নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৰকসদৃশ পৰিস্থিতি কাবুল বিমানবন্দৰতঃ নাই এটুপি পানী, অকণ খাদ্যও

নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট: তালিবানে আফগানিস্তান দখল কৰাৰ পিছত কাবুলস্থিত হামিদ কাৰজাই আন্তর্জাতিক বিমানবন্দৰত আবদ্ধ হৈ পৰা হাজাৰ হাজাৰ যাত্রী এতিয়া নৰকসদৃশ যন্ত্রণাৰ সন্মুখীন হৈছে৷ ঘণ্টাৰ পিছত ঘণ্টা ধৰি অনাহাৰে দেশ এৰি পলায়ন কৰিবলৈ বিমানৰ বাবে দীঘলীয়া শাৰী পাতি প্রতীক্ষা কৰিবলগীয়া হৈছে এই লোকসকলে৷ এটুপি পানী বা খাদ্য অবিহনেই দিন–ৰাতি এনেদৰে শাৰী পাতি আছে হাজাৰ লোকে৷

ব্রিটিছ সেনাৰ বাবে দোভাষী হিচাপে কাম কৰা এজন লোকে সংবাদ সংস্থা বি বি চিক জানিবলৈ দিয়া অনুসৰি আফগানিস্তানৰ পৰা বিদেশী বাহিনীয়ে উদ্ধাৰ কৰিব বুলি বিমানৰ বাবে ২৪ ঘণ্টাতকৈ অধিক সময় ধৰি তেওঁ শাৰী পাতি থাকিবলগীয়া হৈছে৷ পত্নী আৰু চাৰিমহীয়া কন্যা শিশুৰ সৈতে এনেদৰে খাদ্য–পানী অবিহনে দিন–ৰাতি উজাগৰে কেৱল ব্রিটিছ বায়ুসেনাৰ বিমানৰ বাবে প্রতীক্ষা কৰি আছে লোকজনে৷ লক্ষণীয়ভাৱে এতিয়া কাবুল বিমানবন্দৰত থকা হাজাৰ হাজাৰ লোকে এই নৰক যন্ত্রণাৰ মাজতো জন্মভূমিৰ পৰা কেতিয়া আঁতৰি গৈ অন্য দেশত আশ্রয় গ্রহণ কৰিব পাৰে তাৰ প্রতীক্ষাত এনেদৰে দীঘলীয়া শাৰীত থিয় হৈ আছে৷ তালিবানে কাবুল দখল কৰাৰ পিছৰে পৰা বিমানবন্দৰত এতিয়া এনে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে৷

ইফালে, তালিবানে ৩১ আগষ্টত আফগানিস্তান এৰিবলৈ বিদেশী বাহিনীক চূড়ান্ত সময়সীমা বান্ধি দিয়াৰ পিছতে ব্রিটিছ সেনাই দেশৰ নাগৰিকসকলক নির্ধাৰিত সময়ত গৃহভূমিলৈ ওভতাই নিয়াৰ সংকল্প লৈছে৷ গতিকে বর্তমান ৪০ ডিগ্রী চেলছিয়াছ উষ্ণতাৰ মাজত শৰীৰ ডেই পুৰি যোৱা অৱস্থাতো সকলোৱে কেৱল বিমানবন্দৰত অনাহাৰ অনিদ্রাৰে প্রতীক্ষা কৰিছে বিমানলৈ৷ হাজাৰ হাজাৰ আফগান লোকে বিদেশী বাহিনীৰ সহায়ত দেশৰ পৰা পলায়নৰ চেষ্টা চলাইছে যদিও বহুতৰ বাবে সেয়া সপোনত পৰিণত হৈছে

You might also like