লাডাখৰ ডেমচুক অঞ্চলত প্রৱেশ কৰি বেনাৰ উৰুৱাই চীনা সেনাৰ প্রতিবাদ
নিয়মীয়া বাৰ্তা, ১৩ জুলাই: তিব্বতী ধর্মীয় নেতা দালাই লামাৰ জন্মদিন ভাৰতৰ লাডাখ সীমান্তৱর্তী গাঁওসমূহত উদ্যাপন কৰাৰ পিছতে যোৱা ৬ জুলাইত চীনা সেনাই আহি ডেমচুক অঞ্চলত প্রৱেশ কৰিছিল৷ চীনা সৈনিকে ছিন্দু নদীৰ সিপাৰত ডেমচুক অঞ্চলত বেনাৰ আৰু চীনা পতাকা উৰুৱাই প্রতিবাদ সাব্যস্ত কৰে৷
উল্লেখনীয় যে চীনা সেনাৰ সৈতে দেশখনৰ অসামৰিক লোক একাংশয়ো আহি এই প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰে৷ স্মর্তব্য যে যোৱা সপ্তাহত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দালাই লামাক ৮৬সংখ্যক জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰিছিল৷ ইয়াৰ পিছতে চীনে ভাৰতৰ এনে কার্যৰ বিৰুদ্ধে প্রতিবাদ কৰে৷ স্মর্তব্য যে পূব লাডাখৰ প্রকৃত নিয়ন্ত্রণ ৰেখা (এল এ চি)ত যোৱা বছৰ এপ্রিল–মে’ মাহত ভাৰত আৰু চীনা সেনাৰ মাজত সৃষ্টি হৈছিল তীব্র উত্তেজনা৷