নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাক্তন প্রধানমন্ত্রী দেৱেগৌড়াক ২ কোটি আদায় দিবলৈ নির্দেশ ন্যায়ালয়ৰ

এনআইচিইৰ মানহানি গোচৰ

নিয়মীয়া বাৰ্তা ২৩ জুনঃ নন্দী ইনফ্রাষ্ট্রাকচাৰ ক’ৰিডৰ এণ্টাৰপ্রাইজ লিমিটেড চমুকে এন আই চি ইৰ মানহানি গোচৰত প্রাক্তন প্রধানমন্ত্রী এইচ ডি দেৱেগৌড়াক ২ কোটি টকা আদায় দিবলৈ নির্দেশ দিছে বাংগালুৰুৰ আদালতে৷ উল্লেখ্য যে ২০১১ চনত টেলিভিছন চেনেলৰ এটা সাক্ষাৎকাৰত প্রাক্তন প্রধানমন্ত্রীগৰাকীয়্ এন আই চি ইৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে কোম্পানীটোৱে ক্ষতিপূৰণ হিচাপে মানহানি গোচৰ ৰুজু কৰিছিল৷ এই মানহানি গোচৰটোত আদালতে আজি প্রাক্তন প্রধানমন্ত্রীগৰাকীক্ ২ কোটি টকা কোম্পানীটোক দিবলৈ নির্দেশ দিছে৷ তাৎপর্যপূর্ণ যে কোম্পানীটোৱে প্রাক্তন প্রধানমন্ত্রীগৰাকীৰ্ বিৰুদ্ধে ১০ কোটি টকাৰ ক্ষতিপূৰণ হিচাপে মানহানি গোচৰ ৰুজু কৰিছিল৷ সেই গোচৰৰে ৰায় হিচাপে প্রাক্তন প্রধানমন্ত্রীগৰাকীক্ ২ কোটি টকা আদায় দিবলৈ বাংগালুৰু আদালতে নির্দেশ দিছে৷

You might also like