নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডত স্বামীহাৰা ৮৮৩ মহিলাক ২.৫০ লাখ টকাকৈ প্রদান

নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ  মহামাৰী ক’ভিডত স্বামীহাৰা মহিলাৰ সামাজিক আৰু আর্থিক নিৰাপত্তা প্রদানৰ বাবে মুখ্যমন্ত্রী ক’ভিড–১৯ বিধৱা সাহায্য আঁচনিখনৰ দেওবাৰে শুভ উদ্বোধন কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রীৰ সাহায্য পুঁজিৰ অধীনত প্রতিগৰাকী বিধৱা মহিলালৈ ২.৫০ লাখ টকাৰ এককালীন সাহায্য আগবঢ়ায়৷

আঁচনিখনৰ শুভ উদ্বোধন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কালি কামৰূপ মহানগৰ, নলবাৰী, দৰং, বাক্সা, মৰিগাঁও, নগাঁও, গোৱালপাৰা আৰু কামৰূপ জিলাৰ মুঠ ১৭৬গৰাকী হিতাধিকাৰীক ২.৫০ লাখ টকাৰ একোখনকৈ চেক প্রদান কৰে৷ এই আঁচনিৰ অধীনত বর্তমানলৈকে ৮৮৩গৰাকী হিতাধিকাৰী বাছনি কৰা হৈছে৷ এই চেক প্রদান কৰা ১৭৬গৰাকী হিতাধিকাৰীক বাদ দি বাকী থকাসকলৰ চেকসমূহ সেই অনুষ্ঠানতে মুখ্যমন্ত্রী ড০ শর্মাই সংশ্লিষ্ট জিলাৰ অভিভাৱক মন্ত্রীসকলৰ হাতত তুলি দিয়ে৷ অহা শনি আৰু দেওবাৰৰ ভিতৰত অভিভাৱক মন্ত্রীসকলে সেই চেকসমূহ হিতাধিকাৰীসকলক অর্পণ কৰিব৷

ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এতিয়ালৈ ৰাজ্যখনত ক’ভিডত আক্রান্ত হৈ ৪,৭৮৮গৰাকী ব্যক্তিৰ মৃত্যু হৈছে৷ সেইদৰে ক’ভিডত আক্রান্ত হোৱা ১,৩৪৭গৰাকী লোক আনুষংগিক ৰোগৰ বাবে মৃত্যুমুখত পৰিছে৷ ক’ভিডত পিতৃ–মাতৃক হেৰুৱাই অনাথ হোৱা শিশুসকলৰ শৈক্ষিক ভৱিষ্যৎ সুৰক্ষিত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ইতিমধ্যে শিশু সেৱা আঁচনি নামেৰে এখন আঁচনিৰো শুভাৰম্ভ কৰিছে৷ যোৱা ১০ জুনত শুভাৰম্ভ কৰা সেই আঁচনিৰ অধীনত ক’ভিডৰ বাবে অনাথ হোৱা শিশুসকলক মাহে ৩,৫০০ টকাকৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ ক’ভিডত মৃত্যুবৰণ কৰা অন্যান্য লোকসকললৈও সকাহ প্রদানৰ উদ্দেশ্যে আগন্তুক বাজেটত পর্যাপ্ত পুঁজি ধার্য কৰাৰ বাবে বিত্তমন্ত্রী অজন্তা নেওগক পৰামর্শ দিয়া হৈছে বুলি ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷

অনুষ্ঠানৰ আৰম্ভণিতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী কেশৱ মহন্তই ক’ভিড মহামাৰী প্রতিৰোধ কৰাৰ অর্থে ৰাজ্য চৰকাৰে গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰি কয় যে মুখ্যমন্ত্রীৰ সক্রিয় তত্ত্বাৱধানত সময়োচিত পদক্ষেপ আৰু দ্রুত কার্যব্যৱস্থা গ্রহণ কৰি ৰাজ্যখনত মহামাৰীৰ সংক্রমণ যথেষ্ট নিয়ন্ত্রণ কৰিব পৰা গৈছে যদিও এই মহামাৰীৰ কবলৰ পৰা ৰাজ্যখনক মুক্ত কৰাৰ উদ্দেশ্যে স্বাস্থ্য বিভাগে নিৰলসভাৱে প্রয়াস অব্যাহত ৰাখিছে৷

অনুষ্ঠানত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ মন্ত্রী ৰঞ্জিত কুমাৰ দাস, পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, বনমন্ত্রী পৰিমল শুক্লবৈদ্য, হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগৰ মন্ত্রী উর্খাও গৌৰা ব্রহ্ম, কৃষিমন্ত্রী অতুল বৰা, জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকা, শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিনহা আদিও উপস্থিত থাকে৷

You might also like