্ধ হৈ আছে তৈলখাদসমূহ৷ যোৱা ৭ জুনত অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্রত শইকীয়াই অসমৰ ৰাজ্যপাল জগদীশ মুখীক এখন পত্রযোগে অৱগত কৰি ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাইছিল৷