নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এজন ব্যক্তিৰ দম্ভালিৰ বাবে ৩ বছৰে দুর্ভোগ ভুগিলে বৰাকবাসীয়ে

অখিল গগৈক তীব্র কটাক্ষ মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ ৰাজ্যত নৈৰাজ্যৰ সৃষ্টি কৰাৰ লক্ষ্যৰে এটা চক্রই অহৰহ কাম কৰি আছে৷ আজি বিধানসভাত এই অভিযোগ তুলিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রীয়ে কয় যে অসমৰ সাধাৰণ ৰাইজৰ ওপৰত এটা হেঁচাৰ সৃষ্টি কৰি আছে এজন ব্যক্তিয়ে৷ এই ব্যক্তিজনৰ দম্ভালি আৰু অহমিকাৰ বাবে বৰাক ভেলীৰ লোকে যোৱা তিনিটা বছৰ দুর্ভোগ ভুগিব লগা হ’ল৷ উল্লেখ্য যে বুধবাৰে বিধানসভাত লোকনির্মাণ বিভাগৰ দাবীমঞ্জুৰী কর্তন প্রস্তাৱৰ উত্তৰ প্রদানৰ সময়ত উত্থাপিত হৈছিল টোলগেট৷ বিগত সময়ছোৱাত টোলগেটৰ বিৰুদ্ধে আন্দোলন চলাই অহা তথা সৰৱ হৈ অহা শিৱসাগৰৰ বিধায়ক অখিল গগৈক উদ্দেশ্যি বুধবাৰে মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ইংলেণ্ড, আমেৰিকা, চীনতো টোল তোলাৰ ব্যৱস্থা আছে৷ সেয়াই নহয়, চুবুৰীয়া পশ্চিমবংগ যি ৰাজ্যৰ মুখ্যমন্ত্রীগৰাকীক এতিয়া প্রধানমন্ত্রী পদত অধিষ্ঠিত কৰাৰ বাবে একাংশই চেষ্টা চলাইছে তাতো টোলগেটৰ ব্যৱস্থা আছে৷

গতিকে কোনোবাই যদি টোলগেটৰ বিৰোধিতা কৰে, তেনে বিৰোধিতা সকলোতে সমান হ’ব লাগে৷ টোলগেট স্থাপন নহ’লে কেন্দ্রীয় চৰকাৰে ঘাইপথ মেৰামতিৰ পুঁজি মোকলাই নিদিয়ে৷ আন এটা দিশ হ’ল টোলগেট নথকাৰ বাবে যদি পথ ভাগি যায়, তেন্তে গাড়ীসমূহ প্রয়োজনীয় গতিবেগেৰে যাব নোৱাৰিব৷ পথ ভাল হ’লে টোলগেটত ধন দিয়াৰ পিছতো পেট্র’ল বা ডিজেল যথেষ্ট বাচি যায়৷ এই দিশবোৰ পর্যালোচনা কৰা দৰকাৰ৷ আজি লামডিঙৰ পৰা বৰাক উপত্যকালৈ এলিভেটেড্ কৰিড’ৰৰ প্রয়োজন৷ যদি নির্দিষ্ট সময়ত টোলগেট স্থাপন হ’ল হয়, তেন্তে বৰাকবাসীয়ে এই দুর্ভোগ ভুগিবলগা নহ’ল হয়৷

মুখ্যমন্ত্রীয়ে নাম প্রকাশ নকৰাকৈ কটাক্ষ কৰি কয়– মাত্র এজন ব্যক্তিৰ অহংকাৰৰ বাবে বৰাকবাসীয়ে তিনি বছৰ দুর্ভোগ ভুগিবলগা হ’ল৷ এনেধৰণে অসমৰ মানুহক এটা হেঁচাৰ মাজত ৰখাৰ চেষ্টা চলাই থকা হৈছে৷ এক চক্রই নৈৰাজ্য সৃষ্টি কৰাৰ বাবে অহৰহ চেষ্টা চলাই আছে৷ মুখ্যমন্ত্রীৰ এনে বক্তব্যৰ লগে লগে পুনৰ সৰৱ হৈ পৰা অখিল গগৈক উদ্দেশ্যি ড০ শর্মাৰ মন্তব্য– বিধানসভাৰ বাহিৰত আমাৰ বিৰুদ্ধে যি অভিযোগ উঠে, তাৰ এক চিবিআইৰ তদন্ত হ’ব লাগে৷ আমি মাটিৰ বাবে আন্দোলন কৰোঁ আৰু পিছত সেই বিষয়সমূহ পাহৰি যাওঁ৷ ইয়াৰো এক তদন্ত হ’ব লাগে৷

You might also like