বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ বিষয়াৰ গাফিলতিঃ মেৰামতিৰ অনুজ্ঞা–পত্রৰে ব্যৱসায়ীৰ পৰা ধন সংগ্রহ
নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ গুৱাহাটী মহানগৰীত একাংশ অসাধু ব্যৱসায়ীয়ে ওজনত হেৰফেৰ কৰি গ্রাহকক লুণ্ঠন চলাই আহিছে৷ এই অসাধু ব্যৱসায়ীসকলৰ বিৰুদ্ধে অভিযান চলাবলৈ বৈধ পৰিমাণ আৰু বিজ্ঞান বিভাগৰ দৰে এটা বিভাগ থকাৰ পিছতো এই ক্ষেত্রত বিষয়াসকলে এতিয়ালৈকে গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ বৈধ পৰিমাণ আৰু বিজ্ঞান বিভাগৰ বিষয়া–কর্মচাৰীয়ে মাজে সময়ে মহানগৰীৰ বজাৰ আৰু ব্যৱসায়িক প্রতিষ্ঠানত অভিযান চলাই দুই–এজন অসাধু ব্যৱসায়ীক জৰিমনা বিহিয়েই দায়িত্ব সামৰিছে৷
বিভাগটোৰ বিষয়া–কর্মচাৰীৰ দায়িত্বজ্ঞানহীনতাৰ সুযোগ লৈ কম্পিউটাৰ কাঁটা, দগা–পাল্লাত কৌশলেৰে ওজনত হেৰফেৰ কৰি অসাধু ব্যৱসায়ীসকলে গ্রাহকক লুণ্ঠন চলাই আহিছে৷ তদুপৰি বৈধ পৰিমাণ আৰু বিজ্ঞান বিভাগৰ পৰা অনুজ্ঞা–পত্র লৈ একাংশ ব্যৱসায়ীয়ে কম্পিউটাৰ কাঁটা, দগা–পাল্লা মেৰামতিৰ নামত ব্যৱসায়ীসকলৰ পৰা হকে–বিহকে অতিৰিক্তভাৱে বিভাগটোৰ নামত ধন সংগ্রহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ অনুসৰি, বিভাগীয় অনুজ্ঞা–পত্র লৈ একাংশ ব্যৱসায়ীয়ে দগা–পাল্লা নবীকৰণৰ নামত ১,১০০ টকালৈকে সংগ্রহ কৰিছে৷ বিভাগটোৰ একাংশ দুর্নীতিগ্রস্ত বিষয়াৰ পৃষ্ঠপোষকতাত বিভাগীয় অনুজ্ঞা–পত্র থকা ব্যৱসায়ীসকলে এনেদৰে ধন সংগ্রহ কৰি আহিছে৷
উল্লেখ্য যে বৈধ পৰিমাণ আৰু বিজ্ঞান বিভাগৰ কামৰূপ মহানগৰ জিলাৰ অধীনত কম্পিউটাৰ কাঁটা আৰু দগা–পাল্লা বিক্রী কৰা অনুজ্ঞা–পত্র থকা ৯৪খন ব্যৱসায়িক প্রতিষ্ঠান আছে৷ আনহাতে, কম্পিউটাৰ কাঁটা আৰু দগা–পাল্লা মেৰামতিৰ অনুজ্ঞা–পত্র আছে ২৭খন৷ বিভাগীয় নির্দেশ অনুসৰি, একাংশ ব্যৱসায়ীৰ পৰা মেৰামতিৰ অনুজ্ঞা–পত্র থকা নবীকৰণৰ মাচুল সংগ্রহ কৰে৷ নবীকৰণৰ মাচুল সংগ্রহৰ নামত অবৈধভাৱে একাংশ ব্যৱসায়ীয়ে ধন সংগ্রহ কৰি অহা বিষয়টো বিভাগে কিদৰে গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷