বানপানীৰ সময়ত জীৱ–জন্তুৰ সুৰক্ষাঃ কাজিৰঙাত ৪০ কিঃমিঃৰ অধিক গতিত যান–বাহনৰ চলাচলত নিষেধাজ্ঞা
নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ বানপানীৰ সময়ত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ বনৰীয়া জীৱ–জন্তু প্রাণৰ মমতাত ৰাষ্ট্রীয় উদ্যানৰ পৰা ওলাই আহি ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত আশ্রয় লয় অথবা ঘাইপথটো পাৰ হৈ ওখ অঞ্চলসমূহলৈ গতি কৰে৷ তেনেক্ষেত্রত পথটোৰ দাঁতিত থাকোঁতে অথবা পাৰ হৈ যাওতে বহুসংখ্যক জীৱজন্তু গাডীৰ খুন্দাত মৃত্যু হয় অথবা আঘাতপ্রাপ্ত হয়৷ এই জীৱজন্তুসমূহৰ সুৰক্ষাৰ বাবে বোকাখাতৰ মহকুমা দণ্ডাধীশ বিপুল দাসে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ সংলগ্ন এলেকাত ৩০ জুনৰ পৰা বলৱৎ হোৱাকৈ ১৪৪ ধাৰা জাৰি কৰিছে৷
সেই অনুসৰি কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ পাণবাৰী এনিমেল ক’ৰিডৰৰ পৰা হালধিবাৰীলৈকে ৩৭নং ৰাষ্ট্রীয় ঘাইপথত কোনো বাহন ৪০ কিঃ মিটাৰকৈ অধিক বেগত চলাব নোৱাৰিব৷ তদুপৰি উক্ত নির্ধাৰিত এলেকাৰ পথৰ দাঁতিত থকা হোটেল, ধাবা তথা ৰেষুটৰেণ্টসমূহৰ সন্মুখত গধুৰ যান–বাহন পার্কিং কৰি ৰাখিব নোৱাৰিব৷ কোনো ব্যক্তিয়ে এই নির্দেশনা অমান্য কৰিলে ভাৰতীয় দণ্ডবিধি আইন ১৮৮ ধাৰাৰ অধীনত যথোপযুক্ত ব্যৱস্থা গ্রহণ কৰা হ’ব৷