আমেৰিকাত সংহাৰ সৃষ্টি কৰিব পাৰে ধুমুহা হেনৰিয়ে
নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: আমেৰিকাৰ পূব প্রান্তৰ উপকূলত ধুমুহা হেনৰিয়ে সৃষ্টি কৰিব পাৰে বিভীষিকাৰ৷ ইতিমধ্যে বতৰ বিজ্ঞান বিভাগে নিউয়র্কৰ লং আইলেণ্ডৰ বাসিন্দাসকলক এই ভয়াৱহ সামুদ্রিক ধুমুহাৰ বাবে প্রস্তুত হৈ থাকিবলৈ আহ্বান জনাইছে৷ লং আইলেণ্ড আৰু নিউ ইংলেণ্ডত বিভিন্ন প্রান্তত ধুমুহাই সংহাৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰিয়েই নিউয়র্ক প্রদেশত জৰুৰী অৱস্থা ঘোষণা কৰিছে প্রশাসনে৷ স্মর্তব্য যে ১৯৯১ চনত নিউ ইংলেণ্ডত সামুদ্রিক ধুমুহা ববে সৃষ্টি কৰিছিল তাণ্ডৱ৷