বিজনীৰ ৰাঙিঝৰাত বন্যহস্তী প্ৰতিৰোধী বৈদ্যুতিক শ্বৰ্ট লাইন হাতী প্ৰতিৰোধত উপযোগী নহয় বুলি স্থানীয় ৰাইজৰ অভিযোগ
নিয়মীয়া বাৰ্তা ১৩ জুলাইঃ বিজনী মহকুমাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী মানাস ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ অঞ্চলসমূহত বন্যহস্তীৰ সমস্যা দীৰ্ঘদিনীয়া। বন বিভাগৰ তৰফৰ পৰা খুংক্ৰাঝৰা, ৰাঙিঝৰা অঞ্চলৰ ৰাইজক নিৰাপত্তা দিয়াত ব্যৰ্থ বুলি ৰাইজৰ অভিযোগ। অঞ্চলটোত প্ৰতিদিনেই মানাস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত বন্যহস্তী প্ৰৱেশ কৰে যদিও বন বিভাগত খবৰ দিয়াৰ পিছতো উপযুক্ত সময়ত বনকৰ্মী উপস্থিত নোহোৱাৰ অভিযোগ।
ইয়াৰোপৰি মানাস ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে বন বিভাগৰ তৰফৰ পৰা হাতী প্ৰতিৰোধী বৈদ্যুতিক শ্বৰ্ট লাইনৰ ব্যৱস্থা কৰিছে যদিও সেয়া নিম্ন মানদণ্ডৰ বুলি ৰাইজে অভিযোগ উত্থাপন কৰে।অঞ্চলটোৰ কৃষকে বন্যহস্তীৰ উপদ্ৰোপৰ পৰা পৰিত্ৰাণ পোৱাৰ লক্ষ্যৰে বৈদ্যুতিক তাঁৰ সদৃশ ৰচি টানি গ্ৰহণ কৰিছে বিকল্প পন্থা।প্লাষ্টিকৰ ৰচি টানি পলিথিন ওলমাই বন্যহস্তীক শ্বৰ্ট লাইন বুলি ভয় খুৱাই নিজৰ নিজৰ ঘৰ আৰু খেতিপথাৰ ৰক্ষাৰ চলাইছে চেষ্টা।