নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰৰ নাৰায়ণপুৰত নিৰ্মীয়মান মাধৱদেৱ কলাক্ষেত্ৰ পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে

নিয়মীয়া বাৰ্তা, ২২ জুনঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত নিৰ্মীয়মাণ মাধবদেৱ কলাক্ষেত্ৰ পৰিদৰ্শন কৰি কামৰ অগ্ৰগতি বুজ ল’লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷

ঐতিহ্যমণ্ডিত নাৰায়ণপুৰৰ শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ শ্ৰীকান্ত গোস্বামীয়ে দান সূত্ৰে আগবঢ়োৱা ৪৪ বিঘা ভূমিত চলি আছে মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণৰ কাম।

উল্লেখ্য যে ২০০৭ চনৰ ২৩ মাৰ্চত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মাধবদেৱ কলাক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰিছিল যদিও কংগ্ৰেছ চৰকাৰৰ দিনত সেই কাম হৈ নুঠিল। কিন্তু বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত ২০১৯ চনৰ ১৬ আগষ্টত তেতিয়াৰ বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা বদলা সত্ৰৰ প্ৰাংগণত উপস্থিত হৈ কলাক্ষেত্ৰখনৰ কাম ক্ষিপ্ৰগতিত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দি ৩৪ কোটি টকা আবন্টনৰ কথা ঘোষণা কৰিছিল ৷ লগতে কলাক্ষেত্ৰখনৰ সম্পূৰ্ণ আৰ্হি প্ৰস্তুত কৰি ৰাইজৰ সম্মুখত প্ৰদৰ্শন কৰিছিল ৷ ২০২০ চনৰ ৪ জুনত পুনৰ ড° হিমন্ত বিশ্ব শৰ্মা মাধবদেৱ কলাক্ষেত্ৰত উপস্থিত তৃতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপন কৰিছিল ৷

আনহাতে ২০২২ চনৰ এপ্ৰিল মাহত কলাক্ষেত্ৰখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ সময়সীমা ধাৰ্য কৰিছে চৰকাৰে ৷

You might also like