নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীঘলীপুখুৰীত শ শ মাছৰ মৃত্যুঃ তদন্ত ঘোষণা

নিয়মীয়া বাৰ্তা ২৮ জুনঃ গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীত অস্বাভাৱিক হাৰত মাছৰ মৃত্যু হোৱা পৰিলক্ষিত হয়৷ কালি বিয়লিৰে পৰা আজি পুৱালৈ ঐতিহ্যমণ্ডিত দীঘলীপুখুৰীত শ শ মাছ মৰি ওপঙি উঠাত তীব্র আতংকৰ সৃষ্টি হয়৷ পুখুৰীৰ পানীত অস্বাভাৱিকভাৱে মাছৰ মৃত্যু হোৱাত শ শ লোক পুখুৰীপাৰত উপস্থিত হয়৷ একাংশ লোকে পুখুৰীৰ পানীত বিষক্রিয়া হৈ মাছৰ মৃত্যু হোৱা বুলি সন্দেহ কৰাৰ বিপৰীতে আন একাংশই দীর্ঘদিন ধৰি পুখুৰীৰ পানী পৰিষ্কাৰ নকৰাৰ ফলত মাছৰ মৃত্যু হোৱা বুলি ধাৰণা কৰিছে৷

দেওবাৰে পুৱাৰ ভাগত পুখুৰীৰ পানীত মাছ মৰি ওপঙি উঠাত প্রকৃতিপ্রেমীয়ে উদ্রেক প্রকাশ কৰিছে৷ পুখুৰীত শ শ মাছ মৰি থকাৰ বাতৰি বিভিন্ন মাধ্যমত প্রচাৰ হোৱাত কামৰূপ মহানগৰ জিলা প্রশাসনৰ লগতে মীন বিভাগৰ লোক পুখুৰীপাৰত উপস্থিত হয়৷ মীন বিভাগৰ লোকে বিভিন্ন প্রকাৰে পুখুৰীৰ পানী পৰীক্ষা কৰি মাছৰ মৃত্যু হোৱাৰ প্রকৃত কাৰণ উদ্ঘাটন কৰিবলৈ প্রচেষ্টা চলায়৷ বিভাগীয় মন্ত্রী পৰিমল শুক্লবৈদ্যৰ নির্দেশত মীন বিভাগৰ লোক পুখুৰীপাৰত উপস্থিত হৈ পৰীক্ষা–নিৰীক্ষা চলোৱা পৰিলক্ষিত হয়৷ প্রাথমিক তদন্তত পুখুৰীৰ পানীত অক্সিজেনৰ মাত্রা হ্রাস পোৱাৰ লগতে অতিমাত্রা জৈৱিক পদার্থ জমা হোৱাৰ বাবেই মাছৰ হঠাৎ মৃত্যু হোৱা বুলি ফিছফেডৰ বিভাগীয় বিষয়া–কর্মচাৰীয়ে সদৰী কৰে৷ এই কথা পোহৰলৈ অহাৰ লগে লগে জিলা প্রশাসন আৰু মীন বিভাগৰ লোকে পুখুৰীৰ পানীত অক্সিজেনৰ মাত্রা বৃদ্ধি কৰাৰ বাবে প্রচেষ্টা চলায়৷ উল্লেখ্য যে পুখুৰীৰ পানীত মাছৰ বাবে ৫–১০ শতাংশ ইপিএম অক্সিজেনৰ প্রয়োজন৷

কিন্তু দীঘলীপুখুৰীৰ পানীত অক্সিজেনৰ মাত্রা ২ শতাংশলৈ হ্রাস পোৱাত অস্বাভাৱিক হাৰত মাছৰ মৃত্যু হোৱা বুলি জানিব পৰা হৈছে৷ বেচৰকাৰী হিচাপ মতে, ৫ কুইণ্টল বিভিন্ন প্রজাতিৰ থলুৱা মাছৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ মীন বিভাগৰ লোকে মৰা মাছকেইটা পানীৰ পৰা উঠাই অনাৰ লগতে পৰৱর্তী সময়ত যাতে পুখুৰীত মাছ মৰিব নোৱাৰে, তাৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিছে৷ ইপিনে, এই খবৰ পোৱা মাত্রেই মীনমন্ত্রী পৰিমল শুক্লবৈদ্যই বিভাগীয় কর্তৃপক্ষক এই সন্দর্ভত তদন্তৰ নির্দেশ দিয়ে৷ বিভাগীয় বিষয়া–কর্মচাৰীয়ে পানীৰ নমুনা পৰীক্ষা কৰি পানীত অক্সিজেনৰ পৰিমাণ হ্রাস পোৱা বাবে মাছৰ মৃত্যু হোৱা বুলি মন্ত্রীক অৱগত কৰাৰ পিছত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰিবলৈ নির্দেশ দিয়ে৷ মন্ত্রীৰ নির্দেশ মতে মীন বিভাগৰ বিষয়া–কর্মচাৰীয়ে পানীৰ পাম্প আৰু নৌকাৰ সহায়ত অক্সিজেনৰ পৰিমাণ বৃদ্ধিৰ বাবে প্রচেষ্টা চলাইছে৷ উল্লেখ্য যে পর্যটন বিভাগৰ অধীনত থকা দীঘলীপুখুৰীত ক’ৰোনাসৃষ্ট পৰিৱেশৰ বাবে নাৱৰ চলাচল বন্ধ হৈ পৰিছে৷ ফলত পানীত জৈৱিক পদার্থ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে৷

You might also like