অসমৰ কৃষকে সচৰাচৰ কৰি অহা পালেং শাকৰ খেতিৰ সমান্তৰালভাৱে কিছু লোকে অতি কম পৰিসৰত অন্য এবিধ পালেঙৰ খেতি কৰাও দেখিবলৈ পোৱা যায়৷ সেইসকল লোকে ফুলৰ দৰে বাৰী শুৱনি কৰাৰ বাবেহে ইয়াৰ খেতি কৰে বুলিব পাৰি৷ কাৰণ ইয়াক হেজজাতীয় ফুলৰ দৰে আগ কলম দি সমান কৰাৰ লগতে ইয়াৰ গছৰ পৰা ওলোৱা সৰু সৰু ৰঙীন ফুলবোৰে শোভাবর্ধন কৰি ফুলনিক দৃষ্টিনন্দন কৰি তোলাৰ অৱকাশো থাকে৷ তাতেই বাৰিষা সাধাৰণ পালেং শাকৰ অভাৱৰ সময়ত এইবিধ শাক প্রচুৰভাৱে পোৱাটো সম্ভৱ হোৱাত বহু লোকে ইয়াৰ খেতিৰ প্রতি আগ্রহী হোৱাও বাস্তৱত পৰিলক্ষিত হৈ উঠে৷ ইয়াৰ খেতিৰ বাবে সাধাৰণতে ওখ চানেকীয়া পানী বন্ধ নোহোৱা ঠাই বেছি উপযোগী হোৱালৈ চাই প্রথমে হয়তো পিৰালিৰ কাষত ইয়াক লগোৱাৰ ব্যৱস্থা প্রত্যক্ষ কৰিয়েই ইয়াৰ নাম ৰখা হৈছিল পিৰালি পালেং৷ পিছে আজিকালি ঘৰৰ ভেটি তথা চোতালবোৰ পকী কৰিবলৈ লোৱাত এইবিধ শাকক স্থানান্তৰিত কৰিব লগা হৈছে টাব অথবা ফুলনি বাৰীলৈ৷
উল্লেখ্য যে অসমৰ প্রতিৱেশী ৰাজ্য মেঘালয়ৰ খাচিয়াসকলৰ মাজত ইয়াৰ খেতিয়ে প্রাধান্য পোৱালৈ চাই এইবিধ পালেঙক বহুতে খাচিয়া পালেং নামেৰেও নামকৰণ কৰি অহা দেখা যায়৷ ইংৰাজীত ইয়াকgardian spinach আৰু বৈজ্ঞানিকভাৱেSpinachia oleracea নামেৰে ইয়াক জনা যায়৷ ইয়াৰ গছ ওখই ৩০–৪০ চেণ্টিমিটাৰলৈ হয়৷ গা–গছ কোমল আৰু ৰসাল৷ পাত দীঘলে ৮–১২ চেণ্টিমিটাৰ আৰু বহলে ২–৪ চেণ্টিমিটাৰ হয়৷ পাত নিমজ, অধোডিম্বাকাৰ আৰু কাষ অভংগ প্রকৃতিৰ৷ এই গছৰ পাত আৰু কোমল ঠাল অংশ সাধাৰণ পালেং শাকৰ দৰেই ভাজি অথবা তৰকাৰী কৰি খাব পাৰি৷ মাছৰ লগত কৰা ইয়াৰ টেঙাজোল অধিক তৃপ্তিদায়ক হয়৷ ইয়াক আনকি কেঁচাই মিহিকৈ কাটি নাইবা পিহি চাটনিৰ ৰূপতো খাব পাৰি৷
এইবিধ শাক যে অতি উপাদেয় সেই বিষয়ে উল্লেখ নকৰিলেও হ’ব হয়তো৷ ইয়াৰ একাপ দ্রব্যত উপলব্ধ পুষ্টি উপাদানসমূহ এনে বুলি জনা গৈছে – পানী ৯১ গ্রাম, শক্তি ৭ কেল্ৰি, প্র’টিন ০.৭ গ্রাম, কার্বোহাইড্রেট ১ গ্রাম, ফাইবাৰ ০.৭ গ্রাম, কেলছিয়াম ২৯.৭ গ্রাম, আইৰন ২.৭ মিঃ গ্রাম, ফছফৰাছ ১৪.৭ মিঃ গ্রাম, পটাছিয়াম ১৬৭.৪ মিঃ গ্রাম, মেগনেছিয়াম ২৩.৭ মিঃ গ্রাম, জিংক ০.১৬ মিঃ গ্রাম আৰু ভিটামিন– এ ২৮১৩ আইইউ, বি৬ ০.০৫৯ মিঃ গ্রাম, বি৯ ০.০৫১ মিঃ গ্রাম, ফলেট ১৪৫ মাইক্র’গ্রাম, চি ৮.৪ মিঃ গ্রাম আৰু ই ০.৬১ মিঃ গ্রাম৷ গতিকে এনে তথ্যই প্রতিপন্ন কৰে যে পিৰালি পালেং এবিধ পুষ্টিকাৰক শাক হ’ব৷
লক্ষণীয় যে ইয়াত শক্তি, প্র’টিন, কার্বোহাইড্রেট আদিৰ পৰিমাণ কম থকাত স্বাভাৱিকতে উচ্চ ৰক্তচাপত ভোগা লোক, মধুমেহ ৰোগী আৰু হূদৰোগীৰ বাবে উপযোগী খাদ্য৷ দেখা যায় যে ইয়াত পটাছিয়ামৰ স্থিতি যথেষ্ট সবল, যাৰ বাবে ৰক্তচাপ নিয়ন্ত্রিত হৈ থকাটো সম্ভৱ৷ এনে কামত নাইট্রেট জাতীয় উপাদানেও সহায় কৰে বুলি উল্লেখ পোৱা যায়৷ তেনেকৈ ইয়াত থকা কার্বোহাইড্রেটৰ পৰিমাণ কম হোৱাৰ সমান্তৰালভাৱে ইয়াত থকা আলফা লিন’লিক নামৰ যৌগবিধে ৰক্তত গ্লুকজৰ মাত্রা কমাই ইনছুলিনৰ সক্রিয়তা বৃদ্ধি কৰা হেতুকে মধুমেহ ৰোগ নিয়ন্ত্রণ সম্ভৱ হয় বুলি কোৱা হৈছে৷ সেইদৰে, ইয়াত থকা লুটেইন, জিঝেনথিন আদি কেৰটিনয়ড উপাদানে দৃষ্টিশক্তি অক্ষুণ্ণ ৰখাত সহায় কৰে বুলি তথ্য পোৱা যায়৷ তদুপৰি, ইয়াত থকা ত্তDG, SQDG Õ±ৰু কিমফেৰল (emferol— নামৰ উপাদানৰ সক্রিয় ক্রিয়াৰ প্রভাৱত দেহত কর্কট ৰোগ সৃষ্টিকাৰী টিউমাৰ (বিশেষকৈ ডিঙিৰ) সৃষ্টিত বাধাদান কৰা নতুবা পূর্বে থকা তেনে টিউমাৰৰ বর্ধনো ই বাধাগ্রস্ত কৰে বুলি গৱেষণাৰ দ্বাৰা ব্যক্ত কৰাৰ তথ্য পোৱা গৈছে৷ এইবিলাকৰ বাহিৰেও ইয়াত থকা ভিটামিন চিয়ে দেহৰ ৰোগ প্রতিৰোধী ক্ষমতা বৃদ্ধি কৰা, ভিটামিন–কেই দেহৰ ৰক্তক্ষৰণ বন্ধ কৰা আৰু ভিটামিন বি৯, অর্থাৎ ফলিক এচিডে মাতৃৰ সুস্বাস্থ্যৰ লগতে গর্ভস্থ সন্তানৰ পেশী গঠনতো ইতিবাচক প্রভাৱ পেলায় বুলি কোৱা হৈছে৷ তাৎপর্যপূর্ণ যে পুষ্টি তথা ঔষধি গুণৰ দিশত সম্প্রতি পিৰালি পালেঙৰ স্থান ব্রকলিৰ ওপৰত ৰখালৈ চাই শাকবিধৰ ব্যৱহাৰিক দিশ উজ্জ্বলতৰ বুলিব পৰা হৈছে৷ সেয়েহে ইয়াক খোৱাৰ প্রতি আমি যত্নপৰ হোৱাটো উচিত হ’ব৷
Prev Post
Next Post
You might also like