নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুত্রৰ আলফালৈ গমনত গর্বিত মাতৃঃ এটা হোৱাটছ্এপ ষ্টেটাছ আৰু বিজু …

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ ‘জয় আই অসম, সংযুক্ত মুক্তি বাহিনী জয়, মোক আৰু কোনেও লগ নোপোৱা’ বুলি হোৱাটছএপত ষ্টেটাছ দি ‘কা’বিৰোধী আছু নেতা বিজু গগৈৰ আলফালৈ গমনক কেন্দ্র কৰি পেঙেৰীত চাঞ্চল্য অব্যাহত আছে ৷ উল্লেখ্য যে মাত্র এটা পষেকৰ আগতে পেঙেৰী –বৰডুমচা অঞ্চলৰে ৬গৰাকীয়ে আলফা স্বাধীনত যোগদানৰ বাবে যোগাযোগ অব্যাহত ৰখাৰ সন্দেহত আটক কৰিছিল বৰডুমচা আৰক্ষীয়ে ৷ এই ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই পুনৰ এগৰাকী ছাত্র নেতা সন্ধানহীন হোৱাৰ পিছত আলফাত যোগদান কৰাৰ তথ্য প্রচাৰ হোৱাত অঞ্চলটোত চাঞ্চল্যকৰ পৰিৱেশ সৃষ্টি হয় ৷ সোমবাৰে পেঙেৰী থানাৰ অন্তর্গত নগাপথাৰস্থিত নিৰুদ্দিষ্ট ছাত্র নেতা বিজু গগৈ ওৰফে পাপুলুৰ ঘৰত উপস্থিত হৈছিলোঁ ৷ পিতৃ ব্রজেন গগৈয়ে পেঙেৰীৰ আৰক্ষীৰ পৰামর্শ মতে নিৰুদ্দেশৰ স্থান তিনিচুকীয়াৰ সদৰ থানাতো এখন এজাহাৰ দাখিলৰ বাবে গৈছিল যদিও বিজুৰ মাতৃ কুঞ্জ গগৈ, জ্যেষ্ঠ ভাতৃ মনোৰঞ্জন আৰু ভগ্নী চিত্রাসহ ককা–আইতাকক লগ পাইছিলোঁ ৷

কান্দোনত ভাগি পৰা মাতৃয়ে থোকাথুকি মাতেৰে কয়– ‘মোৰ দৰে এগৰাকী সাধাৰণ মহিলাই দেশৰ বাবে ওলাই যাব পৰা এজন সন্তানক জন্ম দিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ ৷ কিন্তু আমাক ঘুণাক্ষৰেও নজনোৱাকৈ গুচি যোৱাত দুখ লাগিছে ৷’ সামাজিক জীৱনৰ মায়া–মোহ ত্যাগ কৰি অন্য এখন জগতলৈ ঢ়াপলি মেলাৰ বাবে কাক জগৰীয়া কৰিব বুলি সোধাত বিজুৰ মাতৃ কুঞ্জ গগৈয়ে ইয়াৰ বাবে বিজেপি চৰকাৰেই দায়ী বুলি উত্তৰ দিয়ে ৷ উল্লেখ্য যে ‘কেব’, ‘কা’বিৰোধী কার্যসূচীত ‘আছু’ নেতা হিচাপে ৰাইজক নেতৃত্ব দিয়া বিজু গগৈ নামৰ নির্জু প্রকৃতিৰ যুৱকজনে প্রতিখন সমাৱেশতেই উপস্থিত থকাৰ কথা সদৰী কৰিলে মাতৃয়ে ৷ কেৱল সেয়াই নহয়, গাঁৱৰ প্রতিটো সামাজিক কামৰে নেতৃত্ব বহন কৰা বিজুৱে মাঘ বিহুৰ মেজিৰ বাবে খৰি–কাঠো সংগ্রহ কৰি থৈ গৈছে বুলি আঙুলিয়াই দেখুৱালে ৷ ‘মোৰ ল’ৰাটোৰ আৰু এইবাৰ মেজিৰ ভোজ খোৱা নহ’ল ৷’– তেওঁ কয় ৷ উল্লেখ্য যে যোৱা ৩ জানুৱাৰীত তিনিচুকীয়াৰ আই টি আই খেলপথাৰত বিভিন্ন দল–সংগঠনে আয়োজন কৰা ‘কা’বিৰোধী সমাৱেশ ‘গণহুংকাৰ’লৈ অন্যান্য প্রতিবাদী সতীর্থৰ স’তে নেতৃত্ব বহন কৰি অঞ্চলটোৰ পৰা জনসাধাৰণক একাধিক বাছেৰে লৈ গৈছিল বৰডুমচা–পেঙেৰী আঞ্চলিক ছাত্র সন্থাৰ সহকাৰী সম্পাদক বিজু গগৈয়ে ৷ উক্ত দিনা সন্ধিয়াই সকলো ঘৰাঘৰি হ’ল যদিও বিজু গগৈয়ে ঘৰ নাপালেহি ৷

You might also like