নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলপানিৰ ধন আগবঢ়ালে মেধাৱী ছাত্র ইভান ডেকাই

মুখ্যমন্ত্রীৰ সাহায্য পুঁজি

নিয়মীয়া বাৰ্তা ৪ আগষ্টঃ ছত্তিশগড়ৰ ভিলাই আই আই টিত অধ্যয়নৰত অসমৰ মেধাৱী ছাত্র ইভান ডেকাই গুগলত ইণ্টার্নশ্বিপ কৰাৰ বিনিময়ত লাভ কৰি অহা জলপানিৰ পৰা দহ হাজাৰ টকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ জৰিয়তে মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ দান হিচাপে আগবঢ়ায়৷

দেওবাৰে খানাপাৰাৰ প্রশাসনিক পদাধিকাৰ মহাবিদ্যালয়ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক সাক্ষাৎ কৰি ছাত্রজনে এই ধন প্রদান কৰে৷ ছাত্রজনৰ এই সদিচ্ছাক মুখ্যমন্ত্রী ড০ শর্মাই ভূয়সী প্রশংসা কৰাৰ লগতে আগন্তুক দিনতো ৰাজ্যখনৰ সর্বাংগীণ উন্নয়নৰ স্বার্থত আগবাঢ়ি আহিবলৈও আহ্বান জনায়৷

নাতিদীর্ঘ সময়ছোৱাৰ মাজতেই মুখ্যমন্ত্রী ড০ শর্মাই মেধাৱী ছাত্রজনৰ লগত ৰাজ্যৰ কেইবাটাও গুৰুত্বপূর্ণ বিষয়ত আলোচনা কৰি ৰাজ্যখন সম্পর্কত নতুন প্রজন্মৰ দৃষ্টিভংগী কেনেকুৱা সেয়া জানিবলৈ যত্ন কৰে৷ উল্লেখ্য যে ইলেক্ট্র্রিকেল ইঞ্জানীয়াৰিঙৰ চূডান্ত বর্ষৰ ছাত্র ইভান ডেকা গুৱাহাটীৰ ছয়মাইল নিৱাসী তথা ড০ হিমন্ত বিশ্ব শর্মাৰ বাল্যবন্ধু দ্বীপেন ডেকাৰ সুযোগ্য পুত্র৷

You might also like