চানমাৰিত বিদ্যুৎস্পৃষ্ট হৈ নুনমাটিৰ যুৱকৰ কৰুণ মৃত্যু
নিয়মীয়া বাৰ্তা ২২ জুলাইঃ চানমাৰিৰ মামণি ৰয়ছম গোস্বামী পথত বুধবাৰে নুনমাটিৰ এজন যুৱকৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷ ৰে’ল বিভাগত ঠিকাদাৰৰ অধীনত শ্রমিক হিচাপে কর্মৰত নুনমাটিৰ লখিমী নগৰৰ দিগন্ত দাস (৩১) নামৰ যুৱকজনে আজি চানমাৰিত ৰে’ল বিভাগৰ কাম কৰি থকাৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ ঘটনাস্থলীতে মৃত্যুবৰণ কৰে৷
স্থানীয় ৰাইজৰ সহযোগত ৰে’ল বিভাগৰ ঠিকাদাৰে যুৱকজনক চিকিৎসাৰ বাবে আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷ ৰে’ল বিভাগৰ ঠিকাদাৰৰ অধীনত শ্রমিক হিচাপে কর্মৰত দিগন্তই মৃত্যুৰ সময়ত পিতৃ–মাতৃৰ লগতে পত্নী আৰু দুটি কণমানি সন্তানক এৰি থৈ যায়৷ কাৰ গাফিলতিৰ বাবে বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক আঁকোৱালি ল’বলগীয়া হ’ল সেই ন্যায়িক তদন্ত দাবী কৰিছে দুর্ভগীয়া পৰিয়ালটোৱে৷ ইফালে সৰবৰহী যুৱক দিগন্ত দাসৰ নুনমাটিৰ লখিমী নগৰত শোকৰ ছাঁ পৰিছে৷