‘একুৱাৰিয়াম এটা এইবাৰ লাগিবই৷’ ভাইটিয়ে আব্দাৰ ধৰে দেউতাক৷ দেউতাই চর্ত দিয়ে যে ছমহীয়া পৰীক্ষাত অংকত ১০০ৰ ভিতৰত ১০০ পালেই তেখেতে একুৱাৰিয়াম এটা দিব৷ আচলতে একুৱাৰিয়ামৰ বাসনা মোৰ মনতো জাগিছিল৷ দেওবাৰ এটাত দেউতাৰ সহকর্মী এজনৰ ঘৰত দুপৰীয়া ভাত খোৱাৰ বাবে আমাক নিমন্ত্রণ জনাইছিল৷ আমি দুয়ো প্রাথমিক বিদ্যালয়ৰ ছাত্র–ছাত্রী তেতিয়া৷ তেওঁলোকৰ পর্টিক’ত বৰ ধুনীয়া কাঁচৰ বাকচ এটাত বাকচটোতকৈও ধুনীয়া মাছ কেইটামানে পানীত সাঁতুৰি আছিল৷ মা–দেউতাই গৃহস্থৰ লগত কথাত ব্যস্ত থকাৰ সময়ত আমি দুয়ো ব্যস্ত আছিলো কাঁচৰ বাকচৰ মাছকেইটাৰ গতি–বিধি চোৱাত৷ আমাৰ দুয়োটাৰে দুচকুত হয়তো পৃথিৱীৰ সকলো আশ্চর্য থুপ খাইছিল আৰু গৃহস্থৰ সৰু পুত্র বিপ্লৱদাৰ চকুত সেয়া ধৰা পৰিছিল৷ যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়ত পঢ়ি থকা বিপ্লৱদাই আমাক কাষলৈ মাতি নি ক’ত পঢ়োঁ, কোন শ্রেণীত পঢঁো সোধাৰ পিছতে আমাক সুধিলে যে একুৱাৰিয়াম এটা আমাক লাগিব নেকি? আমি অপ্রত্যাশিত প্রশ্ণত আচৰিত হোৱাৰ লগতে আনন্দৰ সুকোমল অনুভৱে বুকুত মৃদু জোকাৰণি তুলিলে৷ হয়, আমাকো লাগে একুৱাৰিয়াম এটা৷ দুয়ো মূৰ দুপিয়ালোঁ৷ বিপ্লৱদাই আমাক এটা কোঠালৈ লৈ গ’ল, য’ত আধা সজা একুৱাৰিয়াম এটা আছিল৷ বিপ্লৱদাই আমাক ক’লে যে তেওঁ নিজেই একুৱাৰিয়াম সাজে আৰু আধা সজা একুৱাৰিয়ামটো আমাকে দিব, কিন্তু উপহাৰ নহয়, বিক্রী কৰিব৷ তেওঁ আমাক পৰামর্শ দিলে দেউতাৰ লগত এই বিষয়ে কথা পাতিবলৈ৷ তেওঁলোকৰ ঘৰত থাকোঁতেই দেউতাক কথাটো ক’বলৈ বিপ্লৱদাই আমাক কেইবাবাৰো ইংগিত দিছিল যদিও আমিহে কোনো সুযোগ নাপালো কথাষাৰ সোধাৰ৷ কিন্তু তেওঁলোকৰ চৌহদ পাৰ হোৱাৰে পৰা আমি দুয়ো একুৱাৰিয়াম এটাৰ আবদাৰেৰে দেউতাক ব্যতিব্যস্ত কৰিবলৈ ধৰিলোঁ৷ অৱশেষত দেউতাই চর্ত দিলে ছমহীয়া পৰীক্ষাৰ অংকৰ বহীত ১০০ শতাংশ নম্বৰ পালে একুৱাৰিয়াম দিয়াৰ৷ কিন্তু ছমহীয়া পৰীক্ষা ইতিমধ্যে হৈ গ’ল আৰু গৰমৰ বন্ধু খুলিলেই বহী ঘূৰাই দিব, য’ত সি দুটা অংক ভুল কৰাৰ বাবে ১০০ নম্বৰ নোপোৱাটো নিশ্চিত৷ ছমহীয়াৰ পৰিৱর্তে এইবাৰ দেউতাৰ চর্ত বছৰেকীয়া পৰীক্ষা হ’লগৈ৷ লখিমপুৰত চাকৰি কৰা দেউতা চুটি শেষ হোৱাত গ’লগৈ৷ একুৱাৰিয়ামৰ স্মৃতিয়ে মাজে মাজে আমাক বিহ্বল কৰে৷ ভাইটিয়ে অংক মনপুতি কৰে, হাতৰ আখৰ ভাল কৰিবলৈ চেষ্টা কৰে আৰু এই সকলো চেষ্টাৰ লক্ষ্য একুৱাৰিয়াম এটা নিজাকৈ পোৱা৷ সমনীয়াক একুৱাৰিয়ামটো দেখুৱাই সিহঁত সেই সম্পদৰ অধিকাৰী হ’ব নোৱৰাৰ যন্ত্রণাত নিশ্চুপ হৈ যোৱা চাই ভিতৰি তৃপ্তি পোৱা আদি অলেখ ভাবনা তাৰ মনত খেলি থাকে৷ সৰুৰে পৰা সি আৰু মই অন্তৰংগ বন্ধু৷ গতিকে একুৱাৰিয়ামক কেন্দ্র কৰি তাৰ মনলৈ অহা কথাবোৰ উশাহ নেপলোৱাকৈ কয়৷ এতিয়া মথোঁ অপেক্ষা বছৰেকীয়া পৰীক্ষালৈ৷ ভাইটিৰ সপোনটো সদ্যহতে ময়েই পূৰণ কৰাৰ উপায় বিচাৰিলোঁ৷ আমাৰ বালিগাঁৱৰ ঘৰৰ পৰা কিছুদূৰৈত আছে ‘ঘটাকোবোৱা’ নদী৷ ঘটাকোবোৱাৰ দুয়োকাষে বহু দূৰলৈকে বিস্তৃত হৈ আছে পথাৰ৷ এবাৰেই মাত্র সেই পথাৰখনলৈ গৈছোঁ মই৷ দ পথাৰ আৰু নৈখনৰ ভয়ত তালৈ ঘৰৰ ডাঙৰ মানুহ নগ’লে অকলে বা সমনীয়াৰ লগত যোৱাত বাধা আছে আমাৰ৷ ঘটাকোবোৱাত মাজে মাজে কেইবাখনো গাঁৱৰ যুৱকে মাছ ধৰে৷ এবাৰ বৰদেউতাই ধৰি অনা ঘটা কোবোৱাৰ মাছৰ টোপোলাটো চালনীত বাকি দিওঁতে দেখিছিলোঁ কেইবাজনীও ৰূপালী বৰণৰ বৰ ধুনীয়া পুঠি মাছ৷ পাছ চোতালত পৰি থকা ঘৰমুৱা বেলিৰ ৰ’দৰ শেষ কণিকা মাছকেইজনীৰ পিঠিত পৰাত সোণালী, কমলা ৰঙৰ জিলিকনি দেখি মই অবাক হৈছিলোঁ৷ গৰৈ, কাৱৈ, গেদগেদী মাছৰ সৰু দ’মটোৰ মাজত সিহঁত যেন গপতে ওফন্দি আছিল৷ মনে মনে ভাবিলোঁ তেনেকুৱা ৰূপহী মাছ দুটামান গোটাব পাৰিলে ভাইটিক একুৱাৰিয়াম এটা ময়েই সাজি দিব পাৰিম৷ এইবাৰ সুযোগৰ অপেক্ষা কৰিলোঁ মই, ঘটাকোবোৱালৈ যোৱাৰ৷ আমাৰ ঘৰৰ কাষৰে কুটুদাক কথাষাৰ ক’লোঁ৷ পঢ়া–শুনাত বৰকৈ মন নথকা কুটুদা গছ বগোৱা, মাছ ধৰা, চিলনি সাঁতোৰ, থিয় সাঁতোৰ আদি সকলো কামতে পাকৈত৷ আমাৰ শৈশৱৰ সকলো দুষ্টামিৰ একান্ত সংগী৷ অৱশেষত এদিন সুযোগ মিলিল৷ ঘৰত আইতাৰ বাহিৰে সেইদিনা কোনোৱেই নাছিল৷ দুপৰীয়া আইতাই এঘুমটি মাৰে৷ ঘৰত থাকিলে ভাইটি আৰু ময়ো তেওঁৰ লগতে শোওঁ৷ কুটুদাই মোক ক’লে, ভাইটিক আইতাৰ লগত শুৱাই মই যদি মনে মনে তাৰ লগত ঘটাকোবোৱা নৈলৈ যাব পাৰোঁ, তেন্তে সি মোক মই বিচৰা ৰূপহী মাছ গোটাই দিব পাৰিব৷ কথা মতে কাম, আমাৰ চোতালৰ পৰা বিশেষ সুহুৰিৰে সি ঘৰৰ পৰা ওলোৱাৰ ইংগিত দিলে৷ তাৰ চাইকেলৰ কেৰিয়াৰত বহি ঘটাকোবোৱামুখে যাত্রা কৰিলোঁ৷ হাতত সময় তেনেই কম আছিল৷ আইতাই শুই উঠি মোক নেদেখিলে হুলস্থূল কৰিব আৰু ভৰ দুপৰীয়া অঘাইতং কুটুৰ লগত নৈৰ পাৰলৈ অহাৰ কথা গম পালে মায়ে মোৰ কলাফুলত চিটিপনিৰে ফুল বাছিব৷ ভয় আৰু উত্তেজনাৰ উপৰি কিবা এটা ভাল লগা অনুভৱেও মোক যেন আৱৰি ধৰিলে৷ কুটুদাই চব জানে বুলি মোৰ বিশ্বাস আছিল৷ সেই ভৰ দুপৰীয়া দুজন মানুহে ঘটাকোবোৱাত জাল বাই আছিল৷ ঘটাকোবোৱাৰ দুয়োপাৰে পক ধৰো ধৰোকৈ থকা ধানগছবোৰ হালি–জালি আছিল৷ নীলা মৃদু বতাহ আৰু ঘন নীলা আকাশৰ সৈতে সমগ্র পৰিৱেশটো মোৰ দুচকুত ধৰা দিছিল এখন অপূর্ব সুন্দৰ পেইণ্টিং হৈ৷ নৈত আমি নামিব লগা নহ’লেই৷ জালোৱাজনে ইতিমধ্যে ধৰা মাছবোৰ এটা পুৰণা তেলৰ টিনত থৈ দিছিল৷ খলখলাই থকা মাছবোৰৰ মাজত জিলিকি থকা সোণালী পুঠিমাছ কেইটামান কুদুটাই হস্তগত কৰিলে তেওঁলোকক খুহুতীয়া কথা কৈ কৈ৷ পুনৰ বতাহৰ বেগেৰে চাইকেল চলাই আইতা শোৱাৰ পৰা উঠাৰ আগতেই সি মোক ঘৰ পোৱাই দিলে৷ খুৰীয়ে আচাৰ ভৰাবলৈ ধুই থোৱা হৰলিকছৰ ডাঙৰ বটল এটাত দমকলৰ পানী ভৰাই ঘটাকোবোৱাৰ মাছকেইটা মেলি দিলোঁ৷ ভাইটিয়ে বায়েকে সজা একুৱাৰিয়াম দেখি আনন্দত আত্মহাৰা হ’ল৷ অকণমান তুঁহগুড়ি, এটা মেৰী বিস্কুট ভাঙি তাৰে অকণমান গুৰি বটলটোৰ পানীত মিহলাই দিলোঁ যাতে মাছে খাব পাৰে৷ সি ক’লে, বছৰেকীয়া পৰীক্ষালৈ তিনি মাহহে আছে, গতিকে তেতিয়ালৈ মাছকেইটা ডাঙৰ হ’লেও দেউতাই বিপ্লৱদাৰ পৰা আনিবলগীয়া একুৱাৰিয়ামতে থ’ব পাৰিব৷ হৰলিকছৰ বটলৰ একুৱাৰিয়ামটো বাৰাণ্ডাৰ চুকত থৈ দিলোঁ৷ আধাঘণ্টা, এঘণ্টাৰ মূৰে মূৰে মাছকেইটা চাই থকাটোৱেই আমাৰ কাম যেন হৈ পৰিল৷ মাছকেইটা ক’ত পালোঁ বুলি প্রশ্ণ উত্থাপন হোৱাত কুটুদাৰ কথাই কৈছিলোঁ৷ পিছদিনা পুৱা চকু মেলিয়েই আমাৰ হস্তনির্মিত একুৱাৰিয়ামটোৰ কাষ পালোঁগৈ৷ এটা মাছেহে লৰচৰ কৰি আছে, বাকী দুটা নিশ্চল৷ ইতিমধ্যে ঘৰৰ ডাঙৰবোৰৰ মাজত আমাৰ একুৱাৰিয়ামটো কৌতুকৰ বিষয় হৈ পৰিছে৷ আমাক চিন্তিত দেখি কাষেৰে পাৰ হৈ যোৱা খুৰাই বটলটো চাই ক’লে বোলে দুটা মাছ ইতিমধ্যে মৰিল৷ জীয়াই থকাটোও চাগে বেছি সময় নাথাকিব৷ যন্ত্রণাত ভাইটিৰ দুচকু ৰঙা পৰিছিল৷ বটলটোৰ পৰা মৰা মাছ দুটা তেওঁ উলিয়াই পেলাবলৈ ক’লে আৰু পানীখনি সলাবলৈ ক’লে৷ সকলো কৰাৰ পিছতো গধূলিলৈ মাছটো মৰিল৷ সেইদিনা ভাইটিয়ে ভাতেই নাখালে৷ একুৱাৰিয়ামৰ মাছৰ কাহিনী কিন্তু সি নাপাহৰিলে৷ অৱশেষত বছৰেকীয়া পৰীক্ষা পালেহি আৰু সি দেউতাৰ কথা ৰাখিবলৈও সক্ষম হ’ল৷ দেউতাই বিপ্লৱদাৰ লগত কথা পাতিলে আমাৰ ঘৰলৈ একুৱাৰিয়াম এটা অনাৰ বিষয়ে৷ কিন্তু উচুপি উচুপি ভাইটিয়ে দেউতাক ক’লে যে তাক একুৱাৰিয়ামটো নালাগে৷ বন্ধ পানীত ছটফটাই যে ধুনীয়া পুঠিমাছকেইটা মৰি গ’ল, তাৰ বাবে সি নিজকে দোষাৰোপ কৰিলে৷ ভাইটিৰ একুৱাৰিয়ামৰ প্রতি মোহভংগই মোকো অনুপ্রাণিত কৰিলে মহাদুষ্ট কুটুদাৰ লগত মাছ বিচাৰি যোৱা অভিযানৰ কথা স্বীকাৰ কৰিবলৈ৷ অৱশ্যে একুৱাৰিয়ামত মাছ কেনেকৈ জীয়াই থাকে তাৰ কাৰিকৰী জ্ঞান আমাৰ নাছিল৷ দেউতাই আমাক সেইবাৰ বছৰেকীয়া পৰীক্ষাৰ পিছত শিৱসাগৰ ফুৰাবলৈ নিছিল ভাইটিয়ে তেখেতৰ চর্ত পূৰণ কৰাৰ পুৰস্কাৰ স্বৰূপে৷ পিছৰবাৰ বাৰিষা দেউতাই দীঘলীয়া ছুটী লৈছিল৷ প্রায় প্রত্যেক দিনা পুৱা আমি পথাৰলৈ গৈছিলোঁ তেওঁৰ লগত৷ হালবোৱাৰ পিছত বোকামাটিত সৃষ্টি হোৱা খলবোৰত গৰৈ, কাৱৈ, পুঠি মাছবোৰে জঁপিয়াইছিল৷ বোকাত লেট লৈ হেঁপাহ পলুৱাই মাছ ধৰিছিলোঁ৷ মন গ’লে খালৰ বোৱঁতী পানীত মাছবোৰ এৰি দিছিলোঁ৷ কিয় জানো হৰলিকছৰ বটলত ভৰাই আমি মাৰি পেলোৱা মাছকেইটাৰ কথা মাজে মাজে মনত পৰিছিল৷ লাহে লাহে পঢ়া–শুনা, চাকৰিত ব্যস্ত হোৱাৰ বাবে বাৰিষাৰ পথাৰৰ মধুৰ দিনবোৰৰ পৰা বিচ্ছিন্ন হৈ পৰিলোঁ৷ যোৱা বছৰ লকডাউনৰ সময়ত বাৰিষা বিশেষ অনুমতি লৈ গুৱাহাটীৰ পৰা যোৰহাটলৈ গৈছিলোঁ৷ বহুত দিনৰ মূৰত পথাৰলৈ যাম বুলি আৱেগিক হৈ আছিলোঁ৷ কিন্তু এতিয়া আৰু পথাৰত আগৰ পৰিৱেশ নেদেখিলোঁ৷ গৰুৰে হালবোৱাৰ পৰিৱর্তে প্রায় সকলো খেতিয়কে ট্রেক্টৰৰ সহায়ত হাল বাইছে৷ মাছৰোকা অথবা বগলীও নেদেখিলোঁ পথাৰত৷ আমাৰ শৈশৱত ক’ৰবাত কাচিৎহে কোনোবাই ট্রেক্টৰেৰে হাল বাইছিল৷ ট্রেক্টৰৰ বিকট শব্দই চৰাইবোৰক হয়তো ভয় খুৱায়৷ অধিক উৎপাদনৰ আশাত জধে মধে সাৰ ছটিওৱাৰ বাবে মাছ নোহোৱা হ’ল৷ আনকি আজিকালি কেজি ৫০ টকা দৰত অনলাইনত গোবৰ ক্রয় কৰে অসমীয়া মানুহে৷ কথাবোৰে চিনাকি পৃথিৱীখন যেন ক্রমান্বয়ে অচিনাকি কৰি তুলিলে৷ এতিয়া ঘটাকোবাৱাতো নুঠে আগৰ দৰে মাছৰ উজান৷ তদুপৰি থলুৱা মাছৰ কেন্দ্র জলাহ অঞ্চলবোৰ বেদখল কৰি জধে–মধে ধ্বংস কৰা হৈছে৷ সৰু সৰু নদীবোৰত বেদখল হৈছে অথবা মানুহৰ বর্জনীয় পদার্থৰে ৰুদ্ধ হৈছে নৈৰ গতি৷ প্লাষ্টিক, সাৰ আদিয়ে জলজ উদ্ভিদ আৰু প্রাণীৰ বিস্তৰ ক্ষতি কৰে৷ ১ এপ্রিলৰ পৰা ১৫ জুলাইলৈকে মাছ ধৰাত আইনী নিষেধাজ্ঞা থকা সত্ত্বেও কণীযুক্ত মাছ ধৰি বিক্রী কৰা দেখা যায়৷ সমীক্ষাত প্রকাশ হৈছে যে অসমৰ নৈ–বিলত অতি দ্রুতগতিৰে তোৰা, বতিয়া, বামি, কুচিয়া আদি মাছবোৰ বিলুপ্ত হৈছে৷ শুনিবলৈ পোৱা মতে এছিয়াৰ দ্বিতীয় বৃহৎ জলাহ অঞ্চল কৰিমগঞ্জৰ সোণবিলত উদ্বেগজনকভাৱে থলুৱা মাছ হ্রাস পাইছে৷ মৎস্যজীৱীসকলৰ জীৱনলৈও অমানিশা নামি আহিছে৷ তদুপৰি এই মাছবোৰ বিলুপ্ত হোৱাৰ লগে লগে মাছ খাই জীয়াই থকা চৰাইবোৰো খাদ্য সংকটৰ সন্মুখীন হৈছে৷ তদুপৰি অসমৰ থলুৱা মাছৰ পৰিৱর্তে বাহিৰৰ বজাৰৰ মাছৰ ওপৰত নির্ভৰশীলতা বৃদ্ধিয়ে স্বাস্থ্যলৈ ভাবুকি অনাৰ কথা নিশ্চয় সকলোৰে মনত আছে৷ অসমৰ বজাৰৰ মাছত ফর্মেলিনৰ উপস্থিতিয়ে হাহাকাৰ সৃষ্টি কৰিছিল৷ ভাৰতীয়ৰ বাবে উদ্বেগজনক বিষয় যে বিশ্বৰ ভিতৰত সর্বাধিক কর্কট ৰোগীৰ সংখ্যা থকা দেশবোৰৰ তালিকাত আছে ভাৰতৰ নামো৷ একুৱাৰিয়ামত সজোৱা মাছ এতিয়া প্রায়বোৰ মানুহৰ ঘৰতে আছে৷ আজিৰ শিশুৱে বুজি নাপাব পথৰুৱা মাছ, হৰলিকছৰ বটলত একুৱাৰিয়াম বনোৱাৰ মাদকতা অথবা প্রতিটো ঋতুৱে বহন কৰা সুকীয়া সৌন্দর্যৰ কথা৷ মহামাৰীৰ সন্মুখত অসহায় মানুহে বাৰু বুজি পাবনে যে বিজ্ঞানে এতিয়াও পৰাভূত কৰিব পৰা নাই প্রকৃতিক৷ এতিয়াচোন নোহোৱা হ’ল নির্মল আনন্দৰ কোনো প্রাকৃতিক উৎস৷