বৃহস্পতিবাৰৰ পৰা পুনৰ চলাচল আৰম্ভ হ’ব ৰ’পৱে সেৱা
নিয়মীয়া বাৰ্তা ২১ জুলাইঃ বৃহস্পতিবাৰৰ পৰা পুনৰ চলাচল আৰম্ভ হ’ব গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ ৰ’পৱে সেৱা। পুৱা আঠ বজাৰ পৰা সন্ধিয়া ৫:৩০ বজালৈ চলিব এই সেৱা। কভিড প্ৰট’কল মানি উঠিব পাৰিব যাত্ৰী।
উল্লেখ্য যে ক’ভিড সংক্ৰমণৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৬ মে’ৰ পৰা বন্ধৰখা হৈছিল ৰ’পৱে সেৱা।
ইপিনে পুনৰ চলাচল আৰম্ভ হোৱাৰ দিনাৰ পৰা বৃদ্ধি কৰা হৈছে ৰ’পৱে পাৰাপাৰ ভাৰা। পূৰ্বৰ ভাৰা অহাযোৱা এশটকাৰ পৰিবৰ্তে এশ পঞ্চাশ টকা। এবাৰ পাৰ হ’লে ষাঠি টকাৰ পৰা এশ টকালৈ বৃদ্ধি কৰা হৈছে। লগতে তিনি বছৰৰ পৰা বাৰবছৰ আৰু জ্যেষ্ঠ নাগৰিকৰ ভাৰা হ্ৰাস কৰি আধা কৰা হৈছে ।
ইফালে সাপ্তাহিক ভাৰা দুহেজাৰ, মাহিলী ভাৰা ছহেজাৰ টকা আৰু বছৰেকীয়া পঞ্চাচ হাজাৰ টকা। বিশেষভাবে সক্ষম লোকৰ ভাৰা সম্পূৰ্ণ ৰেহাই দিয়া হৈছে।