নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী–বেচৰকাৰী শিক্ষানুষ্ঠানে শিক্ষা সংসদৰ প’র্টেলত কৰিব লাগিব পঞ্জীয়ন

অসন্তুষ্ট পৰীক্ষার্থীৰ বাবে বিশেষ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাঃ ৯ৰ পৰা ১৬ আগষ্টৰ ভিতৰত আবেদনৰ দিন ধার্য

নিয়মীয়া বাৰ্তা ৫ আগষ্টঃ একাদশ শ্রেণীৰ নামভর্তি প্রক্রিয়া এইবাৰ কার্যতঃ অনলাইনযোগে কৰাৰ বিশেষ ব্যৱস্থা গ্রহণ কৰিছে শিক্ষা বিভাগে৷ বিকল্প মূল্যায়ন পদ্ধতিৰে ঘোষিত চলিত বর্ষৰ হাইস্কুল–হাইমাদ্রাছা শিক্ষান্ত পৰীক্ষাত অভিলেখসংখ্যক ছাত্র–ছাত্রী উত্তীর্ণ হোৱাৰ পাছত নামভর্তিৰ বিষয়টোক লৈ ব্যাপক চর্চা অব্যাহত থকাৰ সময়তে বুধবাৰে এই সন্দর্ভত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এক গুৰুত্বপূর্ণ ঘোষণা কৰে৷ সংবাদ মাধ্যমৰ আগত শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে একাদশ শ্রেণীত নামভর্তি কৰাব বিচৰা চৰকাৰী–বেচৰকাৰী– সকলো শিক্ষানুষ্ঠানে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প’র্টেলত প্রথমতে পঞ্জীয়ন কৰিবই লাগিব৷ ছাত্র–ছাত্রীৰ নামভর্তি হ’ব সেই প’র্টেলটোৰ জৰিয়তেহে৷ বহু সময়ত একোখন স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠানৰ লগত কেইবাখনো স্বীকৃতিবিহীন মহাবিদ্যালয়–বিদ্যাল্ সংযুক্ত হৈ থাকে৷ তেনেবোৰৰ ক্ষেত্রতো কোৱা হৈছে– প্রত্যেকেই পঞ্জীয়ন কৰিব লাগিব৷ যিবোৰৰ স্বীকৃতি নাই, তেওঁলোকে ‘এপ্লাইড ফ’ৰ’ বুলি লিখি দিব পাৰিব৷

শিক্ষানুষ্ঠানসমূহৰ দৰে ছাত্র–ছাত্রীসকলৰ ক্ষেত্রতো অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প’র্টেলত পঞ্জীয়ন বাধ্যতামূলক কৰা হৈছে৷ এই সম্পর্কত শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে ছাত্র–ছাত্রীসকলেও তেওঁলোকৰ ৰোল নম্বৰৰ জৰিয়তে পঞ্জীয়ন কৰিব আৰু কোন মহাবিদ্যালয় বা বিদ্যালয়ত নামভর্তি কৰিব বিচাৰে, তাৰ বাবে পাঁচটাকৈ বিকল্প (অপচন) দিব পাৰিব৷ এই পাঁচটা বিকল্প পোৱাৰ পাছত নির্দিষ্ট মহাবিদ্যালয় বা বিদ্যালয়সমূহে কাক কাক নামভর্তিৰ কাৰণে যোগ্য বিবেচিত কৰিব, তাৰ এখন তালিকাত অনুমোদন জনাব৷ বহু ছাত্র–ছাত্রীয়ে দুই–তিনিখন শিক্ষানুষ্ঠানত নামভর্তি কৰি ‘চিট ব্লক’ কৰাৰ প্রতি লক্ষ্য ৰাখিয়ে এনেধৰণৰ ব্যৱস্থা গ্রহণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷ শিক্ষামন্ত্রী ডাঃ পেগুৰ মতে এজন শিক্ষার্থীয়ে যাতে এখন শিক্ষানুষ্ঠানতে নামভর্তি কৰে, তাৰ বাবেই অনলাইন প’র্টেলৰ এই ব্যৱস্থা৷

শংকৰদেৱ শিশু নিকেতন, জাতীয় বিদ্যালয় আদিৰ দৰে ব্যক্তিগত শিক্ষানুষ্ঠানত নামভর্তি সন্দর্ভত তেওঁ কয় যে ব্যক্তিগত আইনৰ অধীনত থকা ব্যক্তিগত শিক্ষানুষ্ঠানসমূহে একাদশ শ্রেণীত নামভর্তি কৰাব বিচাৰিলে, চৰকাৰে অনুমতি প্রদান কৰিব৷ সেইদৰে স্নাতক পর্যায়ত নামভর্তিৰ প্রসংগত শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে আমি মহাবিদ্যালয়সমূহক্ ২০ শতাংশ আসন বৃদ্ধি আৰু প্রয়োজন সাপেক্ষে দিয়া সান্ধ্য শাখাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছোঁ৷

ইফালে, বিকল্প মূল্যায়ন পদ্ধতিৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত অসন্তুষ্ট পৰীক্ষার্থীসকলৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে অনুষ্ঠিত কৰিব বিশেষ পৰীক্ষা৷ মূল্যায়ন কমিটীৰ অনুমোদনক্রমে এই সিদ্ধান্ত গ্রহণ কৰাৰ কথা বুধবাৰে জাৰি কৰা এখন জাননীযোগে উল্লেখ কৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষাসমূহৰ নিয়ন্ত্রক পংকজ বৰঠাকুৰে৷ জাননীখনত উল্লেখ কৰা অনুসৰি নিয়মীয়া, বেটাৰমেণ্ট, কম্পার্টমেণ্টেল আদি সকলো পৰীক্ষার্থীয়ে বিশেষ পৰীক্ষাত বহাৰ সুযোগ পাব৷ ইচ্ছুক পৰীক্ষার্থীসকলে প্রয়োজনীয় আনুষ্ঠানিকতাৰ বাবে সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ সৈতে যোগাযোগ কৰিব লাগিব আৰু সংশ্লিষ্ট শিক্ষানুষ্ঠানে অনলাইন প’র্টেলৰ জৰিয়তে আবেদন জনাব৷ অহা ৯ আগষ্টত আবেদনৰ বাবে মুকলি হ’বলগীয়া অনলাইন প’র্টেলটো বন্ধ হ’ব ১৬ আগষ্টৰ বিয়লি ৫ বজাত৷

You might also like