নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপ মেট্র’–শোণিতপুৰ গোলাঘাটত বৃদ্ধি পজিটিভিটীৰ হাৰ

ৰাজ্য চৰকাৰলৈ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পত্র

নিয়মীয়া বাৰ্তা ২ জুলাইঃ ক’ৰোনাৰ সংক্রমণ হ্রাস পোৱাৰ সময়তে ৰাজ্যৰ চাৰি জিলাৰ ক’ভিড পৰিস্থিতিক লৈ  উদ্বিগ্ণ হৈ পৰিছে কেন্দ্রীয় চৰকাৰ৷ কেন্দ্রৰ ৰেড জ’নত অন্তর্ভুক্ত হোৱা বিশ্বনাথ, চৰাইদেউ, নলবাৰী আৰু মৰিগাঁও জিলাক লৈ চিন্তনীয় হৈ পৰা স্বাস্থ্য মন্ত্রালয়ে শেহতীয়াকৈ অসম চৰকাৰলৈ পত্র প্রেৰণ কৰি কঠোৰভাৱে এছ অ’ পি পালনৰ পৰামর্শ দিছে৷

স্বাস্থ্য মন্ত্রালয়ৰ সচিব ৰাজেশ ভূষণে প্রেৰণ কৰা এই পত্রত যোৱা ২১ জুনৰ পৰা ২৭ জুনলৈ বিশ্বনাথ, চৰাইদেউ, নলবাৰী আৰু মৰিগাঁও জিলাত পজিটিভিটীৰ হাৰ ১০ শতাংশতকৈ অধিক বুলি উল্লেখ কৰি জিলাকেইখনত সংক্রমণ বৃদ্ধিৰ কাৰণ বিশ্লেষণ কৰি প্রয়োজনীয় পদক্ষেপ ল’বলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগক নির্দেশ দিছে৷

লক্ষণীয়ভাৱে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ এই তথ্যৰ বিপৰীতে কিন্তু ৰাজ্য চৰকাৰে চৰাইদেউ আৰু নলবাৰী জিলাত ক’ভিড সংক্রমণ যথেষ্ট হ্রাস পোৱা বুলিহে দাবী কৰিছে৷ ক’ৰোনাৰ তথ্যক লৈ কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ মাজত সৃষ্টি হোৱা বিভ্রান্তিয়ে বিষয়টোক অধিক জটিলতালৈ নিয়াৰ পূর্বেই এই দিশত পর্যালোচনা হ’ব বুলি মন্তব্য কৰে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে, কেন্দ্রীয় চৰকাৰে যি তথ্য দাঙি ধৰিছে, তাৰ বিপৰীতে জিলা চাৰিখনত পূর্বতকৈ পৰিস্থিতি উন্নত হৈছে৷

উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে প্রেৰণ কৰা পত্রত নলবাৰী জিলাত ২১ জুনৰ পৰা ২৭ জুনলৈ পজিটিভিটীৰ হাৰ হৈছে ১০.১৪ শতাংশ৷ ইয়াৰ বিপৰীতে ৰাজ্যৰ তথ্য হৈছে ১.৭৮ শতাংশ৷ একেদৰে চৰাইদেউ জিলাৰ পজিটিভিটীৰ হাৰ কেন্দ্রৰ মতে ১২.৩৬ শতাংশ আৰু ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি ১.৫৪ শতাংশ৷ আনহাতে, মৰিগাঁও জিলাৰ পজিটিভিটীৰ হাৰ কেন্দ্রীয় চৰকাৰৰ মতে, ১১.৪৭ শতাংশৰ বিপৰীতে ৰাজ্যৰ তথ্য হ’ল ৩.৩ শতাংশ৷ ইফালে ২১ জুনৰ পৰা ২৭ জুনলৈ বিশ্বনাথ জিলাৰ পজিটিভিটীৰ হাৰ কেন্দ্রীয় চৰকাৰৰ মতে ১৩.১২ শতাংশ৷ ইয়াৰ বিপৰীতে ৰাজ্য চৰকাৰৰ তথ্য হ’ল ৩.৩ শতাংশ৷

ক’ৰোনা সংক্রমণক লৈ চলি থকা তথ্য বিভ্রান্তিৰ মাজতে ৰাজ্যৰ আন তিনিখন জিলা ক্রমে কামৰূপ মহানগৰ, গোলাঘাট আৰু শোণিতপুৰ জিলাত শেহতীয়াকৈ ক’ৰোনাৰ সংক্রমণ বৃদ্ধি হ’বলৈ লৈছে৷ জিলা তিনিখনৰ শেহতীয়া পৰিস্থিতি সন্দর্ভত পর্যালোচনা চলাই থকা স্বাস্থ্য বিভাগে প্রয়োজনত জিলা তিনিখনত ক’ৰোনাৰ নীতি–নিয়ম কঠোৰভাৱে পালনৰ সিদ্ধান্ত লৈছে৷

বৃহস্পতিবাৰে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই এই সন্দর্ভত প্রকাশ কৰা মতে, কামৰূপ, গোলাঘাট আৰু শোণিতপুৰ জিলাত সংক্রমণৰ হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হোৱা হেতু অহা সোমবাৰৰ পৰা প্রয়োজনত জিলা তিনিখনত এছ অ’ পিৰ কঠোৰ নীতি–নিয়ম বলৱৎ কৰা হ’ব৷ ৰাজ্য চৰকাৰে যিসমূহ জিলাত সংক্রমণ হ্রাস পাইছে, সেই জিলাত শিথিল হ’ব আৰু যিসমূহ জিলাত সংক্রমণ বৃদ্ধি পায়, তাত কঠোৰ নীতি–নিয়ম বলৱৎ কৰিব৷ এইক্ষেত্রত সংক্রমণ বৃদ্ধি পোৱা জিলাকেইখনৰ সকলো অঞ্চলত কঠোৰ নীতি–নিয়ম জাৰি কৰাৰ বিপৰীতে যিসমূহ অঞ্চলত সংক্রমণ বৃদ্ধি পাইছে, সেই অঞ্চলক মিনি কণ্টেইনমেণ্ট জ’ন কৰা হ’ব৷ তদুপৰি সংক্রমণ বৃদ্ধি পোৱা জিলাত ভেকচিন প্রদান বৃদ্ধি কৰা হ’ব৷ মন কৰিবলগীয়া যে যোৱা ২১ জুনৰ পৰা ৩০ জুনলৈ ৰাষ্ট্রীয় স্বাস্থ্য মিছনৰ তথ্য অনুসৰি গোলাঘাটত ২,৫৩৬জন, শোণিতপুৰত ১,৯৮৮জন, কামৰূপ মহানগৰত ১,৬৪৩জন, বিশ্বনাথত ১,৩৪৮জন আৰু মৰিগাঁৱত ১,১৭৫জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷
ৰাষ্ট্রীয় চিকিৎসক দিৱসত চিকিৎসকক কৃতজ্ঞতা স্বাস্থ্যমন্ত্রীৰ
ৰাষ্ট্রীয় চিকিৎসক দিৱস উপলক্ষে আজি ৰাজ্যত চিকিৎসকসকললৈ শুভেচ্ছা আৰু কৃতজ্ঞতা জনায় স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ কামৰূপ মহানগৰ জিলাৰ অন্তর্গত ক্ষেত্রী ৰাজ্যিক চিকিৎসালয়ত এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত অংশ লৈ স্বাস্থ্যমন্ত্রীগৰাকীয়্ কয়– এক সুস্থ জীৱন যাপনৰ ক্ষেত্রত আমাৰ সমাজত প্রতিগৰাকী লোকৰ বাবেই চিকিৎসকসকল হৈছে মূল সাৰথি৷ ৰোগাক্রান্ত আর্তজনক চিকিৎসাৰে মানৱ জাতিলৈ অতুলনীয় সেৱা আগবঢ়াই আহিছে চিকিৎসকসকলে৷ ক’ভিড অতিমাৰীৰ বিৰুদ্ধেও চলোৱা যুঁজত আমাৰ চিকিৎসকসকলে সমুখৰ পৰা নেতৃত্ব লোৱাৰ লগতে ৰাইজৰ জীৱন সুৰক্ষিত কৰিবলৈ সেৱাৰ মনোভাবেৰে দিনে–নিশাই ব্রতী হৈ আছে৷ স্বাস্থ্যমন্ত্রীগৰাকীয়ে এই সময়ছোৱাত মৃত্যুক সাবটি লোৱা চিকিৎসকসকলকো শ্রদ্ধাৰে সোঁৱৰে৷ উল্লেখ্য যে ভাৰতৰত্ন ডাঃ বিধান চন্দ্র ৰয়ৰ প্রতি সন্মান জনাই ১৯৯২ চনৰ পৰা ১ জুলাইৰ দিনটো ৰাষ্ট্রীয় চিকিৎসক দিৱস হিচাপে পালন কৰি অহা হৈছে৷ আজি এক অনুষ্ঠানত স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব সিদ্ধার্থ সিং, এন এইচ এমৰ সঞ্চালক ডাঃ এছ লক্ষ্মণন, স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰথীন্দ্র ভূঞা, স্বাস্থ্য সেৱা (পৰিয়াল কল্যাণ) সঞ্চালক মনীন্দ্র নাথ নাটে, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বর্মন, এন এইচ এমৰ কার্যবাহী সঞ্চালক মনোজ চৌধুৰীৰ লগতে স্বাস্থ্য বিভাগৰ কেইবাজনো শীর্ষ বিষয়া উপস্থিত থাকে৷ এই অনুষ্ঠানতে স্বাস্থ্যমন্ত্রীগৰাকীয়্ ‘স্বাস্থ্য দাপোণ’ শীর্ষক এখন তিনিমহীয়া বার্তালোচনীৰ প্রস্তাৱনাৰ সংখ্যাটো উন্মোচন কৰে৷

You might also like