১ লাখতকৈ অধিক নিবনুৱাই লাভ কৰিব সংস্থাপনঃ BUDGET ভাষণত পুনৰ দোহাৰিলে বিত্ত মন্ত্ৰী অজন্তা নেওগে
নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপন হৈছে ৰাজ্যখনৰ বাবে এক
অন্যতম প্রধান উদ্বেগৰ বিষয়। এই সমস্যাটোৰ নেতিবাচক প্রভাৱ হ্রাস কৰাৰ অৰ্থে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে ২০২১ বৰ্ষৰ ১১ মে’ তাৰিখে অনুষ্ঠিত প্রথম কেবিনেট বৈঠকত চৰকাৰী খণ্ডত ৰাজ্যখনৰ এক লাখ শিক্ষিত যুৱক-যুৱতীক নিযুক্তি প্রদান প্রক্রিয়া আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে। এই নিযুক্তি প্রক্রিয়া ক্ষিপ্ৰ কৰাৰ অৰ্থে বিত্তমন্ত্ৰী অজন্ত নেওগৰ অধ্যক্ষতাত এখন কমিটী গঠন কৰিছিল।
সেই অনুসৰি বর্তমান সময়ত প্রয়োজনীয়তা থকা আৰু প্রয়োজনীয়তা নথকা দিশটো বিবেচনা কৰি মঞ্জুৰিকৃত খালী পদৰ বর্তমান স্থিতি সম্পর্কে জনাবলৈ এই কমিটীখনে সকলো প্রশাসনীয় বিভাগক অনুৰোধ কৰিছিল।
এতিয়ালৈকে প্রায় সকলো বিভাগে তেওঁলো বিভাগসমূহত থকা বর্তমানৰ খালী পদ সম্পর্কে আৰু প্রয়োজনীয়তা অনুসৰি নতুন পদৰ সৃষ্টি সম্পর্কে কমিটীক অৱগত কৰিছে আৰু প্রায় এক লাখ খালী পদ তথা নতুন পদ সৃষ্টিৰ প্ৰস্তাৱ লাভ কৰা হৈছে।
সেই অনুসৰি আজি বিত্তমন্ত্ৰীগৰাকীয়ে সদনত দাখিল কৰা মতে বিভিন্ন বিভাগৰ প্ৰয়োজনীয় খালী পদৰ সংখ্যা হৈছে ১,০০,০৪৩ টা।
আজি সদনত বিত্তমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয়, “মই পৱিত্র সদনক আশ্বাস দিব বিচাৰো যে শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছ, নিকা আৰু মসৃনভাৱে প্রক্রিয়া সুনিশ্চিত কৰিবলৈ অত্যাধিক সাৱধানতা অৱলম্বন কৰা হ’ব যিহেতু আমি এই প্রক্রিয়া আৰম্ভ কৰিছোঁ। লগতে সমগ্র নিযুক্তি প্রক্রিয়াটো যথোচিত প্রতিনিধিত্বমূলক গাঁথনিৰে সম্পন্ন কৰাৰ উদ্দেশ্যে এখন বিধেয়ক অনা হ’ব।”