নিয়মীয়া বাৰ্তা ৫ আগষ্টঃ মিজোৰাম সীমান্তৰ লাইলাপুৰত সংঘটিত ঘটনাক লৈ বুধবাৰে সদন উত্তাল হৈ পৰে৷ সদনৰ প্রশ্ণোত্তৰ কাল শেষ হোৱাৰ লগে লগে কংগ্রেছ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই মিজোৰাম সীমান্তত সংঘটিত ঘটনাৰ বিষয়ে সদনৰ দৃষ্টিগোচৰ কৰি কয় যে যোৱা অক্টোবৰ মাহৰ পৰাই মিজোৰাম সীমান্তত অশান্তিৰ ঘটনা সংঘটিত হৈ আহিছে৷ যোৱা নৱেম্বৰ মাহত বিধানসভাৰ মজিয়াত এই বিষয়ে উল্লেখ কৰা হৈছিল৷ কিন্তু চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই৷
শেহতীয়াকৈ লাইলাপুৰত সংঘটিত ঘটনাত অসম আৰক্ষীৰ ছজনকৈ জোৱান মৃত্যুমুখত পৰিছে৷ ইয়াৰ উত্তৰত সংসদীয় পৰিক্রমা বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকাই সদনত কয় যে ঘটনাটো অত্যন্ত দুর্ভাগ্যজনক৷ অসম চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লৈছে৷ অসমৰ মাটিক লৈ অসম চৰকাৰে কোনো আপোচ নকৰে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইতিমধ্যে এই কথা স্পষ্ট কৰি দিছে৷ লাইলাপুৰত সংঘটিত ঘটনাত অসম আৰক্ষীৰ ছয়জন জোৱানৰ মৃত্যুক লৈ আজি সদনেও আৰম্ভণিতেই শোক প্রকাশ কৰিছে৷ সদনত মন্ত্রী হাজৰিকাই কয় যে ১৯৭২ চনৰ পৰা কংগ্রেছৰ আমোলত সীমান্তত ৩৪গৰাকী আৰক্ষীৰ জোৱানৰ মৃত্যু হৈছে৷
মন্ত্রী হাজৰিকাই সদনত উত্তৰ দি থকাৰ মাজতেই কংগ্রেছ বিধায়ক ভৰত নৰহকে ধৰি বিৰোধী কংগ্রেছ, এ আই ইউ ডি এফ, চি পি আই (এম), ৰাইজৰ দলৰ বিধায়কসকলে সদনত হুলস্থূল আৰম্ভ কৰে৷ এটা সময়ত তেওঁলোকে সদনত সীমান্তৰ সুৰক্ষা আৰু সীমান্ত অঞ্চলত বসবাস কৰা জনসাধাৰণৰ নিৰাপত্তা, লাইলাপুৰৰ ঘটনাৰ তদন্তৰ দাবী সম্বলিত প্লেকার্ড পর্যন্ত প্রদর্শন কৰে৷ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সীমান্তৰ দৰে অতি স্পর্শকাতৰ বিষয় এটাক লৈ বিৰোধীয়ে তেনে আচৰণ কৰাত আশ্চর্য প্রকাশ কৰে৷ তেওঁ আনকি সংসদীয় পৰিক্রমা মন্ত্রীৰ উত্তৰৰ পাছতেই বিৰোধী দলপতিকে ধৰি আনসকলকো বক্তব্য আগবঢ়োৱাৰ সুযোগ দিব বুলি প্রকাশ কৰি সংসদীয় পৰিক্রমা মন্ত্রীৰ বক্তব্য শুনিবলৈ আহ্বান জনায়৷ কিন্তু বিৰোধী সদস্যসকলে সদনত হুলস্থূল অব্যাহত ৰাখে৷ এটা সময়ত বিৰোধী সদস্যসকল নিজ আসনৰ পৰা উঠি গৈ অধ্যক্ষৰ সন্মুখত অৱস্থান লৈ হুলস্থূল আৰম্ভ কৰি দিয়ে৷ বিৰোধীৰ তেনে আচৰণৰ বিপৰীতে শাসক পক্ষৰ একাংশ বিধায়ক অধ্যক্ষৰ আসনৰ ওচৰলৈ গৈ বিৰোধীক হুলস্থূল কৰাত বাধা দিয়াৰ চেষ্টা চলায়৷ সদনত পৰিস্থিতি ইমানেই উত্তাল হৈ পৰে যে অৱশেষত বিধানসভাৰ অধ্যক্ষ দৈমাৰীয়ে দিনৰ ১০.৪০ বজাত ৪০ মিনিটৰ বাবে সদন স্থগিত ঘোষণা কৰিবলৈ বাধ্য হয়৷
ইপিনে, বিধায়ক চুজামুদ্দিন লস্কৰৰ এক প্রশ্ণৰ উত্তৰত আজি সদনত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্রী অতুল বৰাই কয় যে অসম–মিজোৰাম সীমা বিবাদৰ কাৰণে হাইলাকান্দি জিলাৰ অন্তর্গত ইনাৰ লাইন সংৰক্ষিত বনাঞ্চলত প্রায় এক হাজাৰ হেক্টৰ মাটিকালি মিজো জনসাধাৰণে বহুদিনৰ পৰাই দখল কৰি আছে৷ কিছুদিন আগতে মিজো বেদখলকাৰীৰ পৰা ইনাৰ লাইন সংৰক্ষিত বনাঞ্চলৰ ২০০ হেক্টৰ মাটি হাইলাকান্দি জিলাৰ বন বিভাগে আৰক্ষীৰ সহযোগত বেদখলমুক্ত কৰে৷ নতুনকৈ মাটি দখল কৰাৰ সকলো প্রয়াস প্রাৰম্ভিক পর্যায়তে বিফল কৰা হৈছে৷ সদনত মন্ত্রী বৰাই আৰু কয় যে চলিত বর্ষৰ ৯ ফেব্রুৱাৰীত মিজোৰামৰ ফালৰ পৰা একাংশ দুষৃকতিকাৰীয়ে হাইলাকান্দিৰ ৰামনাথপুৰ আৰক্ষী থানাৰ অন্তর্গত জলনাচেৰা গাঁৱৰ গোল্লাচেৰাত প্রৱেশ কৰি অসম সীমান্তৰ ভিতৰৰ ২৭টা ঘৰত অগ্ণিসংযোগ কৰি ২০টা থলুৱা পৰিয়ালৰ ক্ষতি কৰে৷ তাৰ ভিতৰত দুটা ঘৰ সম্পূর্ণৰূপে ভস্মীভূত হয় আৰু এটা সংযোগী ঘৰ অর্ধ ভস্মীভূত হয়৷ যোৱা ২৫ জুলাইতো মিজোৰামৰ ফালৰ পৰা অহা একাংশ দুষৃকতিকাৰীক অসম–মিজোৰাম সীমাৰ হাইলাকান্দি জিলাৰ বিলাইপুৰ ফলচেৰাৰ কিছুসংখ্যক লোকৰ ঘৰত অগ্ণিসংযোগ কৰে৷