নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নিয়মীয়া বার্তা’ৰ বাতৰিৰ প্রভাৱঃ ৫ দিনৰ বাবে ছীল বেলতলাৰ তিৱাৰী ছুইটছ

নিয়মীয়া বাৰ্তা, ২৪ জুলাই: জনস্বাস্থ্যৰ প্রতি ভাবুকি সৃষ্টি কৰি অস্বাস্থ্যকৰ পৰিৱেশত মিঠাই প্রস্তুত কৰি বিক্রী কৰাৰ অভিযোগত খাদ্য সুৰক্ষা বিভাগে  এক নির্দেশযোগে পাঁচ দিনৰ বাবে বেলতলাৰ তিৱাৰী ছুইটছ এণ্ড ৰেষ্টুৰেণ্ট ছীল কৰি দিয়ে৷

‘নিয়মীয়া বার্তা’ত তথ্যসহকাৰে তিৱাৰী ছুইটছৰ বাতৰি প্রকাশ পোৱাৰ পিছতে খাদ্য সুৰক্ষা বিভাগৰ এটা দলে হোটেলখনত অভিযান চলাইছিল৷ এই অভিযানত খাদ্য সুৰক্ষা বিভাগৰ অনুজ্ঞা–পত্র নোহোৱাকৈ তিৱাৰী ছুইটছে মিঠাই বিক্রী কৰি থকাৰ লগতে অস্বাস্থ্যকৰ পৰিৱেশত মিঠাই প্রস্তুত কৰা ধৰা পেলাইছিল৷

পাঁচ দিনৰ ভিতৰত স্বত্বাধিকাৰীয়ে হোটেলখন পৰিষ্কাৰ কৰাৰ লগতে বিভাগীয় অনুজ্ঞা–পত্র উলিয়াব লাগিব৷

You might also like