নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দশম শ্রেণী পর্যন্ত বুৰঞ্জী–ভূগোল হ’ব বাধ্যতামূলক

নিয়মীয়া বাৰ্তা, ২১ আগষ্ট: অসমৰ শিক্ষা ব্যৱস্থাত আমূল পৰিৱর্তন সাধনৰ পদক্ষেপ গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ শুকুৰবাৰে ১০০ দিন পূর্ণ হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকে এই সন্দর্ভত দুটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে৷

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটৰ সিদ্ধান্ত অনুসৰি দশম শ্রেণী পর্যন্ত বাধ্যতামূলক হ’ব ভূগোল আৰু বুৰঞ্জী বিষয় দুটা৷

এই বিষয়ে সদৰী কৰি মুখ্যমন্ত্রী ড০ শর্মাই এখন সংবাদ মেলত কয় যে শৈক্ষিক পাঠ্যক্রমত ভূগোল আৰু বুৰঞ্জী বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ দশম শ্রেণীলৈকে ছাত্র–ছাত্রীসকলে ভাৰতৰ বুৰঞ্জী–ভূগোল আৰু অসমৰ বুৰঞ্জী–ভূগোল অধ্যয়ন কৰিব লাগিব৷ তদুপৰি নতুন ৰাষ্ট্রীয় শিক্ষা নীতিৰ আধাৰত আগন্তুক শিক্ষা বর্ষৰ পৰা ‘ছিনিয়ৰ ছেকেণ্ডাৰী’ ব্যৱস্থা প্রৱর্তনৰো সিদ্ধান্ত লোৱা বুলি মুখ্যমন্ত্রী ড০ শর্মাই জানিবলৈ দিয়ে৷

এই সম্পর্কত তেওঁ কয় যে অহা বছৰৰ এপ্রিলৰ পৰা ৰাজ্যত নৱম, দশম, একাদশ আৰু দ্বাদশ শ্রেণী ৰাষ্ট্রীয় শিক্ষা নীতিৰ অধীনত যাব৷ ইয়াৰ বাবে প্রয়োজনত বিদ্যালয় একত্রীকৰণ বা অন্যান্য প্রয়োজনীয় সকলো ব্যৱস্থা চৰকাৰে গ্রহণ কৰিব৷ এই ব্যৱস্থা প্রৱর্তন হ’লে সকলো উচ্চ মাধ্যমিক বিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ হোৱাৰ সমান্তৰালভাৱে কনিষ্ঠ মহাবিদ্যালয়সমূহত অন্তর্ভুক্ত হ’ব নৱম আৰু দশম শ্রেণী৷ তদুপৰি অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ একত্রীকৰণ হ’ব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই সদৰী কৰে৷

You might also like