You are the Sky
Everything else is just the weather
-Pema Chodron
কেতিয়াবা জীৱনে এনেধৰণেৰে নিজৰ ৰং সলায় যে জীৱন উত্তেজনাপূর্ণ আৰু উন্মাদ হৈ পৰে৷ কিন্তু জীৱনৰ উন্মাদ বা বিপদসংকুল সময়ত আমিও উন্মাদ হৈ পৰাটো অনুচিত৷ পৃথিৱীত সেইসকল ব্যক্তিয়েহে জীৱনত বিজয়ী ৰূপে চিহ্ণিত হয়, যিসকলে জীৱনত ধুমুহাৰ সময়তো নিজকে শান্ত আৰু মানসিক তথা শাৰীৰিকভাৱে সক্ষম কৰি ৰাখে৷ অৱশ্যে এই কামটোৰ বাবে অভ্যাসৰ প্রয়োজন৷ এইখন পৃথিৱীত কিছুমান মানুহ জন্মগতভাৱে ইমান দৃঢ় যে তেওঁলোকে জীৱনত ভেটাভেটি হোৱা যিকোনো ধুমুহা হেলাৰঙে শান্তভাৱে অতিক্রম কৰে৷ জীৱনৰ ভাল বা বেয়া প্রতিটো ঘটনাক ধনাত্মকভাৱে গ্রহণ কৰি যিকোনো দুর্যোগ হেলাৰঙে অতিক্রম কৰে৷ উদাহৰণ স্বৰূপে ভাৰতীয় ক্রিকেট দলৰ অধিনায়ক বিৰাট কোহলিৰ কথাকেই লোৱা হওক৷ তেতিয়া তেওঁ ভাৰতীয় ক্রিকেট দলৰ সদস্য নহয়৷ দিল্লী ক্রিকেট দলৰ এজন খেলুৱৈ৷ ৰঞ্জি ড্রফীৰ এখন খেলৰ মাজতেই তেওঁ খবৰ পালে যে তেওঁৰ অতি মৰমৰ পিতৃৰ বিয়োগ ঘটিছে৷ কোহলি বিচলিত হৈ পৰিল৷ কান্দোনত ভাগি পৰিল৷ সকলোৱে ভাবিলে যে বিৰাটে লগে লগে দলৰ সংগ ত্যাগ কৰি পিতৃৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰিবলৈ গৃহাভিমুখী হ’ব৷ কিন্তু সকলোকে আচৰিত কৰি বিৰাটে কি সিদ্ধান্ত ল’লে জানেনে? তেওঁ দলৰ লগত থাকি পিছদিনাৰ গুৰুত্বপূর্ণ খেলখনত অংশ লোৱাটোকে ঠিক কৰিলে৷ তেওঁ শান্ত হৈ থাকিল৷ পিছদিনা এটা সুন্দৰ ইনিংছ উপহাৰ দি দিল্লীক বিজয়ৰ সোৱাদ প্রদান কৰিলে৷ তাৰ পিছত দেউতাকৰ অন্ত্যেষ্টিক্রিয়া সম্পূর্ণ কৰিলে৷ বিৰাট এজন আমাৰ দৰে সাধাৰণ মনৰ ব্যক্তি হোৱা হ’লে নিমিষতে দলৰ সংগ ত্যাগ কৰি পিতৃশোকত ম্রিয়মাণ হৈ ঘৰত উপস্থিত হ’লগৈহেঁতেন৷ কিন্তু বিৰাট আছিল অসাধাৰণ৷ তেওঁৰ পিতৃয়ে সৰুৰে পৰা তেওঁক অসাধাৰণত্বৰ শিক্ষা দিছিল আৰু এটি সপোন শিশু বিৰাটৰ মনত ৰোপণ কৰিছিল৷ এজন অসাধাৰণ ক্রিকেটাৰ হোৱাৰ৷ কোনে জানে হয়তো সেই বিশেষ ইনিংছটোৰ অবিহনে বিৰাটৰ ভাৰতীয় দলত অন্তর্ভুক্ত হোৱাৰ সপোন দিঠকত ৰূপান্তৰিত নহ’লহেঁতেন কিজানি?
এজন বিশ্ববিখ্যাত ‘মটিভেচনেল স্পীকাৰ’ ৱিলী জ’লীৰ ‘টার্ন ছেট বেক্ছ ইন টু গ্রীনবেক্ছ’ নামৰ কিতাপ এখন পঢ়িছিলোঁ৷ লেখক আমেৰিকাৰ এজন চেলিব্রিটী আৰু কেইবাখনো বেষ্টছেলাৰ গ্রন্থৰ স্রষ্টা৷ তেওঁ জীৱনটোক চোৱা আৰু উপভোগ কৰাৰ দৃষ্টিভংগীয়েই সুকীয়া৷ জীৱনত বিভিন্ন ঘাত–প্রতিঘাতৰ সন্মুখীন হোৱাৰ পিছতো জ’লীয়ে নিজকে এজন স্থিতপ্রজ্ঞৰ দৰে প্রতিষ্ঠা কৰিছে৷ তেওঁ অভিজ্ঞতালব্ধ এটি কাহিনী কৈছে৷
এদিন তেওঁ এখন সভালৈ বিশিষ্ট বক্তা হিচাপে যাবলৈ ওলাল৷ সেইদিনা তেওঁৰ পত্নী ‘ডি’ য়ে তেওঁৰ লগত একেলগে যাত্রা নকৰাটো স্থিৰ কৰিলে৷ কাৰণ ‘ডি’য়ে ভার্জিনিয়াত অনুষ্ঠিত এখন মহিলা সন্মিলনত ভাগ ল’বলগীয়া আছিল৷ ‘ডি’য়ে নিজৰ পুৰণা মডেলৰ মার্চিডিজ গাডীখন নিজেই চলাই ভার্জিনিয়ালৈ গৈছিল৷ ওভতাৰ পথত তেওঁ এয়াৰপ’টৰ পৰা ৱিলীক লগত লৈ যাত্রা কৰিছিল৷ তাৰ পিছত দুয়ো মেৰীলেণ্ডৰ এখন ৰিজ’টলৈ বুলি যাত্রা কৰিলে৷ যাত্রাপথত তেওঁলোকে প্রায়েই প্রার্থনাৰ বাবে যোৱা গির্জাঘৰটোত প্রার্থনাৰ বাবে ৰ’ল৷ প্রার্থনা কৰি গির্জাৰ পেষ্টৰজনৰ সৈতে ৱিলীয়ে কথা পাতি থাকোঁতেই কোনোবা এজন দৌৰি আহি ৱিলীক খবৰ দিলে যে তেওঁৰ গাডীখন যান্ত্রিক বিজুতি ঘটি জ্বলি গৈছে৷ দুর্ঘটনাটোৰ কথা শুনি ৱিলী শান্তভাৱেৰে গাডীখনৰ ওচৰ চাপিল৷ ইতিমধ্যে জুইৰ লেলিহান শিখাই গাডীখন প্রায় গ্রাস কৰিছিল৷ তথাপি ৱিলী উন্মাদ হোৱা নাছিল৷ তেওঁ শান্তভাৱেৰে কৈছিল– I am blessed and grateful. This is nothing but a minor set back; and a set back is nothing but a set back for a comeback.’
তেওঁৰ বক্তব্যত সকলো আচৰিত হৈ তেওঁলৈ চাইছিল৷ উত্তৰত তেওঁ পুনৰ ক’লে যে ‘এনে এখন দামী গাডী মই পুনৰ কিনিব পাৰিম৷ কিন্তু এই ঘটনাটো যদি মোৰ পত্নীয়ে অকলে গাডীখন চলাই থাকোঁতে ঘটিলহেঁতেন, মই তেওঁক হেৰুৱালোঁহেঁতেন৷ তেনে হোৱা হ’লে মই তেওঁৰ দৰে জীৱন সংগী এগৰাকী পুনৰ নাপালোঁহেঁতেন গতিকে ভগৱানক ধন্যবাদ৷’ সেয়াই আছিল ৱিলীৰ জীৱনৰ প্রতি, জীৱনত ঘটা দুর্ঘটনাসমূহৰ প্রতি দৃষ্টিভংগী৷
আমি আমাৰ জীৱনত দৈনিক বহু সৰু–বৰ সমস্যাৰ সন্মুখীন হৈ থাকোঁ আৰু প্রায়েই ভাগি পৰোঁ৷ এই ধৰক কিবা এটা জটিল ৰোগত আক্রান্ত হোৱাৰ লগে লগে আমি ভগৱানক আৰু আমাৰ ভাগ্যক দোষাৰোপ কৰি কওঁ যে ‘এয়া মোৰ লগতেই কিয় হ’বলৈ পালে? মই সঁচাকৈয়ে দুর্ভগীয়া৷’ তেনেধৰণৰ দৃষ্টিভংগী এটি লৈ বিপদটোৰ প্রাক্মুহূর্ততে আমি নিজকে দুর্বল কৰি পৰাজয়ৰ বাবে বাট কাটি দিওঁ৷ মনৰ শান্তি হেৰুৱাই পেলাওঁ৷ দুর্বল মনৰ সুবিধা লৈ ৰোগটোৱে আমাক দুগুণ উৎসাহেৰে আক্রমণ কৰে৷ এসময়ত আমি পৰাজিত সৈনিক এজনৰ দৰে মৃত্যুক আঁকোৱালি লওঁ৷ কিন্তু আমি বিচাৰিলে এনে অলেখ উদাহৰণ পাম, য’ত ৰোগাক্রান্ত ব্যক্তিজনে নিজকে শান্ত–সমাহিতভাৱে স্থিৰ কৰি ৰাখি জীৱন যুদ্ধত অৱতীর্ণ হৈছে আৰু নিশ্চিত মৃত্যুকো প্রতিহত কৰিছে৷ বিদেশী সাহিত্য অধ্যয়ন নকৰি সদ্যপ্রয়াত শ্রদ্ধাৰ হোমেন বৰগোহাঞিৰ কেইবাখনো ৰচনাত তেনে উদাহৰণ সহজলভ্য৷ তথাপি মই ষ্টিফেন হকিঙৰ উদাহৰণটোকে দিব বিচাৰিছেছা ‘মটৰ নিউৰন’ ৰোগত প্রায় কুৰি বছৰ বয়সতে আক্রান্ত হোৱা হকিং খুব বেছি চৈধ্য মাহ জীয়াই থকাৰ আশংকা প্রকাশ কৰিছল চিকিৎসকে৷ কিন্তু একমাত্র মানসিক শক্তি আৰু প্রবল দুর্যোগৰ সময়তো শাৰীৰিক আৰু মানসিকভাৱে ভাগি নপৰি শান্ত হৈ থাকি জীৱন যুদ্ধত অৱতীর্ণ হোৱাৰ মানসিকতাৰ বাবেই ‘মটৰ নিউৰন’ ৰোগক জীৱনসংগী হিচাপে লৈ হকিঙে ন ন আৱিষ্কাৰেৰে বিজ্ঞানৰ ভঁৰাল চহকী কৰি প্রায় চৌসত্তৰ বছৰ জীয়াই থাকিল৷
আমাৰ জীৱনত ঘটি থকা নানান সমস্যা প্রকৃততে বাহ্যিক কাৰক৷ এই বাহ্যিক কাৰকসমূহে আমাৰ আভ্যন্তৰীণ শান্তি আৰু আনন্দ বিঘ্ণিত কৰি আমাৰ মন–মগজু বিষাক্ত কৰি তোলে৷ সুখ বোলা বস্তুটো প্রকৃততে আমাৰ জীৱনত ঘটি থকা বিভিন্ন ঘটনা–পৰিঘটনাৰ সংমিশ্রিত ফল৷ কিন্তু সুখানুভূতি এজন ব্যক্তিৰ আভ্যন্তৰীণ অৱস্থিতিৰ ওপৰত নির্ভৰশীল৷ পৃথিৱীত জন্ম লোৱা সাধাৰণ ব্যক্তিসকলে বাহ্যিক কাৰকসমূহক আভ্যন্তৰীণ সুখানুভূতি বিঘ্ণিত কৰাৰ অনুমতি অজানিতেই দি দিয়ে৷ কিন্তু অসাধাৰণ ব্যক্তিসকলে সেই অনুমতি কেতিয়াও নিদিয়ে৷ আপুনিও নিজকে তেনেদৰে প্রস্তুত কৰি তুলিব পাৰে৷ প্রয়োজন মাথোঁ অভ্যাস আৰু কঠোৰ অনুশীলনৰ৷ সমস্যা এটাই মূৰ দাঙি থিয় দিলে দুটা প্রশ্ণ কৰকচোন এই সমস্যাটো মাথোঁ মোৰেই হৈছেনে? এই সমস্যাটোৰ ফলত পৃথিৱীখন পৰিৱর্তন হৈ যাব নেকি? দুয়োটা প্রশ্ণৰ উত্তৰ নঞার্থকেই যে পাব সেইটো নিশ্চিত৷
গতিকে শান্ত হৈ থাকক৷ উদ্বিগ্নতাক প্রশ্রয় নিদিব৷