নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব–বিশ্রুত গায়ক ব’ব ডিলানৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ

নিয়মীয়া বাৰ্তা ১৮ আগষ্টঃ বিশ্ব–বিশ্রুত গায়ক তথা গীতি–সাহিত্যৰ প্রথমগৰাকী নোবেল বঁটা বিজয়ী ব’ব ডিলানৰ বিৰুদ্ধে উত্থাপিত যৌন আতিশয্যৰ অভিযোগ অস্বীকাৰ কৰিছে গায়কগৰাকীয়ে৷ ডিলানৰ বিৰুদ্ধে এগৰাকী মহিলাই যৌন আতিশয্য চলোৱাৰ অভিযোগ আনিছে৷ অভিযোগ অনুসৰি ১৯৬৫ চনত বাৰ বছৰ বয়সতে মহিলাগৰাকীক গায়ক তথা গীতিকাৰ ডিলানে যৌন আতিশয্য চলাইছিল৷ মহিলাগৰাকীয়ে তৰা গোচৰত উল্লেখ কৰা হৈছে যে ব’ব ডিলানৰ নিউয়র্কস্থিত ছেল্ছি হোটেলৰ এপার্টমেণ্টত ১৯৬৫ চনত এলক’হল আৰু ড্রাগ্ছ প্রদান কৰি মহিলাগৰাকীক কেইবাবাৰো যৌন আতিশয্য চলোৱা হৈছিল৷

আনকি মহিলাগৰাকীয়ে এই কথা সদৰী কৰিলে তেওঁক আক্রমণ কৰাৰ ভাবুকি দিছিল বুলিও অভিযোগত উল্লেখ কৰা হৈছে৷ ব’ব ডিলানৰ মুখপাত্রই সংবাদ সংস্থা বি বি চিক জনোৱা অনুসৰি বর্তমান ৬৮ বয়সৰ মহিলাগৰাকীয়ে অনা অভিযোগ সম্পূর্ণ মিছা৷ নোবেল বঁটা বিজয়ী ব’ব ডিলানৰ বর্তমান বয়স হৈছে ৮০ বছৰ৷ অভিযোগকাৰী মহিলাগৰাকীয়ে বাস কৰে আমেৰিকাৰ কানেকটিকাট প্রদেশত৷ মহিলাগৰাকীৰ সম্পূর্ণ পৰিচয় এতিয়াও সদৰী হোৱা নাই যদিও সংবাদ মাধ্যমত জেচি নামেৰে বিভিন্ন বক্তব্য প্রদান কৰি আছে৷ লক্ষণীয়ভাৱে ব’ব ডিলানৰ বাবে কিশোৰী অৱস্থাতে মহিলাগৰাকীয়ে মানসিক অস্থিৰতাত ভুগিবলগীয়া হৈছিল বুলিও উল্লেখ কৰা হৈছিল৷ চাইল্ডছ ভিক্টিম এক্টৰ অধীনত নিউয়র্কৰ শীর্ষ আদালতত শুকুৰবাৰে মহিলাগৰাকীয়ে ব’ব ডিলানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷ গায়কগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱাৰ লগে লগে আমেৰিকাৰ সংবাদ মাধ্যমত সৃষ্টি হৈছে খলকনি৷

You might also like