প্রাগ বছিমিঃ এবছৰে উৎপাদন বন্ধ হৈ আছে উত্তৰ–পূবৰ সর্ববৃহৎ পলিয়েষ্টাৰ উদ্যোগৰ
নিয়মীয়া বাৰ্তা ১৭ জুনঃ দৰং জিলাৰ ছিপাঝাৰত অৱস্থিত উত্তৰ–পূর্বাঞ্চলৰ ভিতৰতে সর্ববৃহৎ পলিয়েষ্টাৰ উদ্যোগ প্রাগ বছিমি ছিন্থেটিকছ লিমিটেড সম্প্রতি মুৰব্বীবিহীন হৈ পৰাৰ লগতে এবছৰৰো অধিক সময় ধৰি উৎপাদন বন্ধ হৈ থকাৰ পৰিপ্রেক্ষিতত উদ্যোগটোৰ অৱস্থা লাওলোৱা সদৃশ হৈ পৰিছেগৈ৷ আনকি পূর্বৰ পৰিচালন সঞ্চালক পক্ষৰ পৰা উদ্যোগটো আৰু চলাই নিবলৈ অসমর্থ বুলি অসম চৰকাৰক আনুষ্ঠানিকভাৱে অৱগত কৰাৰ পাছতো সম্প্রতি উদ্যোগটোৰ দায়িত্ব ল’বলৈ নতুন উদ্যোগী আগবাঢ়ি নহা বাবেই সম্ভাৱনাময় উদ্যোগটোৰ ভৱিষ্যৎ ক্রমাৎ অন্ধকাৰ দিশলৈ গতি কৰিছে৷
আজি দীর্ঘদিন ধৰি উদ্যোগটোৰ আটাইকেইটা ইউনিটেই বন্ধ হৈ থকা বাবে এতিয়া উদ্যোগটোৰ ভিতৰভাগত বিৰাজ কৰিছে মৰিশালিৰ নিস্তব্ধতাই৷ কেৱল প্রৱেশদ্বাৰত নিৰাপত্তাৰক্ষীৰ পহৰাৰ বাহিৰে আন সকলোৰে আহ–যাহ বন্ধ হৈ পৰাৰ ফলত উদ্যোগটোৰ ভিতৰভাগৰ বহু অংশত ঘাঁহ–বন আৰু হাবি–বননি গজি এক লাওলোৱা অৱস্থালৈ গতি কৰিছে৷ উল্লেখ্য যে আৰম্ভণিৰে পৰা উদ্যোগটোৰ ক্ষেত্রত চৰকাৰৰ কোনো সুপৰিকল্পিত নীতি গ্রহণ নকৰাৰ পৰিপ্রেক্ষিতত সম্ভাৱনাময় উদ্যোগটো এতিয়া পৰিণত হৈ পৰিছে মৃত্যুমুখী৷
লক্ষণীয় যে ১৯৮৮–৮৯ বর্ষত যুটীয়া খণ্ডত স্থাপন কৰা এই উদ্যোগটোৰ নামত ছিপাঝাৰৰ বিজুলীবাৰী গাঁৱত ২৯৯ বিঘা ১ কঠা মাটি চৰকাৰীভাৱে আবণ্টন দিয়া হৈছেল৷ যুটীয়া খণ্ডত স্থাপন কৰা এই উদ্যোগটোৰ ৫১ শতাংশ পাব্লিক শ্বেয়াৰৰ পৰা সংগ্রহ হোৱাৰ বিপৰীতে চৰকাৰৰ অংশ আছিল ২৪ শতাংশ আৰু অংশীদাৰ হিচাপে থকা বোম্বে ছিল্ক মিলৰ স্বত্বাধিকাৰী হেমন্ত ব্যাসৰ বিনিয়োগ আছিল ২৫ শতাংশ৷ কিন্তু চৰকাৰে কেৱল ১৮ শতাংশতে বিনিয়োগ সীমাবদ্ধ ৰাখি উদ্যোগটোৰ পৰিচালন সঞ্চালকৰ দায়িত্ব প্রদান কৰে মুম্বাইৰ প্রখ্যাত উদ্যোগপতি হেমন্ত ব্যাসক৷ অসম চৰকাৰৰো অংশ বিনিয়োগেৰে উদ্যোগটো পোনপটীয়াকৈ আছিল অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধীনত৷ কিন্তু চতুৰ উদ্যোগপতিগৰাকীয়ে পৰিচালন সঞ্চালকৰ দায়িত্ব লৈ অসম ঔদ্যোগিক উন্নয়ন নিগমৰ বিষয়াসকলক ইমানেই অনুগত কৰি ৰাখিবলৈ সক্ষম হ’ল যে প্রাগ বছিমিৰ ক্ষেত্রত হেমন্ত ব্যাসে যি কৰিব সেয়াই হ’ব৷
গুৰুত্বপূর্ণ কথাটো হ’ল প্রাগ বছিমি যেতিয়া স্থাপন কৰা হৈছিল, সেই সময়ত অসম আছিল বিশেষ মর্যাদাপ্রাপ্ত ৰাজ্য৷ যাৰ বাবে কেন্দ্রীয় চৰকাৰে অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলত উদ্যোগ স্থাপনৰ বাবে আগবাঢ়ি অহা উদ্যোগীয়ে লাভ কৰিছিল যথেষ্ট সুবিধা৷ কিন্তু চতুৰ উদ্যোগপতি তথা মুম্বাইৰ বিখ্যাত উদ্যোগ ‘বোম্বে ছিল্ক মিল’ৰ স্বত্বাধিকাৰী হেমন্ত ভাই ব্যাসে অসমৰ নিবনুৱাৰ আশা–ভৰসাৰ স্থল প্রাগ বছিমিক কেৱল নিজৰ মুনাফা অর্জনৰ এটা মাধ্যম হিচাপেহে গ্রহণ কৰিলে৷ বিভিন্ন সময়ত বিভিন্ন বিত্তীয় প্রতিষ্ঠানৰ ঋণ তথা চৰকাৰী সাহায্য আদি লাভ কৰিলে যদিও কাগজে–পত্রই সকলো প্রাগ বছিমিত বিনিয়োগ হোৱাটো দেখুৱাই সকলো কেৱল কুক্ষিগত কৰিলে৷ পৰিণতিত হেমন্ত ব্যাসৰ হিচাপ বহীত প্রাগ বছিমিত সদায় লোকচানেই হৈ আহিল৷ পৰিচালন কর্তৃপক্ষই এই সকলো কথা চকুমুদা কুলিৰ দৰেই সমর্থন কৰি আহিল অসম ঔদ্যোগিক উন্নয়ন নিগমে৷ যাৰ মূল্য ভৰিব লগা হ’ল উদ্যোগটোত কর্মৰত প্রায় চাৰিশ নিয়মীয়া আৰু অনিয়মীয়া থলুৱা শ্রমিকে৷
একেবাৰে নূ্যনতম দৰমহাত নিয়োজিত থলুৱা শ্রমিকখিনিয়ে জীৱনৰ মূল্যৱান সময় প্রাগ বছিমিতে সমর্পণ কৰিলে যদিও বিভিন্ন অজুহাতত উদ্যোগটোৰ উৎপাদনকার্য বন্ধ হৈ পৰাটো আছিল এক নিয়মমাফিক কথা৷ বিপৰীতে কিন্তু নিয়মীয়া ৰূপত নিযুক্তিপ্রাপ্ত কর্মচাৰীখিনিও বঞ্চিত হ’বলগীয়া হৈছিল প্রাপ্যৰ পৰা৷ উল্লেখ্য যে উদ্যোগটোৰ বাবে প্রয়োজনীয় কেঁচামাল বাহিৰৰ পৰা আনিব লগা হোৱাত মাত্রাধিক ব্যয় আৰু বজাৰত পলিয়েষ্টাৰ সূতাৰ চাহিদা নিম্নগামী হোৱা বাবেই ক্রমান্বয়ে লাওলোৱা অৱস্থালৈ গতি কৰিলে প্রাগ বছিমিয়ে৷ ফলত তিনি মাহ–ছমাহ আনকি এক–ডেৰ বছৰ পর্যন্তও উদ্যোগ বন্ধ হৈ থকাৰ দৰেও ঘটনা নিয়মমাফিক হৈ পৰিল৷বর্তমানৰ ১৫নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিৰ তিনিশ বিঘা মূল্যৱান ভূমিৰ বিশাল চৌহদৰ প্রাগ বছিমি উদ্যোগটো আৰম্ভণি অৱস্থাত সূতা উৎপাদন, বিশুদ্ধকৰণ, ৰং কৰা, পেকেটিং আদিকে ধৰি তিনিটা বৃহৎ ইউনিটৰ এটা সম্পূর্ণ উদ্যোগ আছিল যদিও দিন যোৱাৰ লগে লগে এটা এটাকৈ বন্ধ হৈ পৰিল বিভিন্ন ইউনিটসমূহ৷
অৱশ্যে ভাৰতীয় জনতা পার্টীৰ প্রথমটো কার্যকালৰ আৰম্ভণিতে ৬৫ কোটি টকা চৰকাৰে প্রদান কৰি সেই সময়ত বন্ধ হৈ থকা উদ্যোগটো কার্যক্ষম কৰাৰ বাবে চেষ্টাও চলাইছিল৷ কিন্তু তাৰ পাছতো সম্পূর্ণ কার্যক্ষম হোৱা নাছিল৷ বিগত সময়ত কেৱল এটা ইউনিট চলি থকাৰ সময়তে ক’ভিডৰ পৰিপ্রেক্ষিতত ২০২০বর্ষৰ ২২ মার্চৰ পৰা বন্ধ হৈ পৰে উদ্যোগটো৷ অৱশ্যে বিগত বর্ষত ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ সময়তো বন্ধ হৈয়েই ৰ’ল প্রাগ বছিমি৷ এইক্ষেত্রত পৰিচালন কর্তৃপক্ষই প্রকাশ কৰা মতে উদ্যোগটোত সেই সময় পর্যন্ত নিয়মীয়া হিচাপে কর্মৰত প্রায় ২৫০গৰাকী শ্রমিক–কর্মচাৰীৰে যি হাৰত উৎপাদন চলিব লাগিছিল, সেয়া নোহোৱা বাবেই দৈনিক লোকচানৰ সন্মুখীন হৈ আহিছিল৷
ইফালে বিগত বর্ষৰ ১১ নৱেম্বৰত তদানীন্তন উদ্যোগমন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে পৰিদর্শন কৰে যদিও কোনো এটা সমাধান সূত্র আগবঢ়াব নোৱাৰিলে৷ কিন্তু আটাইতকৈ উদ্বেগজনক কথাটো হ’ল এনে অচলাৱস্থাৰ মাজতেই চলিত বর্ষৰ ১ জানুৱাৰীত আকস্মিকভাবে মৃত্যু হয় পৰিচালন সঞ্চালক হেমন্ত ব্যাসৰ৷ আৰু তাৰ পাছতেই হেমন্ত ব্যাসৰ পুত্র দেৱাংগ ব্যাসে এখন পত্রৰ জৰিয়তে প্রাগ বছিমি চলাবলৈ অপাৰগ বুলি অসম চৰকাৰৰ ঔদ্যোগিক উন্নয়ন বিভাগক অলগত কৰে৷ কিন্তু অসম ঔদ্যোগিক উন্নয়ন নিগমৰ শেহতীয়া স্থিতি একেবাৰেই সন্তোষজনক নহয়৷ চিঠি এখন দিয়েই দায়িত্ব সামৰাৰ পাছত ঔদ্যোগিক উন্নয়ন নিগমে কোনো ধৰণৰ বিশেষ তৎপৰতা গ্রহণ কৰা নাই এইপর্যন্ত৷ এনে পৰিপ্রেক্ষিতত এতিয়া জীৱন–জীৱিকাৰ এক অনিশ্চয়তাত ভুগি আছে উদ্যোগটোত অন্তিম মুহূর্তলৈ কর্মৰত হৈ থকা আঢ়ৈ শতাধিক কর্মচাৰী৷
স্থবিৰ হৈয়েই ৰ’ল প্রাগজ্যোতিকা টেক্সটাইল পার্কঃ ইফালে প্রাগ বছিমি ছিন্থেটিকছ লিমিটেডক মাতৃ উদ্যোগ হিচাপে লৈ অন্যান্য সৰু সৰু উদ্যোগ স্থাপনৰ উদ্দেশ্যে প্রাগ বছিমি চৌহদত স্থাপন কৰা হৈছিল এখন মেগা টেক্সটাইল পার্ক৷ ইয়াৰ বাবে প্রাগ বছিমিৰ ৩০০ বিঘা ভূমিৰ পৰা চৌহদত লাগি থকা কিন্তু ব্যৱহাৰ নোহোৱাকৈ থকা ২০০ বিঘা ভূমি টেক্সটাইল পার্কলৈ হস্তান্তৰ কৰাও হৈছিল৷ ২০১৬ বর্ষতে কেন্দ্রীয় চৰকাৰৰ বস্ত্র মন্ত্রালয়ে অনুমোদন দিয়া এই পার্কৰ বাবে আনকি কেইবাকোটি টকাও মোকলাই দিছিল৷ নির্মাণকার্য আৰম্ভও হৈছিল এই মেগা পার্কৰ৷ কিন্তু সেয়াও হ’ল বুমেৰাং৷ ক’ৰ পইচা ক’ত কেনেকৈ খৰচ হ’ল, তাৰ কোনো চাওঁতা যেন নাই৷ টেক্সটাইল পার্কৰ নামত পৰি আছে কেইটামান গৃহ৷ যিহেতু প্রাগ বছিমিৰ এতিয়া অচলাৱস্থা, তেনে ক্ষেত্রত এই উদ্যোগক কেন্দ্র কৰি টেক্সটাইল পার্ক যে ফলপ্রসূ হ’ব, সেয়া এতিয়া সন্দেহৰ আৱর্তত৷লক্ষণীয় যে প্রাগ বছিমিত কোনোমতে উৎপাদন আৰম্ভ কৰিলেও আজিৰ অৱস্থাত সেয়া কিমান দীর্ঘম্যাদী, সেয়াও হ’ব লক্ষণীয়৷তদুপৰি এটা বৃহৎ উদ্যোগ স্থাপন কৰিবলৈ উদ্যোগীয়ে আগ্রহ প্রকাশ নকৰিলে ৩০০ বিঘা ভূমিত নূ্যনতম ত্রিশটা ক্ষুদ্র উদ্যোগ স্থাপন কৰিলেও বহুসংখ্যক নিবনুৱাৰ কর্মসংস্থাপনৰ বাট মুকলি হোৱাৰ সম্ভাৱনা আছে৷ কিন্তু ইয়াৰ বাবে চৰকাৰৰ সদিচ্ছা থকাৰ লগতে অসম ঔদ্যোগিক উন্নয়ন নিগমত নিয়োগ কৰিব লাগিব গতিশীল বিষয়া৷