নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিশা ক’কেইন পার্টী কৰি গ্রেপ্তাৰ অভিজাত পৰিয়ালৰ ১৮ যুৱক–যুৱতী

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ  অসমৰ সুৰক্ষিত ভৱিষ্যতৰ স্বার্থত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত ৰাজ্যজুৰি চলি থকা ড্রাগ্ছবিৰোধী অভিযানক উপলুঙা কৰি গুৱাহাটীৰ খাৰঘুলিস্থিত ৰিভেৰিয়াভিউ এপার্টমেণ্টত যোৱানিশা ক’কেইন পার্টী অনুষ্ঠিত কৰিলে মহানগৰীৰ তথাকথিত অভিজাত পৰিয়ালৰ কেইজনমান পথভ্রষ্ট যুৱক–যুৱতীয়ে৷ বিল্ডাৰ অমিত বৰুৱাৰ জন্মদিন উপলক্ষে নিশা আয়োজিত পার্টীটোত অংশগ্রহণকাৰীসকল নিষিদ্ধ ক’কেইন সেৱন কৰে৷

পার্টীটোত অকল ক’কেইনেই নহয়, কেইবা প্রকাৰৰ গাঞ্জা আৰু কানিও ব্যৱহাৰ কৰিছিল৷ এই তথ্য লাভ কৰি মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পার্থসাৰথি মহন্তৰ নেতৃত্বত যোৱা লটাশিল আৰক্ষীৰ এটা দলে খাৰঘুলিৰ ৰিভেৰিয়াভিউ এপার্টমেণ্টটোৰ তৃতীয় মহলাত থকা বিকাশ জৈনৰ ফ্লেটত অভিযান চলায়৷ আৰক্ষীৰ অভিযানত ফ্লেটটোৰ পৰা ৪ গ্রাম ক’কেইন, কেইবাপ্রকাৰৰ গাঞ্জা আৰু কানি জব্দ কৰিবলৈ সক্ষম হয়৷ জন্মদিন উদ্যাপনৰ নাম ৰিভেৰিয়াত ক’ভিড প্রট’কল উলংঘাৰে পার্টী কৰি থকা ১৮গৰাকীকৈ পুৰুষ–মহিলাক গ্রেপ্তাৰ কৰে৷

নিষিদ্ধ ক’কেইনৰ পার্টী কৰাৰ অভিযোগত বিল্ডাৰ বিকাশ জৈন (৫৫), নাছিফ আহমেদ (৫৩), সুমিত কুমাৰ বেৰীয়া (৪৫), চয়ন শইকীয়া (৩২), অমিত পেগু (৩৯), অমিত বৰুৱা (৪৫), অশোক বর্মন (৪৫), হেৰেন্দ্র সিংহা (৩৮), ৰিদীপ বৰুৱা (৪২), সিদ্ধার্থ বৰঠাকুৰ (২৯), বনমালিকা চৌধুৰী (৪৫), ৰাকেশ বৰগোহাঁই (৪৬), দেৱযানী হাজৰিকা (৩৪), জুবী বৰুৱা (৩৯), নয়নিকা বৰুৱা (৪৫), দেৱশ্রী বেৰিয়া (৪৫), নিমিশা ভূঞা (৩৫) আৰু পংকজ কাকতিক (৪৭) লতাশিল থানাৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ অভিযানকাৰী দলটোৱে যুৱক–যুৱতীকেইজন পৰা ১৮টা ম’বাইল, লেপটপকে ধৰি অন্যান্য বহুটো আপত্তিজনক সা–সামগ্রী জব্দ কৰে৷

লতাশিল থানাৰ আৰক্ষীয়ে ঘটনা সন্দর্ভত এনডিপিএছ এক্টৰ অধীনত এটা গোচৰ ৰুজু কৰি তদন্ত ৰাখিছে৷ জন্মদিনৰ পার্টীৰ নামত নিষিদ্ধ ক’কেইন সেৱন কৰি মহানগৰ আৰক্ষীৰ জালত পৰা অভিজাত পৰিয়ালৰ পথভ্রষ্ট যুৱক–যুৱতীকেইগৰা আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰি সোধা–পোছা অব্যাহত ৰাখিছে৷ ইফালে, মহানগৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে জানিবলৈ দিয়া মতে মুখ্যমন্ত্রী নির্দেশত চলি থকা ড্রাগ্ছবিৰোধী অভিযানৰ মাজতো ড্রাগ্ছ সৰবৰাহকাৰী চক্রই গুৱাহাটীত ড্রাগ্ছৰ বেহা চলাই থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছিল৷ এই তথ্যৰ ভিত্তিতে কালি খাৰঘুলিত অভিযান চলাই এইসকল লোকক হাতেলোটে নিষিদ্ধ ক’কেইনসহ গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

আৰক্ষীৰ এক সূত্রই প্রকাশ তথ্য অনুসৰি অশোক বর্মন নামৰ লোকজনে এই নিষিদ্ধ ক’কেইনখিনি বিকাশ জৈনক দিছিল৷ পূর্বতেও বিল্ডাৰ বিকাশ জৈন আৰু তেওঁৰ পত্নীয়ে ৰিভেৰিয়াভিউত নিষিদ্ধ ড্রাগ্ছৰ পার্টী কৰাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছিল৷ আৰক্ষীৰ তদন্ততহে এই ড্রাগ্ছ সৰবৰাহকাৰী চক্রটোৰ আৰু বহু তথ্য পোহৰলৈ আহিব৷

You might also like