তৃণমূল কংগ্ৰেছত যোগদান কৰিলে প্ৰাক্তন সাংসদ সুস্মিতা দেৱে
নিয়মীয়া বাৰ্তা, ১৬ আগষ্টঃ আজি কংগ্ৰেছৰ পৰা পদত্যাগ কৰা প্ৰাক্তন সাংসদ তথা বৰাকৰ কংগ্ৰেছৰ অন্যতম প্ৰভাৱশালী নেত্ৰী সুস্মিতা দেৱে কলকাতাত তৃণমূল কংগ্ৰেছ দলৰ নেতা অভিষেক বেনাৰ্জী আৰু ডেৰেক অ’ব্ৰাইনৰ উপস্থিতিত টিএমচিত যোগদান কৰে।
টিএমচিয়ে এক টুইটযোগে কয়, “আমি আমাৰ তৃণমূল পৰিয়াললৈ সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী সুস্মিতা দেৱক উষ্ম আদৰণি জনাইছোঁ!”
এই টুইটযোগে টিএমচিয়ে দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী আৰু ৰাজ্যসভাৰ সাংসদ ডেৰেক অ’ব্ৰায়েনে সুস্মিতা দেৱক দললৈ স্বাগতম জনোৱাৰ ফটোও পোষ্ট কৰিছে।
উল্লেখ্য যে সোমবাৰে পুৱাৰ ভাগত সুস্মিতা দেৱে নিজৰ টুইটাৰ হেণ্ডেলত প্ৰাক্তন কংগ্ৰেছ সদস্য বুলি উল্লেখ কৰাৰ পাছতে দলত্যাগৰ কথা পোহৰলৈ আহিছিল।
Kolkata, West Bengal: Sushmita Dev, who resigned from Congress today, joins TMC in the presence of party leaders Abhishek Banerjee and Derek O’Brien. pic.twitter.com/4KFNVKm3V8
— ANI (@ANI) August 16, 2021