নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাল খবৰঃ নামভৰ্তিৰ বাবে চৰকাৰী বিদ্যালয়ত দুদিনে পৰ দিছে অভিভাৱকে

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ ৰাজ্যৰ চৰকাৰী খণ্ডৰ অসমীয়া মাধ্যমৰ একাংশ বিদ্যালয় যি সময়ত ছাত্ৰ-ছাত্ৰীৰ অভাৱ তথা গুণগত শিক্ষাৰ মান হ্ৰাস পোৱাৰ বাবে ইখনৰ পাচত সিখন বিদ্যালয় বন্ধ হ’বলৈ ধৰিছে, সেই সময়তেই শিৱসাগৰৰ মাতৃভাষা মাধ্যমৰ এখন বিদ্যালয়ে সৃষ্টি কৰিছে নজীৰ ৷ বিদ্যালয়খনৰ নাম লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন প্রাথমিক বিদ্যালয় ৷ যিখন বিদ্যালয়ত নিজৰ সন্তানক নামভর্তিকৰণৰ উদ্দেশ্যে এখন ফর্ম পাবৰ বাবে অভিভাৱকে ৪৮ ঘণ্টাৰো অধিক সময়ৰ আগৰে পৰাই বিদ্যালয়খনৰ পদূলিত পাতিছে শাৰী ৷

সততে সমালোচিত হোৱা চৰকাৰী বিদ্যালয়সমূহতকৈ পৃথক এইখন লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন প্রাথমিক বিদ্যালয়৷ ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহৰ সৈতে পোনপটীয়াকৈ প্রতিযোগিতাত অৱতীর্ণ হোৱা এই বিদ্যালয়খন এতিয়া ৰাজ্যখনৰ ভিতৰতেই অন্যতম চর্চিত বিদ্যালয় হিচাপে পৰিগণিত হৈছে ৷ উল্লেখ্য যে এই চৰকাৰী প্রাথমিক বিদ্যালয়ৰ নার্ছাৰী শ্রেণীৰ বাবে প্র–পত্র প্রদান কৰা হ’ব সোমবাৰৰ পৰা ৷ কিন্তু অভিভাৱকসকলে শনিবাৰৰ সন্ধিয়াৰে পৰা বিদ্যালয়ৰ সন্মুখত শাৰী পাতিবলৈ আৰম্ভ কৰে ৷ পুহমহীয়া প্রচণ্ড ঠাণ্ডাকো নেওচি শ শ অভিভাৱকে দিন–ৰাতি একাকাৰ কৰি এই বাতৰি প্রস্তুত কৰালৈকে পৰিয়ালৰ সদস্যৰ মাজত সলনাসলনিকৈ বিদ্যালয়ৰ পদূলিত শাৰী পাতি আছে ৷

আচৰিত যেন লাগিলেও বিদ্যালয়খনৰ উন্নত গুণগত মানৰ বাবেই বিদ্যালয়খনত সন্তানক নামভর্তি কৰিবৰ বাবে একাংশ অভিভাৱকে ঠেঁটুৱৈ ধৰা জাৰত দুটাকৈ নিশা বিদ্যালয়ৰ বাহিৰত মুকলি আকাশৰ তলত কটাইছে৷ স্মর্তব্য যে লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন বিদ্যালয়ৰ দৰে অনুৰূপ পৰিৱেশ কেইটামান দিন পূর্বে সৃষ্টি হৈছিল শিৱসাগৰ নগৰৰ ১নং টাউন প্রাথমিক বিদ্যালয়তো ৷ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ প্রতি ৰাইজৰ এই আস্থাই প্রমাণ কৰে যে গুণগত শিক্ষাৰ প্রতি গুৰুত্ব প্রদান কৰিলে ভৱিষ্যৎ অন্ধকাৰ বুলি ভবা অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহে আকৌ এবাৰ প্রাণ পাই উঠিব ৷

You might also like