গুৱাহাটীক টায়াৰ–১ মহানগৰীলৈ ৰূপান্তৰৰ পৰিকল্পনা
নিয়মীয়া বাৰ্তা ১৭ আগষ্টঃ গুৱাহাটী মহানগৰীৰ আন্তঃগাঁথনিৰ উন্নীতকৰণৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সোমবাৰে পাণবজাৰৰ মহেন্দ্র মোহন চৌধুৰী হাস্পতাল চৌহদৰ সমীপত নির্মাণ কৰা স্বয়ংক্রিয় বহুমহলীয়া গাডী পার্কিং আনুষ্ঠানিকভাৱে মুকলি কৰি জনসাধাৰণৰ সেৱাত উৎসর্গা কৰে৷ উল্লেখ্য যে এই বহুমহলীয়া গাডী পার্কিঙত ১৪০খন গাড়ী ৰখাৰ ব্যৱস্থা আছে আৰু ১১ কোটি টকা ব্যয় সাপেক্ষে ইয়াক নির্মাণ কৰা হৈছে৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই নতুন গাডী পার্কিঙে মহানগৰীৰ জনসাধাৰণক যথেষ্ট সকাহ প্রদান দিব৷
গুৱাহাটী মহানগৰীৰ হৃৎপিণ্ডত অৱস্থিত পাণবজাৰ আৰু ফাঁচী বজাৰলৈ অহা জনসাধাৰণৰ গাড়ী পার্কিঙৰ সমস্যা এই ব্যৱস্থাই যথেষ্ট লাঘৱ কৰিব বুলিও তেওঁ কয়৷ মহানগৰীৰ পথত জধেমধে গাডী ৰখোৱা সমস্যাটো লাঘৱৰ দিশতো এই গাডী পার্কিংটোৱে বিশেষভাৱে সহায় কৰিব বুলি তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে এই গাড়ী পার্কিঙত গাড়ী ৰাখি এক সুশৃংখলিত ব্যৱস্থা গঢ়ি তোলাৰ দিশত সহায়–সহযোগিতা আগবঢ়োৱাৰ বাবে জনসাধাৰণক আহ্বান জনায়৷ মুখ্যমন্ত্রীয়ে লগতে গৃহ নির্মাণ আৰু নগৰ পৰিক্রমা বিভাগৰ মন্ত্রী আশোক সিংঘলক পাণবজাৰ তথা জু–ৰোডৰ শ্রদ্ধাঞ্জলি কাননৰ ওচৰত থকা স্বয়ংক্রিয় গাড়ী পার্কিং ব্যৱহাৰকাৰীসকলৰ্ বাবে এই বর্ষৰ ডিচেম্বৰ পর্যন্ত বিনামূলীয়া কৰাৰ পদক্ষেপ ল’বলৈ নির্দেশ দিয়ে৷ গুৱাহাটী মহানগৰীৰ সর্বাংগীণ বিকাশৰ দিশত থকা চৰকাৰৰ দায়বদ্ধতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ব্যৱহাৰ নকৰা তথা মুক্ত চৰকাৰী ভূমিসমূহ সেউজ আৱৰণ অথবা পার্কিঙৰ স্থান হিচাপে ৰাজ্য চৰকাৰে ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷
উত্তৰ–পূর্বাঞ্চলৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰীক টায়াৰ–১ মহানগৰীলৈ ৰূপান্তৰ কৰাৰ বাবে বর্তমানৰ ৰাজ্য চৰকাৰে ইতিমধ্যে এক বিস্তৃত পৰিকল্পনা গ্রহণ কৰিছে বুলিও তেওঁ কয়৷ এই অনুসৰি মহানগৰীৰ আন্তঃগাঁথনি সৃষ্টিৰ দিশত ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ কৰিব৷ এই পৰিকল্পনা অনুসৰি গুৱাহাটী ক্লাবৰ পৰা নুনমাটিলৈ ছয়লেনযুক্ত ইলেভেটেড পথ নির্মাণ কৰা হ’ব৷ তদুপৰি পলাশবাৰী হৈ এয়াৰপ’টৰ পৰা শুৱালকুছিলৈ আৰু বাইহাটা হৈ ছিপাঝাৰলৈ আৰু কুৰুৱা হৈ নাৰেংগী সংযোগী এক ৰিং পথ ব্রহ্মপুত্রৰ ওপৰত নির্মাণ কৰা হ’ব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে গুৱাহাটী পৌৰ নিগমৰ ছটা মাণ্ডলিক এলেকাত গোটা আৱর্জনা ব্যৱস্থাপনা প্রকল্প স্থাপন কৰা হ’ব৷
তদুপৰি ব্রহ্মপুত্রৰ পাৰৰ প্রকল্প হাতত লোৱা হ’ব বুলি উল্লেখ কৰি ইয়াৰ কাম অচিৰেই আৰম্ভ হ’ব বুলি তেওঁ কয়৷ আজিৰ এই একেটা কার্যসূচীতে মুখ্যমন্ত্রী ড০ শর্মাই গুৱাহাটী পৌৰ নিগমৰ কর্মচাৰীসকলৰ কল্যাণ আৰু সুৰক্ষাৰ দিশত সহায়ক হোৱাকৈ এটা নতুন প’র্টেল মুকলি কৰে৷ এই প’র্টেল মুকলি উপলক্ষে মুখ্যমন্ত্রীয়ে গুৱাহাটী পৌৰ নিগমৰ ৫গৰাকী কর্মচাৰীলৈ ৫খন ছিম কার্ড প্রদান কৰে৷ এই প্রকল্পই গুৱাহাটী পৌৰ নিগমৰ ২,৫০০গৰাকী কর্মচাৰীক উপকৃত কৰিব৷ এই ছিমভিত্তিক ম’বাইল ছলুচনে জৰুৰীকালীন সময়ত কর্তব্যত নিয়োজিত হৈ থকা গুৱাহাটী পৌৰ নিগমৰ কর্মচাৰীৰ অৱস্থিতি নির্ধাৰণ কৰাৰ দিশত বিশেষভাৱে সহায় কৰিব৷ আজিৰ এই অনুষ্ঠানত গৃহ নির্মাণ আৰু নগৰ পৰিক্রমা বিভাগৰ মন্ত্রী আশোক সিংঘল, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজায়ো ভাষণ প্রদান কৰে৷ অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ উপাধ্যক্ষ মুকুতা ডেকা, নগৰ পৰিক্রমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিং, গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণৰ আয়ুক্ত দেৱাশিস শর্মাৰ লগতে গণ্য–মান্য ব্যক্তিসকল উপস্থিত থাকে৷
স্মার্টচিটী প্রকল্প ৰূপায়ণত পৌৰ নিগমৰ সহযোগী হ’ব ভি আই বিজনেছ
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুকলি কৰিলে এই অংশীদাৰিত্ব
গুৱাহাটীৰ স্মার্টচিটী প্রকল্প ৰূপায়ণৰ ক্ষেত্রত গুৱাহাটী পৌৰ নিগমৰ সহযোগী হ’ব ভি আই বিজনেছ৷ ভোডাফোন–আইডিয়াৰ এটা শাখা ভি আই বিজনেছ গুৱাহাটী পৌৰ নিগমৰ স্বচ্ছ ভাৰত কর্মীসকলক সহায় কৰিব৷ এই সহযোগিতাৰ অংশ হিচাপে স্মার্ট ফোন আৰু ফিচাৰ ফোনত ব্যৱহাৰ কৰিব পৰা ভি আই ছিমৰ জৰিয়তে সংযোজিত কৰা হ’ব গুৱাহাটী পৌৰ নিগমৰ কর্মচাৰীসকলক৷ ভি আই নেটৱর্কৰ জৰিয়তে তেওঁলোকক কৰা এই সংযোজনৰ সৈতে মহানগৰীখনৰ দৈনিক পৰিষ্কাৰ–পৰিচ্ছন্ন কৰাৰ কাম অধিক দ্রুত কৰি তোলাৰ লগতে ইয়াৰ লগত জড়িত কর্মচাৰীসকলৰ সুৰক্ষা নিশ্চিত কৰিব৷ ৰাজহুৱা সুৰক্ষা, ৰাইজক সজাগ কৰা আদি হৈছে এই অংশীদাৰিত্বৰ মূল লক্ষ্য৷
পৌৰ নিগমৰ কর্মচাৰীসকলক প্রদান কৰা ভি আই ছিমৰ জৰিয়তে মহানগৰীৰ বিভিন্ন স্থানত কাম কৰি থকা কর্মচাৰীসকলক ২৪ ঘণ্টাই সজাগ আৰু কাম কৰিবলগীয়া সময়ৰ কথা সোঁৱৰাই দিব৷ যাৰ জৰিয়তে মহানগৰীখন পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্রত অধিক সুবিধা প্রদান কৰিব৷ ভোডাফোন আইডিয়া লিমিটেডৰ মুখ্য এণ্টাৰপ্রাইজ ব্যৱসায়িক বিষয়া অভিজিৎ কিশোৰে এই সন্দর্ভত কয়– গুৱাহাটী পৌৰ নিগমৰ সৈতে স্মার্টচিটী প্রকল্প ৰূপায়ণৰ ক্ষেত্রত আমাৰ সৈতে কৰা সহযোগিতাই ভি আই এণ্টাৰপ্রাইজ মবিলিটিয়ে আগবঢ়োৱা উন্নত প্রযুক্তিৰ এক উদাহৰণ দাঙি ধৰিছে৷ পৌৰ নিগমৰ এই কার্যসূচীৰ অংশীদাৰ হিচাপে আমাক নির্বাচিত কৰাৰ বাবে আমি সুখী৷ এই অংশীদাৰিত্ব আনুষ্ঠানিকভাৱে মুকলি কৰাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷