নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাধীনতা দিৱসৰ দিনাই আফগানিস্তানত বিক্ষোভঃ তালিবানৰ গুলী

নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ আফগানিস্তানৰ ৰাজধানী কাবুল দখলৰ পাছতেই তালিবানী শাসনৰ পুনৰাবৃত্তি ঘটাৰ তিনি দিন পাছতেই তালিবানৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল একাংশ আফগান জনতা৷ বৃহস্পতিবাৰে আফগানিস্তানৰ স্বাধীনতা দিৱস উপলক্ষে দেশখনৰ প্রান্তে প্রান্তে অগণন লোক হাতত পতাকা লৈ ৰাজপথলৈ ওলাই আহে৷ কার্যতঃ তালিবানী শাসনক অস্বীকাৰ কৰি দেশৰ স্বাধীনতা দিৱস উদযাপনৰ বাবে ৰাজপথলৈ ওলাই অহা লোকৰ ওপৰত তালিবানে নির্বিচাৰ গুলীচালনা কৰে৷

দেশৰ পতাকা লৈ তালিবানৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই অহা জনতাৰ ওপৰত তালিবানে চলোৱা নির্বিচাৰ গুলীচালনাত ১২জন লোক নিহত হৈছে৷ ৰয়টাৰে প্রত্যক্ষদর্শীৰ ভাষ্যৰ আধাৰত প্রকাশ কৰা বাতৰি মতে ৰাজধানী কাবুল যোৱা ১৫ আগষ্টত তালিবানে দখল কৰাৰ পাছত আজি প্রথমবাৰৰ বাবে দেশখনৰ প্রান্তে প্রান্তে জনতা প্রতিবাদৰ বাবে ওলাই আহিছে৷ নিজৰ দেশৰ পতাকা লৈ ‘আমাৰ পতাকা আমাৰ পৰিচয়’ শীর্ষকেৰে ৰাজপথলৈ ওলাই আহে৷ পুৰুষ–মহিলা সমন্বিতে ৰাজপথলৈ ওলাই অহাসকলে কাবুলৰ ৰাজপথতো ক’লা, ৰঙা আৰু সেউজীয়া ৰাষ্ট্রীয় পতাকা উৰুৱাই শ্লোগান দিয়ে৷

এই শ্লোগানকাৰী সমাগমৰ ওপৰত তালিবানে নৃশংসভাৱে গুলীচালনা কৰাৰ ভিডি’ ছ’চিয়েল মিডিয়াযোগে প্রচাৰিত হৈছে৷ তালিবানৰ গুলীচালনাত ঠায়ে ঠায়ে প্রতিবাদী জনতাই ছত্রভংগ দিয়াৰ সময়ত পদপিষ্ট হৈ অনেকজন লোক আহত হোৱাৰ ঘটনাও পোহৰলৈ আহিছে৷

ইপিনে, কাবুল বিমানবন্দৰত দেশ এৰি বিদেশলৈ যাব খোজা জনসমাগমক নিয়ন্ত্রণ কৰিবলৈ তালিবানে প্রথমে শূন্যলৈ গুলী চলায় যদিও পিছলৈ জনসমাগম বৃদ্ধি পোৱাত তালিবানে এই জনসমাগমত গুলীচালনা কৰে৷ ফলত ১২জন লোকৰ প্রাণহানি হোৱাৰ লগতে অনেকজন আহত হোৱাৰ ভিডি’ প্রচাৰিত হৈছে৷

মন কৰিবলগীয়া যে কাবুলৰ হামিদ কাৰজাই আন্তর্জাতিক বিমানবন্দৰ বর্তমানেও আমেৰিকা যুক্তৰাষ্ট্রৰ সেনাৰ নিয়ন্ত্রণত আছে৷ দেশ এৰি বিদেশলৈ যাব বিচৰা লোকসকলক আমেৰিকাৰ জৰিয়তে বিদেশলৈ বিমানযোগে পঠিওৱা হৈছে৷ কিন্তু বিমানবন্দৰৰ চৌহদৰ বাহিৰত তালিবান সন্ত্রাসবাদীয়ে পহৰা দি আছে৷ বিমানবন্দৰত প্রৱেশ কৰিব খোজা সকলো লোকৰ তথ্য পুংখানুপংখভাৱে নিৰীক্ষণ কৰি আছে তালিবানে৷

তালিবানৰ নিৰীক্ষণ চকীত জনতাৰ ভিৰ অতি বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিততেই তালিবানে গুলীচালনা কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হোৱা বুলিও একাংশ সংবাদ মাধ্যমত চর্চা হৈছে৷

উল্লেখ্য যে আফগান চহৰ আছাদাবাদত পতাকা লৈ ৰাজপথলৈ ওলাই অহা প্রতিবাদী লোকৰ ওপৰত তালিবানে জধে–মধে গুলীচালনা কৰাত ১২জন লোক নিহত হৈছে৷ ৰাজপথত এনে হাহাকাৰ পৰিস্থিতিৰ ভিডি’ ছ’চিয়েল মিডিয়াত প্রচাৰিত হোৱাত দেশখনত এক অস্থিৰতাৰ পৰিৱেশ সৃষ্টি হোৱাটো পৰিলক্ষিত হৈছে৷ তাৎপর্যপূর্ণ যে তালিবানৰ মুখপাত্রই প্রথম সংবাদ মেলযোগে ইছলাম আইনৰ অধীনত মহিলাৰ অধিকাৰ সুৰক্ষিত কৰা হ’ব বুলি ঘোষণা কৰিছিল যদিও এই ঘোষণাৰ ২৪ ঘণ্টাৰ পাছতেই দেশখনত মহিলাৰ ওপৰত অত্যাচাৰ আৰম্ভ হৈছে৷ চৰকাৰী কার্যালয়লৈ মহিলাক আহিবলৈ তালিবানে আহ্বান জনাইছিল যদিও সেয়াও কার্যতঃ ঘোষণাহে যে  তাৰ স্বৰূপ প্রতিফলিত হৈছে৷ কিয়নো চাকৰিলৈ ওলাই অহা মহিলাসকলক তালিবান সন্ত্রাসবাদীয়ে ঘৰলৈ ওভতাই পঠিওৱাৰ বাতৰিও প্রচাৰ হৈছে৷

ইপিনে, ৰাজধানী কাবুলকে ধৰি দেশখনৰ ৩৪খন প্রদেশৰ ভিতৰত একমাত্র পঞ্জশীৰ প্রদেশ এতিয়াও তালিবানে দখল কৰিব পৰা নাই৷ এই পঞ্জশীৰ প্রদেশৰ পৰাই পুনৰ আফগানিস্তানৰ পৰা তালিবানক উৎখাতৰ অভিযান চলাব বুলি হুংকাৰ দিছে দেশখনৰ প্রাক্তন প্রথম উপ–ৰাষ্ট্রপতি তথা স্বঘোষিত তত্ত্বাৱধায়ক ৰাষ্ট্রপতি আমৰুল্লা ছালেহে৷ পঞ্জশীৰৰ সাহসী নেতা তথা স্বঘোষিত তত্ত্বাৱধায়ক ৰাষ্ট্রপতি ছালেহে টুইটযোগে প্রকাশ কৰিছে যে তালিবানৰ ওচৰত কেতিয়াও মূৰ নোদোৱায়৷

তালিবানক আফগানিস্তান দখলত পূর্ণ সমর্থন আগবঢ়োৱা পাকিস্তানক একপ্রকাৰ সকীয়নি দি ছালেহে কয় যে আফগানিস্তান ইমানেই ডাঙৰ যে পাকিস্তানত গ্রাস নহয়৷ ঠিক তেনেদৰে তালিবানেও বিশাল আফগানিস্তানক শাসন কৰিব নোৱাৰে৷ ছ’চিয়েল মিডিয়াত টুইটযোগে ছালেহে পুনৰ কয়– দেশে আইনৰ শাসন মানে, হিংসাৰ শাসন নামানে৷ সবাতোকৈ গুৰুত্বপূর্ণ যে তালিবানক প্রত্যাহ্বান জনাই পঞ্জশীৰ উপত্যকাত আজি আফগানিস্তানৰ ৰাষ্ট্রীয় পতাকা উত্তোলন কৰে নর্দান এলায়েন্সে৷ তালিবানক পুনৰ আফগানিস্তানৰ পৰা উৎখাতৰ অভিযান এই পঞ্জশীৰৰ পৰাই আৰম্ভৰ হুংকাৰ দিছে নর্দান এলায়েন্সৰ নেতা আহমেদ মাছুদে৷ আফগানিস্তানৰ প্রাক্তন নেতা প্রয়াত আহমেদ শ্বাহ মাছুদৰ পুত্র আহমেদ মাছুদে পঞ্জশীৰ উপত্যকাত নিজৰ শক্তি বৃদ্ধি কৰি তালিবানক প্রতিহত কৰিব৷

আহমেদ মাছুদৰ নেতৃত্বাধীন নর্দান এলায়েন্সৰ সৈতে প্রাক্তন প্রথম উপ–ৰাষ্ট্রপতি তথা স্বঘোষিত তত্ত্বাৱধায়ক ৰাষ্ট্রপতি আমৰুল্লা ছালেহে মিলিত হৈ তালিবানক আফগানিস্তানৰ পৰা পুনৰ উৎখাতৰ অভিযান আৰম্ভ কৰিব৷ আহমেদ মাছুদৰ টুইটাৰত আফগানিস্তানৰ স্বাধীনতাৰ এই আন্দোলনত দেশৰ জনতাক অংশ ল’বলৈ আহ্বান জনাইছে৷ উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্রৰ সেনাবাহিনী প্রত্যাহাৰৰ সিদ্ধান্ত গ্রহণ কৰাৰ পাছতেই তালিবানে দেশখনৰ বিভিন্ন অঞ্চল নিজৰ দখললৈ অনাৰ লগতে ৰাজধানী কাবুলো দখল কৰে৷

২০ বছৰ ধৰি চলি থকা দেশখনৰ নির্বাচিত চৰকাৰক সহজে পৰাভূত কৰি চুন্নী ইছলামিক নিষিদ্ধ সন্ত্রাসবাদী সংগঠন তালিবানে পুনৰ আফগানিস্তানক নিজৰ শাসনৰ অধীনলৈ আনে৷ ইয়াৰ পূর্বে ১৯৯৬ চনৰ পৰা ২০০১ চনলৈকে আফগানিস্তানত তালিবানৰ শাসন চলিছে৷ উক্ত তালিবানী শাসনৰ সময়ছোৱাত তালিবানৰ নৃশংসতাৰ কাহিনীয়ে বিশ্ববাসীক ত্রাসিত কৰি ৰাখিছে৷ সেই নৃশংসতা পুনৰ আফগানিস্তানলৈ উভতি অহাৰ শংকা ক্ষণে ক্ষণে ঘনীভূত হৈছে৷ তেনে এক ইংগিত কাবুল দখলৰ তিনি দিন পাছতেই প্রত্যক্ষ কৰা হৈছে৷

You might also like