নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টীম মোদীত উত্তৰ–পূর্বাঞ্চলৰ পাঁচ মন্ত্রী

নিয়মীয়া বাৰ্তা ৮ জুলাইঃ দেশৰ ৰাজনৈতিক ইতিহাসত প্রথমবাৰৰ বাবে কেন্দ্রীয় মন্ত্রী পৰিষদত উত্তৰ–পূর্বাঞ্চলৰ পাঁচজনকৈ সদস্য অন্তর্ভুক্ত হৈছে৷ বুধবাৰে মোদী মন্ত্রী পৰিষদৰ ব্যাপক ৰদ–বদল তথা সম্প্রসাৰণৰ পাছত সমগ্র উত্তৰ–পূর্বাঞ্চলবাস্ এক ঐতিহাসিক মুহূর্তৰ সাক্ষী হৈ ৰ’ল৷ কেন্দ্রীয় মন্ত্রী হিচাপে উত্তৰ–পূর্বাঞ্চলৰ পৰা  শপতগ্রহণ কৰা মন্ত্রীসকল হল– অসমৰ প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ইমান দিন কেন্দ্রীয় ৰাজ্যিক মন্ত্রী হিচাপে দায়িত্ব পালন কৰি অহা অৰুণাচল প্রদেশৰ কিৰেণ ৰিজিজু, ত্রিপুৰা আৰু মণিপুৰৰ বিজেপি সাংসদ ক্রমে প্রতিমা ভৌমিক আৰু ড০ ৰাজকুমাৰ ৰঞ্জন সিং৷

লক্ষণীয়ভাৱে সর্বানন্দ সোণোৱালে বুধবাৰে কেবিনেট মন্ত্রী হিচাপে শপতগ্রহণ কৰে৷ আনহাতে, কিৰেণ ৰিজিজুক ৰাজ্যিক মন্ত্রীৰ পৰা কেবিনেট মন্ত্রীলৈ উন্নীত কৰা হয়৷ ইয়াৰ বিপৰীতে ত্রিপুৰা পশ্চিমৰ সাংসদ প্রতিমা ভৌমিক আৰু ইনাৰ মণিপুৰৰ সাংসদ ড০ ৰাজকুমাৰ ৰঞ্জন সিঙে ৰাজ্যিক মন্ত্রী হিচাপে শপতগ্রহণ কৰে৷ এই চাৰিগৰাকী নতুন মন্ত্রীৰ উপৰি অসমৰ ৰামেশ্বৰ তেলীয়ে ইতিমধ্যে কেন্দ্রীয় ৰাজ্যিক মন্ত্রী হিচাপে দায়িত্ব পালন কৰি আছে৷

 সম্প্রসাৰণৰ পাছত টীম মোদীত উত্তৰ–পূর্বাঞ্চলে দুজনকৈ কেবিনেট মন্ত্রী লাভ কৰে৷ মোদী চৰকাৰৰ প্রথমটো কার্যকালত সর্বানন্দ সোণাৱাল কেন্দ্রীয় মন্ত্রী আছিল যদিও তেওঁ ৰাজ্যিক মন্ত্রী হিচাপে স্বতন্ত্র দায়িত্ব পালন কৰিছিল৷ লক্ষণীয়ভাৱে কিৰেণ ৰিজিজু আৰু প্রতিমা ভৌমিকে বুধবাৰে হিন্দীত শপত বাক্য পাঠ কৰাৰ বিপৰীতে সর্বানন্দ সোণাৱাল আৰু ৰাজকুমাৰ ৰঞ্জন সিঙে ইংৰাজীত শপতগ্রহণ কৰে৷ মন কৰিবলগীয়া যে মন্ত্রী প্রতিমা ভৌমিক আৰু ৰাজকুমাৰ ৰঞ্জন সিঙে প্রথমবাৰৰ বাবে সাংসদ হিচাপে নিজা নিজা সমষ্টিৰ পৰা নির্বাচিত হৈছে৷

You might also like