নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিলীপ বিহীন দুনিয়া

অশ্বিনী বৰুৱা

মুম্বাই ফিল্ম আকাশৰ অন্তিমটো ভোটাতৰাই বিদায় ল’লে৷ মোগল–ঈ–আজমৰ দিলীপ কুমাৰ আৰু নাই৷
অলপতে মুম্বাই ফিল্মজগতৰ একালৰ অতি জনপ্রিয় তথা অশোক কুমাৰ, ৰাজকাপুৰ, দেৱ আনন্দৰ লগৰ অন্যতম ব্যস্ত অভিনেতা দিলীপ কুমাৰক হাস্পটালত ভর্তি কৰোৱা হৈছিল শ্বাস–প্রশ্বাসজনিত অসুখৰ বাবে৷ অভিনেতাজনক অৱশ্যে সুস্বাস্থ্যৰেই এতিয়া ঘৰলৈ যাবলৈ দিয়া হৈছিল৷ আজি বহুদিন ধৰি আঠানব্বৈ বছৰীয়া বর্ষীয়ান অভিনেতাজন তেওঁৰ অভিনেত্রী পত্নী ছয়সত্তৰ বছৰীয়া ছাইৰা বানুৰ সৈতে অকলশৰীয়াকৈ বাস কৰি আহিছিল৷ ঊনৈছশ বাইছ চনৰ এঘাৰ ডিচেম্বৰত জন্মলাভ কৰা দিলীপ কুমাৰৰ এঘাৰ সংখ্যাটোৰ লগত এক অদ্ভুত সম্পর্ক আছে, কিয়নো তেওঁৰ বিয়াও হৈছিল ঊনৈছশ ছয়ষষ্ঠী চনৰ এঘাৰ অক্টোবৰ তাৰিখে৷ আটাইতকৈ তাৎপর্যপূর্ণ কথা হ’ল এয়ে যে আকাশবাণীৰ দিল্লী কেন্দ্রৰ বাতৰি বুলেটিনত পোনপ্রথমবাৰৰ বাবে তেওঁলোকৰ বিয়াৰ কথা এটা মুখ্য বাতৰি হিচাপে প্রচাৰ হৈছিল৷ এই লৈ সেই সময়ৰ লোকসভাত বিৰাট হৈ–চৈ হৈছিল আৰু আকাশবাণীৰ বাতৰি বিভাগৰ মুখ্য সঞ্চালকে সেইদিনাৰ বাতৰিৰ দায়িত্বত থকা বিভাগীয় সম্পাদকক জগৰীয়া কৰি তেনে কার্যৰ ব্যাখ্যাও বিচাৰিছিল৷ আচলতে সেই সময়ৰ সর্বজনপ্রিয় হোৱা বাবে আৰু সৌন্দর্যৰ অধিকাৰিণী আৰু তেওঁতকৈ বাইছ বছৰৰ সৰু একুৰি দুই বছৰৰ বয়সৰ অভিনেত্রীগৰাকীক বিয়া কৰোৱাৰ গুৰুত্বৰ বাবেই তেনে এটা ঘটনাক বাতৰিত স্থান দিয়া হৈছিল যদিও আকাশবাণীৰ দৰে এক সর্বভাৰতীয় প্রতিষ্ঠানে তাৰ আগতে এনে কৰা নাছিল৷ যিকোনো ধৰণৰ বিশেষ অভিনৱত্বই সাধাৰণতে একোটা ঘটনাক বাতৰিৰ মর্যাদা দিয়ে৷ দিলীপ কুমাৰ–ছাইৰা বানুৰ বিবাহৰ এই বিতর্কিত বাতৰি প্রচাৰৰ প্রায় বিছ বছৰ পাছত ধর্মেন্দ্র–হেমা মালিনীৰ বিবাহৰ বিষয়েও আকাশবাণীয়ে বাতৰিত স্থান দিছিল৷
দিলীপ কুমাৰৰ সৈতে দেশৰ বিখ্যাত উদ্যোগপতি জে আৰ ডি টাটাৰ এবাৰ বিমানত হোৱা দেখাদেখিৰ বিষয়ে প্রচলিত এটা কাহিনী হয়তো অনেকেই শুনিছে৷ দিলীপ কুমাৰে এবাৰ বিখ্যাত ফিন্ম পত্রিকা ‘দ্য স্ক্রীন’ত লিখা মতে এয়াৰ ইণ্ডিয়াৰ বিমানত এদিন কেনিবা যাবলৈ বুলি নিজৰ আসনত বহি থাকোঁতেই তেওঁৰ কাষত আন এজন সাধাৰণ পোছাক পিন্ধা বয়সস্থ যাত্রী আহি বহিলগৈ৷ দিলীপ চাহেবে উচপিচাই লক্ষ্য কৰিলে যে বিমানৰ প্রায় সকলোৱেই তেওঁক চিনি পোৱা যেন দেখুৱাই সঁহাৰি জনাই গৈছে, কিন্তু তেওঁৰ কাষৰ মানুহজনে একো কুটকাটেই কৰা নাই৷ দিলীপ কুমাৰ অলপ ক্ষুণ্ণ হ’ল আৰু মানুহজনক পৰীক্ষা কৰিবৰ মনেৰে চিনাকি হোৱাৰ ছলেৰে হাত আগবঢ়াই দিলে৷ কাষৰ যাত্রীগৰাকীয়েও হাত আগবঢ়াই কৰমর্দন কৰিলে আৰু দিলীপ কুমাৰক তেওঁনো কি কৰে সুধিলে৷ দিলীপ কুমাৰে চিনেমাত কাম কৰা বুলি কোৱাত কি কৰে বুলি সুধিলত ক’লে যে তেওঁ চিনেমাত অভিনয় কৰে আৰু দিলীপ কুমাৰ বুলি জানে৷ যাত্রীগৰাকীয়ে চিনেমা চায়নে সোধাত ক’লে– ‘সময় ক’ত, কিমান কাম৷’ কেইবছৰমানৰ আগতে কিবা এখন ছবি চোৱা বুলিও ক’লে৷ ইতিমধ্যেই বিমান নামিবৰ হৈছিল৷ নামি গৈ থাকোঁতে দিলীপ কুমাৰে একলগে ভ্রমণ কৰা লোকজনৰ নামটো সুধিলত যাত্রীগৰাকীয়ে ক’লে যে তেওঁৰ নাম জে আৰ ডি টাটা৷ নামটো শুনি দিলীপ কুমাৰে মাত্র মানুহজনৰ সহজ–সৰল পোছাক–পৰিচ্ছদ আৰু তেওঁৰ বিশাল ব্যক্তিত্বলৈ কিছুপৰ তধা লাগি চাই ৰ’ল৷
দিলীপ কুমাৰ৷ পূর্বে নাম আছিল ইউচুফ্ খান চিনেমাৰ তৎকালীন প্রয়োজনত৷ তেওঁৰ ছবিসমূহো আছিল ইখনতকৈ সিখন চৰা৷ মোগল–ঈ–আজম, মধুমতী, ৰাম ঔৰ শ্যাম, পয়গম, নয়াদৌৰ, সদাগৰ, কিমান নাম ল’ব৷ দেশৰ তেতিয়াৰ মেগাষ্টাৰ৷ অলপ অহংকাৰ হ’বই৷ কিন্তু তেওঁ জে আৰ ডি টাটাক লগ পোৱাটোও এটা সময়োচিত ঘটনা৷ দিলীপ কুমাৰ আৰু ছাইৰা বানু৷ এক আদর্শনীয় বৈবাহিক যুগলবন্দী৷
সৌন্দর্যৰ সঁফুৰা যেন পত্নী ছাইৰা বানুৰ অকৃত্রিম তত্ত্বাৱধানে তেওঁৰ আন এক সৌন্দর্যৰ দিশো উন্মোচন কৰিছে৷ আমাৰ কলেজীয়া দিনত ছাইৰা বানুক লৈ এক কাব্য পংক্তি মুখে মুখে উৰি ফুৰিছিল৷ সেই কাব্য পংক্তি আছিল Man made Tajmahal, God made’ ছাইৰা বানু৷
ফোন ঃ ৯৪৩৫৭–০৪৮৩৪

You might also like