নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ডত তলা জিএমচিৰ

সেউজ ন্যায়াধিকৰণৰ কঠোৰ নির্দেশনাত বাধ্য হ’ল প্রশাসন

নিয়মীয়া বাৰ্তা ৪ আগষ্টঃ সেউজ ন্যায়াধিকৰণৰ নির্দেশনা উলংঘাৰে দীপৰ বিলৰ সমীপৰ পশ্চিম বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ডত মহানগৰীৰ আৱর্জনা পৌৰ নিগম কর্তৃপক্ষই পেলাই আহিছিল৷ ৰামছাৰ ছাইট খ্যাত দীপৰ বিলৰ জৈৱ–বৈচিত্র্যৰ প্রতি ভাবুকি সৃষ্টি কৰি মহানগৰীত প্রতিদিনে ওলোৱা প্রায় ৫৫০টন আৱর্জনা বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ডত পেলাই আহিছিল৷ বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ডে দীপৰ বিলৰ জৈৱ–বৈচিত্র্যৰ প্রতি কঢ়িওৱাৰ ভাবুকিৰ প্রতি লক্ষ্য ৰাখি সেউজ ন্যায়াধিকৰণে পৌৰ নিগম কর্তৃপক্ষক বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ড স্থানান্তৰ কৰিবলৈ নির্দেশনা জাৰি কৰিছিল৷ কিন্তু সেউজ ন্যায়াধিকৰণৰ নির্দেশনা উলংঘাৰে জিএমচি কর্তৃপক্ষই বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ডত আৱর্জনা পেলাই আহিছিল৷

অৱশেষত সেউজ ন্যায়াধিকৰণৰ নির্দেশমর্মে মঙলবাৰে পশ্চিম বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ডত তলা ওলমাই দিয়ে পৌৰ নিগম কর্তৃপক্ষই৷ আজিৰে পৰা চিৰদিনলৈ পশ্চিম বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ড বন্ধ কৰি দিয়াত এতিয়া গুৱাহাটীৰ আৱর্জনা পেলাবলৈ স্থান বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে পৌৰ নিগম কর্তৃপক্ষ৷ গুৱাহাটী মহানগৰীত প্রতিদিনে প্রায় ৫৫০ টন আৱর্জনা ওলায়৷ এই অৱর্জনাসমূহ পৌৰ নিগম কর্তৃপক্ষই এনজি’ৰ জৰিয়তে সংগ্রহ কৰি বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ডত পেলাই অহিছিল৷ ২০০৭ চনতে পশ্চিম বৰাগাঁৱত স্থাপন কৰা ডাম্পিং গ্রাউণ্ড এনজিটিৰ নির্দেশ মর্মে আজিৰে পৰা চিৰদিনলৈ বন্ধ কৰি দিয়াত মহানগৰীৰ আৱর্জনা পেলাবলৈ স্থান নাইকিয়া হৈছে৷

এনজিটিৰ নির্দেশনাৰ পাছতে পৌৰ নিগম কর্তৃপক্ষই মহানগৰীৰ আৱর্জনা পেলাবৰ বাবে সোণাইঘুলি, যোৰাবাট, চন্দ্রপুৰকে ধৰি কেইবাটাও স্থান নির্ধাৰণ কৰিছিল৷ কিন্তু বিশেষজ্ঞসকলে উক্ত স্থানকেইটা ডাম্পিং গ্রাউণ্ডৰ বাবে উপযুক্ত নহয় বুলি প্রতিবেদন দাখিল কৰিছিল৷ কিন্তু এনজিটিৰ নির্দেশনা অনুসৰি বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ড চৰকাৰে বন্ধ কৰিব লাগিব বুলি জানিব পাৰি চন্দ্রপুৰৰ তাপবিদ্যুৎ প্রকল্পত ডাম্পিং গ্রাউণ্ড স্থাপনৰ সিদ্ধান্ত গ্রহণ কৰে৷ এই সিদ্ধান্ত অনুসৰিয়ে চন্দ্রপুৰৰ তাপবিদ্যুৎ প্রকল্পত বিগত ডেৰ মাহ ধৰি অৱর্জনা পেলাই আহিছে পৌৰ নিগমে৷ চন্দ্রপুৰত ডাম্পিং গ্রাউণ্ড স্থাপনৰ বিৰোধিতাৰে ৰাইজে ধাৰাবাহিক প্রতিবাদ অব্যাহত ৰাখিছে৷ ৰাইজৰ প্রতিবাদৰ পাছতো আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত চন্দ্রপুৰৰ তাপবিদ্যুৎ প্রকল্পত আৱর্জনা পেলাই অহিছে পৌৰ নিগমে৷ আজিৰে পৰা বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ডত তলা ওলমাই দিয়াত পৌৰ নিগমে এতিয়া প্রতিদিনে ওলোৱা ৫৫০ টন আৱর্জনা ক’ত পেলাব তাক লৈ বিবুদ্ধিত পৰিছে৷ এফালে চন্দ্রপুৰত ৰাইজৰ ধাৰাবাহিক গণতান্ত্রিক আন্দোলন আনফালে বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ড বন্ধৰ বাবে এনজিটিয়ে লোৱা কঠোৰ স্থিতিত মহানগৰীৰ আৱর্জনা ক’ত পেলাব তাক লৈ এতিয়া জিএমচি কর্তৃপক্ষ আৰু চৰকাৰ চিন্তিত হৈ পৰিছে৷

You might also like