আফগানিস্তানত মৃত্যুৰ পিছতো মহিলাৰ ওপৰত বলাৎকাৰ চলায় তালিবানে
নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট: আফগানিস্তানত তালিবানৰ শাসনত মহিলাসকল কেনে পাশৱিক নির্যাতনৰ সন্মুখীন হ’ব পাৰে তাক লৈ সঘনে সংবাদ মাধ্যমত প্রতিবেদন প্রকাশ পাই আছে৷ পূর্বৰ তালিবানৰ শাসনত আফগানিস্তানৰ মুক্ত মহিলা অন্ধকাৰ পোতাশালত বন্দী হ’বলগীয়া হৈছিল৷
বোর্খাৰ আঁৰত জীৱন অতিবাহিত কৰিছিল মহিলা সমাজে৷ শেহতীয়াকৈ কাবুলৰ পৰা প্রাণ লৈ দিল্লীত আহি উপস্থিত হোৱা বহু মহিলাই আফগানিস্তানত তালিবানৰ আতিশয্যৰ বহু শিহৰণকাৰী তথ্য সদৰী কৰিছে৷ দিল্লীত উপস্থিত হোৱা এগৰাকী আফগান মহিলা আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি মৃত্যুৰ পিছতো মহিলাক ৰেহাই নিদিয়ে তালিবানে৷
মুস্কান নামৰ এই মহিলাগৰাকীয়ে উল্লেখ কৰা অনুসৰি নৃশংসভাৱে হত্যা কৰা মহিলাৰ মৃতদেহত ধর্ষণ কৰাৰ বর্বৰ ইতিহাস আছে তালিবানৰ৷ গতিকে আফগান মহিলাসকল তালিবানৰ শাসনত পুনৰ ভয়াৱহ পাশৱিকতাৰ চিকাৰ হ’ব বুলি আশংকা কৰা হৈছে৷