জনবিস্ফোৰণ হৈছে অসমৰ বৃহৎ সমস্যা
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰে ‘আলাপ–আলোচনা’ত খিলঞ্জীয়া মুছলমানৰ ডেৰ শতাধিক প্রতিনিধিৰ সহমত
নিয়মীয়া বাৰ্তা ৫ জুলাইঃ ৰাজ্যখনত বসবাস কৰা ধর্মীয় সংখ্যালঘুসকলৰ সবলীকৰণৰ বাবে ঐতিহাসিক পদক্ষেপ গ্রহণ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ স্বাধীনতাৰ পাছত প্রথমবাৰৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগত ধর্মীয় সংখ্যালঘুসকলৰ সবলীকৰণৰ বাবে কেনেধৰণৰ পদক্ষেপ গ্রহণ কৰি আগবাঢ়িব লাগিব, সেই সম্পর্কত জনগোষ্ঠীটোৰ বিশিষ্ট বুদ্ধিজীৱী, চিকিৎসক, অধ্যাপক, অধিবক্তা, সমাজকর্মী, আদিৰ সৈতে ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে মত বিনিময় কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই দেওবাৰে খানাপাৰাস্থিত অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত ‘আলাপ–আলোচনাঃ ধর্মীয় সংখ্যালঘুসকলৰ সবলীকৰণ’ শীর্ষক এক বিশেষ অনুষ্ঠানত অসমৰ খিলঞ্জীয়া মুছলমানসকলক প্রতিনিধিত্ব কৰা ডেৰশগৰাকীৰো অধিক বিশিষ্ট ব্যক্তিৰ সৈতে এক সৌহার্দ্যপূর্ণ আলোচনাত মিলিত হয়৷
সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু আৰু মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত আয়োজিত এই বৈঠকত অসমৰ খিলঞ্জীয়া মুছলমান সমাজক প্রভাৱিত কৰা বহুকেইটা আর্থ–সামাজিক দিশৰ ওপৰত আলোচনা কৰা হয়৷ বৈঠকখনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যখনৰ সামগ্রিক বিকাশক এক নতুন মাত্রা প্রদানৰ লক্ষ্যৰে অসম চৰকাৰে আজি এই বিশেষ কার্যসূচীৰ আয়োজন কৰিছে৷ অসমত জনসংখ্যা বিস্ফোৰণ এক বৃহৎ সমস্যা বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে খিলঞ্জীয়া মুছলমানসকল বৃহত্তৰ অসমীয়া সমাজৰ এক অবিচ্ছেদ্য অংগ৷
নিজস্ব সাংস্কৃতিক পৰিচয় অটুট ৰাখি ৰাজ্যখনৰ উন্নয়নত অৱদান আগবঢ়াব পৰাকৈ খিলঞ্জীয়া মুছলমানসকলৰ বিকাশৰ প্রক্রিয়াটোক ত্বৰান্বিত কৰি তুলিব লাগিব৷ বৈঠকত প্রতিনিধিত্ব কৰা জনগোষ্ঠীটোৰ প্রতিনিধিসকলে স্বাধীনতাৰ পাছত পোনপ্রথমবাৰৰ বাবে ৰাজ্যখনৰ খিলঞ্জীয়া মুছলমানসকলৰ সমস্যাৰ বিষয়ে আলোচনা কৰাৰ আগ্রহ প্রকাশ কৰাৰ বাবে তেওঁলোকে মুখ্যমন্ত্রী ড০ শর্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷ ৰাজ্যৰ জনসংখ্যা নিয়ন্ত্রণৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰিব খোজা জনসংখ্যা নীতিৰ প্রতি সমর্থন ব্যক্ত কৰি এই সন্দর্ভত চৰকাৰলৈ প্রয়োজনীয় সকলো ধৰণৰ সহযোগিতা আগবঢ়াই যাব বুলিও ব্যক্ত কৰে৷
বৈঠকখনত বহুকেইগৰাকী প্রতিনিধিয়ে ৰাজ্যৰ বিধানসভা তথা প্রস্তাৱিত উচ্চ সদনত খিলঞ্জীয়া মুছলমানৰ প্রতিনিধিত্ব সুনিশ্চিত কৰা, আজান পীৰ চাহেব, শৰাইঘাট ৰণৰ বীৰ বাঘ হাজৰিকা, শ্বহীদ মোজাম্মিল হক আদিকে ধৰি খিলঞ্জীয়া মুছলমান সম্প্রদায়ৰ ধর্মীয়, ঐতিহাসিক আৰু অন্যান্য ক্ষেত্রৰ বিশিষ্ট ব্যক্তিসকলৰ স্মৃতি ৰক্ষার্থে পদক্ষেপ গ্রহণ কৰা, ৰাজ্যৰ খিলঞ্জীয়া মুছলমানসকলৰ সুকীয়া জৰীপৰ ব্যৱস্থা কৰা আদিকে ধৰি বহুকেইটা গুৰুত্বপূর্ণ পৰামর্শ আগবঢ়ায়৷ প্রায় আঢ়ৈ ঘণ্টা ধৰি চলা বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত কয় যে সাহিত্য, সংস্কৃতি, শিক্ষা, স্বাস্থ্য আদি বিভিন্ন দিশৰ সৈতে জড়িত খিলঞ্জীয়া মুছলমান সম্প্রদায়ৰ ডেৰশতকৈও অধিক প্রতিনিধিৰ সৈতে দেওবাৰে হোৱা আলোচনাত জনসংখ্যা বিস্ফোৰণৰ সমস্যাটো তেওঁলোকেও বৃহৎ সমস্যা ৰূপে স্বীকাৰ কৰে৷
অসমীয়া মুছলমানসকলৰ সুকীয়া সাংস্কৃতিক ঐতিহ্যক বর্তাই ৰখা সম্পর্কতো তেওঁলোকে বিভিন্ন পৰামর্শ আগবঢ়ায়৷ জনগোষ্ঠীটোৰ স্বাস্থ্য, শিক্ষা, দক্ষতা বিকাশ, মহিলা সবলীকৰণ, সাংস্কৃতিক পৰিচয়, জনসংখ্যাৰ সুস্থিৰতা, বিত্তীয় অন্তর্ভুক্তিসহ ৮ খণ্ডত উপ–সমিতি গঠনৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ সেই ৮টা বিষয়ত অধ্যয়নৰ বাবে সম্প্রদায়টোৰ প্রতিনিধিসকলক লৈ ৰাজ্য চৰকাৰে ৮খন উপ–সমিতি গঠন কৰিব৷ সম্প্রদায়টোৰ এগৰাকী ব্যক্তিক অধ্যক্ষ আৰু এগৰাকী চৰকাৰী বিষয়াক সদস্য সচিব হিচাপে লৈ গঠন কৰিবলগীয়া উপ–সমিতিসমূহে তেওঁলোকৰ ওপৰত ন্যস্ত কৰা নির্দিষ্ট বিষয় সন্দর্ভত বিস্তৃত আলাপ–আলোচনাৰ অন্তত তিনি মাহৰ ভিতৰত তেওঁলোকৰ পৰামর্শাৱলীসহ প্রতিবেদন চৰকাৰক দাখিল কৰিব৷ সেই পৰামর্শাৱলীৰ ভিত্তিত ৰাজ্য চৰকাৰে খিলঞ্জীয়া মুছলমান সমাজৰ সবলীকৰণৰ বাবে এক ৰোডমেপ প্রস্তুত কৰিব আৰু পৰৱর্তী ৫ বছৰৰ ভিতৰত ইয়াক ৰূপায়ণৰ পদক্ষেপ গ্রহণ কৰিব৷
মুখ্যমন্ত্রী ড০ শর্মাই জানিবলৈ দিয়া মতে, অহা দুই–এদিনতে এই সম্পর্কত পূর্ববংগীয় মুছলমানৰ সৈতে চৰকাৰে আন এলানি বৈঠকত মিলিত হ’ব৷ খিলঞ্জীয়া মুছলমান আৰু পূর্ববংগীয় মুছলমান দুয়োটাৰে মাজত যিহেতু সাংস্কৃতিক পার্থক্য আছে, সেয়ে পূর্ববংগীয় মুছলমানসকলৰ সৈতে পৃথকে মত বিনিময় কৰিব৷ এই বৈঠকত কোনো ৰাজনৈতিক ব্যক্তিক আমন্ত্রণ কৰা হোৱা নাই বুলি জানিবলৈ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ধর্মীয় সংখ্যালঘুৰ ৰাজনৈতিক দল, বিধায়ক আৰু জনগোষ্ঠীটোক প্রতিনিধিত্ব কৰা ছাত্র–সামাজিক সংগঠনসমূহৰ লগত পৰৱর্তী পর্যায়ত চৰকাৰে আলোচনাত মিলিত হ’ব৷
এই বৈঠকখনত পদ্মশ্রী ডাঃ ইলিয়াছ আলী, সাহিত্যিক এলি আহমেদ, গুৱাহাটী আই আই টিৰ প্রাক্তন অধ্যাপক আবু নাছেৰ চৈয়দ আহমেদ, অৱসৰপ্রাপ্ত আই এ এছ বিষয়া আফছাৰ আলী হাজৰিকা, ভাৰতীয় সেনাৰ অৱসৰপ্রাপ্ত কর্নেল চৈয়দ ইবনুল হুদা, বিশিষ্ট সাংবাদিক ৱাছবিৰ হুছেইন, অধিবক্তা নেকিবুৰ জামান, বিশিষ্ট সাংবাদিক তথা জনপ্রিয় ছেটেলাইট চেনেল ‘নিউজ লাইভ’ৰ চীফ মেনেজিং এডিটৰ চৈয়দ জাৰিৰ হুছেইন, নুৰুল চুলতান, চৈয়দ এছ কে আলম, ড০ এছ আই আহমেদ আদি উপস্থিত থাকে৷
বৈঠক সম্পর্কত সংবাদ মাধ্যমৰ আগত ‘নিউজ লাইভ’ৰ চীফ মেনেজিং এডিটৰ চৈয়দ জাৰিৰ হুছেইনে কয় যে এই বৈঠকখনত প্রতিনিধিসকলে খিলঞ্জীয়া মুছলমানসকলক সংখ্যালঘু হিচাপে ব্যৱহাৰ নকৰি অসমীয়া হিচাপে মান্যতা দিবলৈ পৰামর্শ আগবঢ়ায়৷ তদুপৰি খিলঞ্জীয়া মুছলমানৰ জনসংখ্যা সম্পর্কতো চৰকাৰক এক জৰীপ কৰিবলৈ আহ্বান জনায়৷ খিলঞ্জীয়া মুছলমানসকলৰ সমস্যা আৰু তেওঁলোকৰ আশা–আকাংক্ষা ৰূপায়ণৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই যি পদক্ষেপ লৈছে, এই পদক্ষেপক লৈ সমাজলৈ এক শক্তিশালী বার্তা যাব বুলি তেওঁ মন্তব্য কৰে৷
সেইদৰে অধিবক্তা নেকিবুৰ জামানে চাৰিটা দশকৰ পাছত পোনপ্রথমবাৰৰ বাবে খিলঞ্জীয়া মুছলমানক লৈ চৰকাৰে বৈঠক আহ্বান কৰাৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাক ধন্যবাদ জ্ঞাপন কৰি কয় যে অসমীয়া মুছলমানসকল ইমানদিনে অৱহেলিত, লাঞ্ছিত, বঞ্চিত, শোষিত হৈ আহিছে৷ অসমৰ ১.২২ কোটি ধর্মীয় সংখ্যালঘুৰ ভিতৰত ৪২ লাখ খিলঞ্জীয়া মুছলমান আছে৷ কিন্তু এই খিলঞ্জীয়া মুছলমানসকলে কেন্দ্রীয় চৰকাৰৰেই হওক বা ৰাজ্য চৰকাৰৰেই হওক, উন্নয়নমূলক কামৰ কোনো সুবিধা নাপায়৷ জনগোষ্ঠীটোৰ পৰা জনপ্রতিনিধিও নাই৷ তদুপৰি জনগোষ্ঠীটোৰ ইতিহাস, ঐতিহ্য সংৰক্ষণৰ বাবেও চৰকাৰক অনুৰোধ জনোৱা হয়৷ একেদৰে নুৰুল চুলতানে বৈঠকখনত খিলঞ্জীয়া মুছলমানসকলৰ সমস্যা আৰু মর্মবেদনা দাঙি ধৰি ৰাজনৈতিক প্রতিনিধিত্ব, আজান পীৰ কলাক্ষেত্র, সাংস্কৃতিক বিকাশ, উজনিৰ সাঁচি ব্যৱসায়ক সৰলীকৰণ কৰা, চৈয়দ আব্দুল মালিক সাহিত্য বঁটা প্রৱর্তন, স্ত্রী শিক্ষাত গুৰুত্ব, অপ্রয়োজনীয় মাদ্রাছাৰ অনুমতি নিদিয়া, দক্ষতা বৃদ্ধি আৰু নিয়োগ আদি বিভিন্ন দিশত আলোকপাত কৰে৷ তেওঁ লগতে উজনি অসমত দুটা আৰু নামনি–মধ্য অসমৰ মুছলমানপ্রধান ১৩টা বিধানসভা সমষ্টি খিলঞ্জীয়া মুছলমানৰ বাবে সংৰক্ষণৰ বাবেও চৰকাৰক আহ্বান জনায়৷ তদুপৰি জনসংখ্যা নীতি কঠোৰ কৰিবলৈ আহ্বান জনোৱাৰ লগতে খিলঞ্জীয়া মুছলমানসকলক সংখ্যালঘু আখ্যা দিয়াটো চৰকাৰীভাৱে বন্ধ কৰাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনায়৷