নিয়মীয়া বাৰ্তা, ১৪ জুলাই: ক’ভিড–১৯সৃষ্ট পৰিস্থিতিৰ বাবে অল ইণ্ডিয়ান কাউন্সিল অৱ টেকনিকেল এডুকেচন (এআইচিটিই)–এ ২০২১–২২ শৈক্ষিক বর্ষ সংশোধিত ৰূপত ঘোষণা কৰিলে৷ সংশোধিত শৈক্ষিক বর্ষ অনুসৰি প্রথম বর্ষৰ অভিযান্ত্রিক পাঠ্যক্রমৰ পাঠদান ২৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব৷ অভিযান্ত্রিক পাঠ্যক্রমৰ শিক্ষার্থীসকলৰ প্রথম বর্ষৰ পাঠদান ২৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব৷
অৱশ্যে চলিত অভিযান্ত্রিক পাঠ্যক্রমৰ শিক্ষার্থীসকলৰ পাঠদান এক অক্টোবৰৰ পৰা আৰম্ভ হ’ব৷ এআইচিটিইয়ে অফিচিয়েল ৱেবছাইটত শৈক্ষিক বর্ষৰ সংশোধিত ৰূপ প্রকাশ কৰিছে৷ উল্লেখ্য যে কাউন্সিলে কাৰিকৰী প্রতিষ্ঠানৰ কাৰণে অনুমোদনৰ প্রক্রিয়া ১৫ জুলাইৰ ভিতৰত সম্পূর্ণ কৰিবলৈ নির্দেশ দিছে৷ পিজিডিএম আৰু পিজিচিএম কলেজৰ চলিত আৰু নতুন শিক্ষার্থীৰ ক্ষেত্রত পাঠদান আৰম্ভৰ প্রক্রিয়া ২ আগষ্টৰ ভিতৰত সম্পন্ন কৰিবলৈ নির্দেশ দিয়া হৈছে৷ কাৰিকৰী পাঠ্যক্রমৰ কাৰণে প্রথম পর্যায়ৰ কাউন্সিলিং আৰু নামভর্তিৰ আসনৰ ক্ষেত্রত অন্তিম সীমা ৩০ ছেপ্ঢেম্বৰ নির্ধাৰণ কৰি দিয়া হৈছে৷ পিজিডিএম/পিজিচিএম প্রতিষ্ঠানত নামভর্তিৰ সময়সীমা ১১ আগষ্টলৈকে সম্প্রসাৰণ কৰা হৈছে৷ ইয়াৰ পূর্বে নামভর্তিৰ সময়সীমা ১০ জুলাই আছিল৷ মুক্ত আৰু দূৰ শিক্ষণ/অনলাইন শিক্ষণৰ প্রথম আৰু দ্বিতীয় সপ্তাহৰ নামভর্তি ক্রমে ২০২১ চনৰ ১০ ছেপেটম্বৰ আৰু ২০২২ চনৰ এক ফেব্রুৱাৰী নির্ধাৰণ কৰা হৈছে৷
পিজিডিএম/পিজিচিএম প্রতিষ্ঠানৰ কাৰণে চলিত শিক্ষার্থীৰ পাঠ্যক্রম আৰম্ভ কৰাৰ অন্তিম সময়সীমা দুই আগষ্ট কৰা হৈছে৷ যিবোৰ প্রতিষ্ঠানে মুক্ত আৰু দূৰ শিক্ষণ/অনলাইন শিক্ষণ আৰম্ভ কৰিব বিচাৰে, তেনে প্রতিষ্ঠানে ১৫ জুলাইৰ ভিতৰত অনুমোদন লোৱাৰ আৱশ্যকতা আছে৷