নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেলতলাৰ তিৱাৰী ছুইটছত খাদ্য সুৰক্ষা বিভাগৰ অভিযান

নিয়মীয়া বাৰ্তা ২২ জুলাইঃ জনস্বাস্থ্যৰ প্রতি ভাবুকি সৃষ্টি কৰি গুৱাহাটীত একাংশ হোটেল–ৰেষ্টুৰেণ্টত খাদ্য বিক্রী কৰি আহিছে৷ জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই বেলতলাৰ তিৱাৰী ছুইটছ এণ্ড ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ পৰিৱেশত মিঠাই প্রস্তুত কৰাৰ লগতে বিক্রী কৰি আহিছে৷ বুধবাৰে ‘নিয়মীয়া বার্তা’ত তথ্যসহকাৰে এই বাতৰি প্রকাশ পোৱাৰ পাছতে খাদ্য সুৰক্ষা বিভাগৰ এটা দলে অভিযান চলায়৷ খাদ্য সুৰক্ষা বিভাগৰ পৰিদর্শক চম্পক কুমাৰ পাঠকৰ নেতৃত্বত যোৱা দলটোৱে বেলতলাৰ তিৱাৰী ছুইটছত অভিযান চলাই অস্বাস্থ্যকৰ পৰিৱেশত মিঠাই প্রস্তুত কৰা ধৰা পেলায়৷ লগতে তিৱাৰী ছুইটছৰ স্বত্বাধিকাৰীয়ে খাদ্য সুৰক্ষা বিভাগৰ অনুজ্ঞাপত্র নোলোৱাকৈ ব্যৱসায় চলাই আহিছিল৷ পৰিদর্শক পাঠকে জানিবলৈ দিয়া মতে, বিভাগীয় নীতি–নির্দেশনা অনুসৰি হোটেল কর্তৃপক্ষৰ বিৰুদ্ধে বিভাগে ব্যৱস্থা গ্রহণ কৰিব৷

You might also like