চোৰৰ উপদ্রৱঃ নিৰাপত্তাহীনতাত ৰূপনগৰবাসী
১৮ নং ৱার্ড বিভিন্ন সমস্যাৰে সহাৱস্থান স্থানীয় বাসিন্দাৰ
নিয়মীয়া বাৰ্তা ১৩ জুলাইঃ এশ এবুৰি সমস্যাৰে ভাৰাক্রান্ত মহানগৰীৰ ১৮ নং ৱার্ডৰ অন্তর্গত বিভিন্ন অঞ্চল৷ গুৱাহাটী পৌৰ নিগমে মহানগৰীৰ সমস্যা সমাধানৰ বাবে ৱার্ডসমূহ নৰূপত গঠন কৰি উন্নয়নৰ নতুন পদক্ষেপ গ্রহণ কৰিলে যদিও মহানগৰবাসীয়ে দীর্ঘদিন ধৰি ভোগ কৰি অহা সমস্যাৰ স্থায়ী সমাধান নহ’ল৷ কৃত্রিম বান, বিশুদ্ধ খোৱাপানী, অনুন্নত বাট–পথ, পর্যাপ্ত পৰিমাণৰ নলা–নর্দমাৰ লগতে মহানগৰবাসীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাত আৰক্ষী–প্রশাসন একপ্রকাৰ ব্যর্থ হৈছে৷ ফলত এশ এবুৰি সমস্যাৰে মহানগৰবাসীয়ে সহাৱস্থান কৰিবলগীয়া হৈছে৷ বিশেষকৈ গুৱাহাটী পৌৰ নিগমৰ ১৮ নং ৱার্ডৰ অন্তর্গত ৰূপনগৰবাসীয়ে বিভিন্ন সমস্যাৰ মাজত বসবাস কৰিবলগীয়া হৈছে৷
ইপিনে, মহানগৰবাসীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ ক্ষেত্রত চূড়ান্ত ব্যর্থ হৈছে স্মার্ট আৰক্ষী৷ মহানগৰীত নিতৌ এটাৰ পিছত আনটো অপৰাধজনিত ঘটনা সংঘটিত হৈছে যদিও এইসমূহ অপৰাধ নিয়ন্ত্রণত মহানগৰ আৰক্ষী বিফল হোৱা পৰিলক্ষিত হৈছে৷ ক’ৰোনাসৃষ্ট পৰিৱেশৰ মাজত মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে চোৰৰ উপদ্রৱ৷ বিশেষকৈ ৰূপনগৰ অঞ্চলত বিগত তিনি মাহত শতাধিক চুৰিকাণ্ড সংঘটিত হৈছে৷ নিশা দুর্বৃত্তই তলা ভাঙি ৰূপনগৰৰ কেইবাটাও বাসগৃহৰ পৰা ধন–সোণ লুট কৰাৰ লগতে কেইবাখনো দুচকীয়া বাহন চুৰি হৈছে বুলি স্থানীয় লোকে জানিবলৈ দিছে৷ ইপিনে, ৰূপনগৰৰ একেখন দোকানত দুই–তিনিবাৰকৈ চুৰি হোৱাৰ পিছতো আৰক্ষীয়ে এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ নকৰা বুলি স্থানীয় লোকে ক্ষোভ প্রকাশ কৰে৷