নুনমাটিত লম্পটৰ কামনাৰ বলি হৈ তিনি মাহৰ অন্তঃসত্ত্বা কিশোৰী
নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক জঘন্য ঘটনা৷ এগৰাকী ৬০ ঊর্ধ্বৰ লম্পটে বলাৎকাৰ কৰিলে এগৰাকী ১২ বছৰীয়া কিশোৰীক৷ আৰক্ষী সূত্রৰ পৰা লাভ কৰা তথ্য মতে, মহানগৰীৰ নুনমাটি থানাৰ অন্তর্গত মঠঘৰীয়াৰ শংকৰ নগৰৰ বাসিন্দা তথা গাঁওৰক্ষী বাহিনীৰ সম্পাদক সুৰেন বর্মনে ৩ মাহ পূর্বে ওচৰৰ এগৰাকী ১২ বছৰীয়া শিশুক গাডীত ফুৰাবলৈ নি উপর্যুপৰি বলাৎকাৰ কৰে৷ এই অভিযোগ উত্থাপন কৰে স্থানীয় মহিলা সমিতিয়ে৷ কিয়নো ৩ মাহ পিছত শিশুটি গর্ভধাৰণ কৰাত সমগ্র কথাটো পোহৰলৈ আহে৷ স্থানীয় মহিলা সমিতিৰ লোকসকলে কিশোৰীগৰাকীক সোধা–পোছা কৰাত ঘটনাটো পোহৰলৈ আহে৷
ইয়াৰ পিছতে কিশোৰীগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত স্থানীয় মহিলা সমিতিৰ লোকসকলে আৰক্ষীৰ কাষ চাপে আৰু ঘটনা সন্দর্ভত থানাত এখন এজাহাৰ দাখিল কৰে৷ লগে লগে ঘটনাটো বনজুইৰ দৰে বিয়পি পৰাত শংকৰ নগৰ মহিলা সমিতিয়ে ঘটনাটোত হস্তক্ষেপ কৰে আৰু নুনমাটি থানাক অৱগত কৰে৷ অভিযোগ মতে, এই বিষয়ে জানিবলৈ পাই লম্পট সুৰেন বর্মনে শিশুটিক গর্ভপাত কৰোৱা বুলিও অভিযোগ উত্থাপন কৰে মহিলা সমিতিয়ে৷ তদুপৰি লম্পট সুৰেন বর্মনে ভুক্তভোগী পৰিয়ালক ঘটনাটো গাপ দিবলৈ ভাবুকি প্রদান কৰা বুলি স্থানীয় মহিলা সমিতিয়ে অভিযোগ উত্থাপন কৰে৷ ঘটনা সন্দর্ভত শংকৰ নগৰ মহিলা সমিতিয়ে নুনমাটি থানা আৰু চাইল্ড লাইনত অভিযোগ দাখিল কৰে৷ সমগ্র ঘটনা সন্দর্ভত নুনমাটি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷ সম্প্রতি লম্পট সুৰেন বর্মন পলাতক হৈ আছে৷ ঘটনাক কেন্দ্র কৰি অঞ্চলজুৰি তীব্র চাঞ্চল্যই বিৰাজ কৰি আছে৷