কেন্দ্রীয় কেবিনেটত সোণোৱালক ২ দপ্তৰ
পাঁচ ৰাজ্যৰ নির্বাচনৰ প্রতি লক্ষ্য ৰাখি মোদীৰ পদক্ষেপঃ ৰাষ্ট্রপতি ভৱনত শপতগ্রহণ সম্পন্ন
নিয়মীয়া বাৰ্তা ৮ জুলাইঃ ব্যাপক জল্পনা–কল্পনাৰ অন্তত নৰেন্দ্র মোদী নেতৃত্বাধীন এন ডি এ ২.০ চৰকাৰৰ কেন্দ্রীয় মন্ত্রীসভাৰ প্রথম সম্প্রসাৰণ হ’ল৷ মন্ত্রীৰ প্রদর্শন আৰু ২০২২ চনৰ প্রাৰম্ভতে ৫খন ৰাজ্যত অনুষ্ঠিতব্য বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি মোদী চৰকাৰৰ মন্ত্রীসভাৰ সম্প্রসাৰণ ঘটোৱা হয়৷ চলিত মন্ত্রীসভাৰ ২০ শতাংশক বাদ দি ৭ ৰাজ্যিক মন্ত্রীক কেবিনেটলৈ পদোন্নতিসহ ৪৩জন মন্ত্রীক বুধবাৰে নতুন মন্ত্রীসভাত অন্তর্ভুক্ত কৰা হয়৷ ইয়াৰে ১৫গৰাকী কেবিনেট আৰু ২৮গৰাকী ৰাজ্যিক মন্ত্রী৷ নতুন মন্ত্রীসভাত ৭গৰাকী মহিলাক অন্তর্ভুক্ত কৰা হৈছে৷ এই মন্ত্রীসভাত অসমৰ প্রাক্তন মুখ্যমন্ত্রী তথা প্রাক্তন কেন্দ্রীয় ৰাজ্যিক স্বতন্ত্র মন্ত্রী সর্বানন্দ সোণোৱালক কেবিনেট মন্ত্রী হিচাপে শপতগ্রহণ কৰোৱা হয়৷
সোণোৱালক জাহাজ, জল পৰিবহণ, বন্দৰ আৰু আয়ুষ মন্ত্রণালয়ৰ দায়িত্বও অর্পণ কৰা হয়৷ আনহাতে, উত্তৰ–পূর্বাঞ্চলৰ আনগৰাকী কেবিনেট মন্ত্রী কিৰেণ ৰিজিজুক আইন–ন্যায় মন্ত্রণালয়ৰ দায়িত্ব দিয়া হৈছে৷ উল্লেখ্য যে নতুনকৈ অন্তর্ভুক্ত মন্ত্রীসকলৰ ভিতৰত সর্বোচ্চ বয়স ৬৯ৰ পৰা সর্বনিম্ন ৩৫ বছৰীয়া সাংসদ আছে৷ গুৰুত্বপূর্ণ যে নতুনকৈ অন্তর্ভুক্ত কৰা ১৫জন ৰাজ্যিক মন্ত্রী প্রথমবাৰৰ বাবে সাংসদ হিচাপে নির্বাচিত হৈছে৷ এই সম্প্রসাৰিত মন্ত্রীসভাত বর্তমান ৭৭জন মন্ত্রী থাকিব৷ নতুনকৈ অন্তর্ভুক্ত মন্ত্রীৰ ভিতৰত মহাৰাষ্ট্রৰ ৪, অসমৰ ১, মধ্যপ্রদেশৰ ২, বিহাৰৰ ২, ওড়িশাৰ ২, ৰাজস্থানৰ ১, উত্তৰ প্রদেশৰ ৭, কর্ণাটকৰ ৩, গুজৰাটৰ ৪, দিল্লীৰ ১, ঝাৰখণ্ডৰ ১, উত্তৰাখণ্ডৰ ১, ত্রিপুৰাৰ ১, পশ্চিমবংগৰ ৪, মণিপুৰৰ ১ আৰু তামিলনাডুৰ এজন আছে৷ আজি সন্ধিয়া ৬ বজাত ৰাষ্ট্রপতি ভৱনত ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে ৪৩জন মন্ত্রীক শপত বাক্য পাঠ কৰোৱায়৷ কেবিনেট মন্ত্রী হিচাপে প্রথমে মহাৰাষ্ট্রৰ ৰাজ্যসভাৰ সাংসদ ৬৯ বছৰীয়া নাৰায়ণ টাটু ৰাণেক শপত বাক্য পাঠ কৰোৱাৰ পাছত অসমৰ প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কেবিনেট মন্ত্রী হিচাপে শপতগ্রহণ কৰে৷
ইয়াৰ পাছতেই মধ্যপ্রদেশৰ টিকামগড় লোকসভাৰ সাংসদ ৬৭ বছৰীয়া ড০ বীৰেন্দ্র কুমাৰ, মধ্যপ্রদেশৰ ৰাজ্যসভাৰ সাংসদ ৫০ বছৰীয়া জ্যোতিৰাদিত্য সিন্ধিয়া, বিহাৰৰ ৰাজ্যসভাৰ সাংসদ ৬৩ বছৰীয়া ৰামচন্দ্র প্রসাদ সিং, ওড়িশাৰ ৰাজ্যসভাৰ সাংসদ ৫০ বছৰীয়া অশ্বিনী বৈষ্ণৱ, বিহাৰৰ লোকসভাৰ সাংসদ ৬৮ বছৰীয়া পশুপতি কুমাৰ পৰসে শপত লয়৷ ৰাজ্যিক মন্ত্রীৰ পৰা পদোন্নতিৰে কেবিনেট মন্ত্রীৰ শপত বাক্য পাঠ কৰে কিৰেণ ৰিজিজু, ৰাজকুমাৰ সিং, হৰদীপ সিং পুৰী, মনসুখ মান্দাভিয়াই৷ প্রথমবাৰৰ বাবে কেবিনেট মন্ত্রী হিচাপে শপতগ্রহণ কৰে ৰাজস্থানৰ ৰাজ্যসভাৰ সাংসদ ভূপেন্দৰ যাদৱে৷ আনপিনে কেন্দ্রীয় ৰাজ্যিক মন্ত্রীৰ পৰা কেবিনেটলৈ পদোন্নতিৰে শপতগ্রহণ কৰে পুৰুষোত্তম ৰূপালা, জি কিষাণ ৰেড্ডী আৰু অনুৰাগ সিং ঠাকুৰে৷
তাৎপর্যপূর্ণ যে ১৫গৰাকী কেবিনেট মন্ত্রীৰ ভিতৰত ৮গৰাকী নতুন মন্ত্রীক অন্তর্ভুক্ত কৰাৰ বিপৰীতে ৭গৰাকীক পদোন্নতি দিয়া হয়৷ ইপিনে ৰাজ্যিক মন্ত্রী হিচাপে শপতগ্রহণ কৰে উত্তৰ প্রদেশৰ লোকসভাৰ সাংসদ ৫৬ বছৰীয়া পংকজ চৌধাৰী, উত্তৰ প্রদেশৰ লোকসভাৰ সাংসদ ৪০ বছৰীয়া অনুপ্রিয়া সিং পেটেল, উত্তৰ প্রদেশৰে আগ্রা লোকসভাৰ সাংসদ ৬১ বছৰীয়া ড০ সত্যপাল সিং বাঘেল, কর্ণাটকৰ ৰাজ্যসভাৰ সাংসদ ৫৭ বছৰীয়া ৰাজীৱ চন্দ্রশেখৰ, কর্ণাটকৰে উৰুপি চিক মাগালুৰ লোকসভাৰ সাংসদ ৫৪ বছৰীয়া সুশ্রী শোভা কাৰান্দলাজে, উত্তৰ প্রদেশৰ লোকসভাৰ সাংসদ ৬৩ বছৰীয়া ভানুপ্রতাপ সিং বার্মা, গুজৰাটৰ চুৰাটৰ লোকসভাৰ সাংসদ ৬০ বছৰীয়া দর্শনা বিক্রম জাৰদোছ, নতুন দিল্লীৰ লোকসভাৰ সাংসদ ৫৪ বছৰীয়া মীনাক্ষি লেখি, ঝাৰখণ্ডৰ কোডাৰমা লোকসভাৰ সাংসদ ৫১ বছৰীয়া অন্নপূর্ণা দেৱী, কর্ণাটকৰ চিত্রাদুর্গ লোকসভাৰ সাংসদ ৬৪ বছৰীয়া এ নাৰায়ণ স্বামী, উত্তৰ প্রদেশৰ মোহনলালগঞ্জ লোকসভাৰ সাংসদ ৬১ বছৰীয়া কৌশল কিশোৰ, উত্তৰাখণ্ডৰ নাইনিতাল–উধামসিং নগৰ লোকসভাৰ সাংসদ ৬০ বছৰীয়া অজয় ভাট, উত্তৰ প্রদেশৰ ৰাজ্যসভাৰ সাংসদ ৫৯ বছৰীয়া বি এল বার্মা, উত্তৰ প্রদেশৰ খেৰি লোকসভাৰ সাংসদ ৬০ বছৰীয়া অজয় কুমাৰ, গুজৰাটৰ খেৰা লোকসভাৰ সাংসদ ৫৬ বছৰীয়া চৌহান দেবুছিন, কর্ণাটকৰ বিদাৰৰ লোকসভাৰ সাংসদ ৬৪ বছৰীয়া ভগৱন্ত খুবা, মহাৰাষ্ট্রৰ ভিবান্দিৰ লোকসভাৰ সাংসদ ৬০ বছৰীয়া কপিল মোৰেশ্বৰ পাটিল, ত্রিপুৰা লোকসভাৰ সাংসদ ৫২ বছৰীয়া প্রতিমা ভৌমিক, পশ্চিমবংগৰ লোকসভাৰ সাংসদ ৫৭ বছৰীয়া সুভাষ সৰকাৰ, মহাৰাষ্ট্রৰ ৰাজ্যসভাৰ সাংসদ ৬৪ বছৰীয়া ভগৱৎ কিষাণ ৰাও কাৰাড, মণিপুৰৰ লোকসভাৰ সাংসদ ৬৮ বছৰীয়া ড০ ৰাজকুমাৰ ৰঞ্জন সিং, মহাৰাষ্ট্রৰ দিনদৰিৰ লোকসভাৰ সাংসদ ৪২ বছৰীয়া ভাৰতী প্রবীণ পাৱাৰ, ওড়িশাৰ ময়ূৰভঞ্জৰ লোকসভাৰ সাংসদ ৫৬ বছৰীয়া বিশ্বেশ্বৰ টুডু, পশ্চিমবংগৰ বনগাঁৱৰ লোকসভাৰ সাংসদ ৩৮ বছৰীয়া শান্তনু ঠাকুৰ, গুজৰাটৰ সুৰেন্দ্র নগৰৰ লোকসভাৰ সাংসদ ৫২ বছৰীয়া মুঞ্জাপৰা মহেন্দ্রভাই, পশ্চিমবংগৰ আলিপুৰদুৱাৰৰ লোকসভাৰ সাংসদ ৪৫ বছৰীয়া জোন বার্লা, তামিলনাডুৰ ড০ এল মুৰুগান আৰু পশ্চিমবংগৰ কোচবিহাৰ লোকসভাৰ সাংসদ ৩৫ বছৰীয়া নীতিশ প্রামাণিক৷ উল্লেখ্য যে ৬৯ বছৰীয়া নাৰায়ণ ৰাণে সর্বোচ্চ বয়সৰ মন্ত্রী হোৱাৰ বিপৰীতে কোচবিহাৰৰ ৩৫ বছৰীয়া নীতিশ প্রামাণিক হৈছে আজি অন্তর্ভুক্ত কনিষ্ঠ মন্ত্রী৷
তাৎপর্যপূর্ণ যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মন্ত্রীৰ প্রদর্শনৰ পর্যালোচনা কৰাৰ অন্তত ১২ মন্ত্রীক মন্ত্রীসভাৰ পৰা বাদ দিয়াৰ বিপৰীতে ৭গৰাকী মন্ত্রীক কেবিনেট পর্যায়লৈ পদোন্নতি দিয়ে৷ পদোন্নতি লাভ কৰা মন্ত্রীকেইগৰাকী হৈছে কেন্দ্রীয় ৰাজ্যিক গৃহমন্ত্রী জি কিষাণ ৰেড্ডী, ৰাজ্যিক বিত্তমন্ত্রী অনুৰাগ ঠাকুৰ, ৰাজ্যিক বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী মনসুখ মান্দাভিয়া, পঞ্চায়তীৰাজৰ ৰাজ্যিক মন্ত্রী পুৰুষোত্তম ৰূপালা, ক্রীড়া আৰু যুৱ কল্যাণৰ স্বতন্ত্র ৰাজ্যিক মন্ত্রী কিৰেণ ৰিজিজু, অসামৰিক বিমান পৰিবহণৰ ৰাজ্যিক মন্ত্রী হৰদীপ সিং পুৰী আৰু ৰাজ্যিক মন্ত্রী ৰাজকুমাৰ সিং৷ নতুনকৈ মন্ত্রীসভাত অন্তর্ভুক্ত প্রথমবাৰৰ সাংসদকেইগৰাকী হৈছে মহাৰাষ্ট্রৰ ৰাজ্যসভাৰ সাংসদ নাৰায়ণ টাটু ৰাণে৷ অৱশ্যে ৰাণে মহাৰাষ্ট্রৰ প্রাক্তন মুখ্যমন্ত্রী হিচাপে কার্যনির্বাহ কাৰাৰ লগতে ৬বাৰৰ বিধায়ক আৰু এবাৰৰ এম এল চি৷ ৰাজ্যিক মন্ত্রীৰ শপত লোৱা ঝাৰখণ্ডৰ অন্নপূর্ণা দেৱী প্রথমবাৰৰ লোকসভাৰ সাংসদ৷
অৱশ্যে দেৱীয়ে ঝাৰখণ্ড আৰু বিহাৰৰ পৰা চাৰিবাৰ বিধানসভালৈ নির্বাচিত হোৱাৰ অভিজ্ঞতা আছে৷ ঝাৰখণ্ডৰ কেবিনেট মন্ত্রী হিচাপেও কার্যনির্বাহ কৰিছিল৷ কর্ণাটকৰ এ নাৰায়ণ স্বামী প্রথমবাৰৰ লোকসভাৰ সাংসদ৷ তেৱোঁ কর্ণাটকৰ বিধানসভালৈ চাৰিবাৰ নির্বাচিত হৈছিল৷ উত্তৰাখণ্ডৰ অজয় ভাট প্রথমবাৰৰ লোকসভাৰ সাংসদ যদিও তিনিবাৰ বিধায়ক হিচাপে নির্বাচিত হৈছিল৷ উত্তৰ প্রদেশৰ বি এল বার্মা প্রথমবাৰৰ বাবে লোকসভাৰ সাংসদ৷ তেওঁৰ ৰাজনৈতিক দলৰ সৈতে বিশেষ সম্পর্ক নাছিল যদিও ৰাজহুৱা কর্মত জড়িত আছিল৷ ত্রিপুৰাৰ প্রতীমা ভৌমিক প্রথমবাৰৰ লোকসভাৰ সাংসদ৷ তেনেদৰে পশ্চিমবংগৰ সুভাষ সৰকাৰো প্রথমবাৰৰ বাবে লোকসভালৈ নির্বাচিত হৈছে৷ তেওঁ এগৰাকী স্ত্রীৰোগ বিশেষজ্ঞ৷
মহাৰাষ্ট্রৰ ৰাজ্যসভাৰ সাংসদ ভগৱৎ কিষাণ ৰাও কাৰাডো প্রথমবাৰৰ বাবে উচ্চ সদনলৈ নির্বাচিত হৈছে৷ মণিপুৰৰ ৰাজকুমাৰ ৰঞ্জন সিং প্রথমবাৰৰ বাবে লোকসভালৈ নির্বাচিত হৈছে৷ তেওঁ এগৰাকী ভূগোলৰ অধ্যাপক আছিল৷ মহাৰাষ্ট্রৰ ভাৰতী প্রবীণ পাৱাৰ প্রথমবাৰৰ সাংসদ, ওড়িশাৰ বিশ্বেশ্বৰ টুডু, পশ্চিমবংগৰ শান্তনু ঠাকুৰ, গুজৰাটৰ মুঞ্জাপৰা মহেন্দ্রভাই, পশ্চিমবংগৰ জোন বার্লা আৰু পশ্চিমবংগৰে নীতিশ প্রামাণিকে প্রথমবাৰ সাংসদ হৈয়েই মন্ত্রীসভাত স্থান লাভ কৰে৷ উল্লেখ্য যে ২০১৯ চনৰ মে’ত মোদী ২.০ চৰকাৰৰ মন্ত্রীসভা গঠন হোৱাৰ পাছত আজি প্রথমবাৰৰ বাবে সম্প্রসাৰণ ঘটোৱা হয়৷ এই মন্ত্রীসভাত নতুন মুখৰ লগতে সমাজৰ বিভিন্ন ধর্ম, জাতি, জনজাতিক প্রাধান্য দিয়া হৈছে৷ তদুপৰি বিজেপিৰ লগতে এন ডি এৰ সহযোগী দলসমূহকো সমানে গুৰুত্ব দি এই নতুন মোদী টীম গঠন কৰা হৈছে৷ উল্লেখ্য যে আজি নতুনকৈ মন্ত্রীসভাত অন্তর্ভুক্ত হোৱা সতীর্থসকলক অভিনন্দন জ্ঞাপন কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে তেওঁলোকৰ মন্ত্রিত্বৰ কালছোৱা দক্ষতাৰে পালন কৰিব বুলি আশা ব্যক্ত কৰে৷ কাইলৈ সন্ধিয়া ৫ বজাত কেবিনেট বৈঠক অনুষ্ঠিত হ’ব বুলিও সংবাদ মাধ্যমত প্রকাশ পাইছে৷