নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ কর্ণাটকৰ নতুন মুখ্যমন্ত্রী বাসৱৰাজ বোম্মাই৷ মঙলবাৰে বিজেপিৰ বিধায়িনী দলে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্রী ৰূপে বাসৱৰাজ বোম্মাইক নির্বাচিত কৰে৷ সোমবাৰে কর্ণাটকৰ মুখ্যমন্ত্রী বি এছ য়েডিয়ুৰাপ্পাই পদত্যাগ কৰাৰ পিছত মঙলবাৰে দলৰ কেন্দ্রীয় শীর্ষ নেতৃত্বৰ উপস্থিতিত বিধায়িনী দলে বাসৱৰাজ বোম্মাইক দলৰ নেতা তথা মুখ্যমন্ত্রী হিচাপে নির্বাচিত কৰে৷
বি এছ য়েডিয়ুৰাপ্পা চৰকাৰত গৃহমন্ত্রীৰ দায়িত্বত থকা বোম্মাই প্রাক্তন মুখ্যমন্ত্রী য়েডিয়ুৰাপ্পাৰ অতিকে ঘনিষ্ঠ৷ নতুন মুখ্যমন্ত্রী বোম্মায়ো ৰাজনীতিত অতি প্রভাৱশালী লিংগায়াট সম্প্রদায়ৰে নেতা৷ সাদৰা লিংগায়াট সম্প্রদায়ৰ নেতা বাসৱৰাজ বোম্মাই ২০০৮ চনত বিজেপিত যোগদান কৰি পিছলৈ ৰাজনৈতিক দক্ষতাৰে এজন প্রভাৱশালী নেতা হিচাপে প্রতিষ্ঠা লভে৷ টাটা গ্রুপত অভিযন্তা ৰূপে কর্মজীৱন আৰম্ভ কৰা বোম্মাই দুবাৰৰ এম এল চি আৰু হাভেৰী জিলাৰ ছিগগাঁৱৰ পৰা তিনিবাৰ বিধায়ক৷ কর্ণাটকৰ নতুন মুখ্যমন্ত্রী ৰূপে শপতগ্রহণ কৰিবলগীয়া বাসৱৰাজ বোম্মাইৰ পিতৃ এছ আৰ বোম্মায়ো ৰাজ্যখনৰ মুখ্যমন্ত্রী ৰূপে কার্যনির্বাহ কৰিছিল৷
বর্ষীয়ান নেতা বি এছ য়েডিয়ুৰাপ্পাই পদত্যাগ কৰাৰ পিছত কেন্দ্রীয় পর্যটক হিচাপে কেন্দ্রীয় মন্ত্রী ধর্মেন্দ্র প্রধান, জি কিষাণ ৰেড্ডী আৰু জ্যেষ্ঠ নেতা অৰুণ সিং আৰু নলীন কাটিল কর্ণাটকত উপস্থিত হয়৷ বিধায়িনী দলৰ সৈতে প্রথমে কেন্দ্রীয় পর্যৱেক্ষকৰ বৈঠক হয় আৰু ইয়াৰ পিছতেই বিধায়িনী দলৰ বৈঠকত বাসৱৰাজ বোম্মাইক মুখ্যমন্ত্রীৰূপে নির্বাচিত কৰে৷