নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যাত্রীক ৰামটাঙোন ৰাজ্যজুৰি বাছ চলাচলৰ প্রথম দিনাই ভাৰা বৃদ্ধি কৰিব মালিক পক্ষই

নিয়মীয়া বাৰ্তা ২৬ আগষ্টঃ মহামাৰী ক’ভিড নিয়ন্ত্রণৰ বাবে ঘোষণা কৰা লকডাউন আৰু বিভিন্ন নীতি–নির্দেশনাই বিগত প্রায় দুটা বছৰ ধৰি ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱনযাত্রা৷ ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে সৃষ্টি হোৱা জটিলতাৰ ফলত বিগত সময়ছোৱাত কর্মহীন হৈ পৰিছে লাখ লাখ লোক৷ সমান্তৰালভাৱে অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ ৰাইজক৷ ইয়াৰ মাজতে পুনৰ ৫০ শতাংশ বাছভাৰা বৃদ্ধিৰে ৰাজ্যবাসীৰ মূৰত মাধমাৰ শোধোৱাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে সদৌ অসম মটৰ পৰিবহণ সংস্থাই৷ ৰাজ্যত যাত্রীবাহী বাছ চলাচলৰ বাবে অনুমতি প্রদান কৰা দিনাৰ পৰাই এই বর্ধিত বাছভাৰা আদায় কৰা হ’ব বুলিও সংস্থাই প্রকাশ কৰিছে৷ যাৰ বাবে বাছত সঘনাই অহা–যোৱা কৰা যাত্রীসকলৰ মাজত হাহাকাৰ সৃষ্টি হৈছে৷ বিশেষকৈ দূৰণিবটীয়া বাছসমূহত অহা–যোৱা কৰা যাত্রীসকলে পূর্বৰ তুলনাত অত্যধিক হাৰত ভৰিব লাগিব বাছভাৰা৷

বাছৰ চলাচলৰ অনুমতি লাভ কৰিলেই নতুন বর্ধিত ভাৰা কার্যকৰী কৰিলে তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ আহিবলৈ এগৰাকী যাত্রীয়ে ভৰিব লাগিব ১,০৫০ টকা৷ পূর্বে এই ভাৰা আছিল ৭০০ টকা৷ সেইদৰে লখিমপুৰৰ পৰা গুৱাহাটীলৈ ৬০০ টকাৰ পৰিৱর্তে ৯০০ টকা ভৰিব লাগিব বাছযাত্রীসকলে৷ একেদৰে যোৰহাটৰ পৰা গুৱাহাটীলৈ অহা এগৰাকী ব্যক্তিয়ে পূর্বৰ ৪০০ টকাৰ ঠাইত আদায় দিব লাগিব ৬০০ টকা৷ তেজপুৰৰ পৰা গুৱাহাটীলৈ অহা যাত্রী এগৰাকীয়ে পূর্বৰ ২৫০ টকাৰ তুলনাত আদায় দিব লাগিব ৩৭৫ টকা৷ এয়া মাথোঁ কেইটামান উদাহৰণহে৷ ৰাজ্যৰ প্রতিখন জিলাৰ পৰা গুৱাহাটীলৈ চলাচল কৰা দূৰণিবতীয়া বাছসমূহত যাত্রীসকলে কল্পনাও কৰিব নোৱাৰা ধৰণে আদায় দিব লাগিব বাছভাৰা৷ দীর্ঘদিন ধৰি ক’ভিডৰ বাবে যাত্রীবাহী বাছসমূহ চলাচলৰ অনুমতি নিদিয়াৰ ফলত হোৱা লোকচানৰ বাবেই এনেদৰে কোনো ধৰণৰ আলোচনা নকৰাকৈ একপক্ষীয়ভাৱে মটৰ পৰিবহণ সংস্থাই ভাৰা বৃদ্ধি কৰিবলৈ লোৱা সিদ্ধান্তই স্বাভাৱিকতেই সৃষ্টি কৰিছে প্রতিক্রিয়া৷ ইয়াৰ পূর্বে পৰিবহণ বিভাগৰ সৈতে আলোচনা কৰি ইন্ধনৰ মূল্যবৃদ্ধিৰ অজুহাতত মহানগৰীত চলা চিটীবাছ, শ্বেয়াৰ টেক্সি আৰু দূৰণিবটীয়া বাছসমূহৰ ভাৰা বৃদ্ধি কৰিছিল৷ কিন্তু এইবাৰ সদৌ অসম মটৰ পৰিবহণ সংস্থাই পৰিবহণ বিভাগৰ সৈতে কোনো ধৰণৰ আলোচনাত মিলিত হোৱা নাই৷

সমান্তৰালভাৱে এইক্ষেত্রত নির্বিকাৰ ভূমিকা পালন কৰি আহিছে পৰিবহণ বিভাগেও৷ বাছ চলাচলৰ অনুমতি প্রদান কৰিলে মটৰ পৰিবহণ সংস্থাই প্রকাশ কৰাৰ দৰেই ৫০ শতাংশ বৃদ্ধিৰে ভাৰা আদায় কৰিবলৈ অনুমতি প্রদান কৰা হ’ব নে নহয়, সেই ক্ষেত্রত পৰিবহণ বিভাগে কোনোধৰণৰ স্পষ্ট নির্দেশনা প্রকাশ কৰা নাই৷ অথবা এইক্ষেত্রত পৰিবহণ সংস্থাটোৰ আলোচনাৰ বাবে কোনোধৰণৰ আগ্রহ প্রকাশ কৰা নাই৷ সেয়েহে একপক্ষীয়ভাৱে ভাৰা বৃদ্ধিৰে শীঘ্রে যাত্রীৰ মূৰত মাধমাৰ শোধাবলৈ একপ্রকাৰ সাজু হৈছে যাত্রীবাহী বাছসমূহৰ মালিকসকল৷

উল্লেখ্য যে চৰকাৰৰ সৈতে আলোচনাৰ অন্তত ভাৰা বৃদ্ধি কৰাৰ পাছত যাত্রীবাহী বাছ, শ্বেয়াৰ টেক্সি, চিটীবাছ আদিৰ কেইবাবাৰো অবৈধভাৱে নিজাববীয়াকৈ ভাৰা বৃদ্ধি কৰি লৈছে৷ ক’ৰোনাৰ প্রথমটো ঢ়ৌ ক্রমাৎ নিম্নগামী হোৱাত আনলক প্রক্রিয়া আৰম্ভ হোৱাৰ সময়ত যাত্রীবাহী বাছ, শ্বেয়াৰ টেক্সি, চিটীবাছ আদিক ৫০ শতাংশ যাত্রীৰে চলাবলৈ অনুমতি প্রদান কৰিছিল চৰকাৰে৷ ক’ভিডৰ সংক্রমণ হ্রাস কৰাৰ বাবে যাতে বাছ আৰু ৰাজহুৱা পৰিবহণ ব্যৱস্থাত সামাজিক দূৰত্ব মানি চলিব পৰা যায়, তাৰ বাবে ৫০ শতাংশ যাত্রীৰ অনুমতি প্রদান কৰা হৈছিল৷ সেই সময়ত যাত্রীবাহী বাছসমূহৰ মালিকসকলে প্রকাশ কৰিছিল যে ৫০ শতাংশ যাত্রীৰে চলাচল কৰিলে তেওঁলোকে লাভ অর্জন কৰাটো দূৰৰেই কথা অহা–যোৱাৰ বাবদ ব্যয় হোৱা ইন্ধনৰ মূল্যও আদায় কৰিব নোৱাৰে৷ যাৰ পৰিপ্রেক্ষিতত চৰকাৰৰ অনুমতি নোহোৱাকৈ দূৰণিবটীয়া বাছ, চিটীবাছ, শ্বেয়াৰ টেক্সি আদিয়ে নিজাববীয়াকৈ এটা নির্দিষ্ট পৰিমাণৰ ভাৰা বৃদ্ধি কৰি লয়৷ অথচ দূৰণিবটীয়া বাছ আৰু অন্যান্য পৰিবহণ ব্যৱস্থাত প্রয়োজনতকৈ অধিক যাত্রী কঢ়িয়ায় বুলিও অভিযোগ উত্থাপন হৈ আহিছে৷

পৰৱর্তী সময়ত ক’ভিডৰ দ্বিতীয় ঢ়ৌৰ পূর্বে প্রায় স্বাভাৱিক অৱস্থা ৰাজ্যলৈ ঘূৰি আহিল যদিও বাছ আৰু অন্যান্য সেৱাৰ বাহনসমূহে কোনোধৰণৰ আলোচনা নকৰাকৈ কেৱল ৫০ শতাংশ যাত্রী কঢ়িওৱাৰ অজুহাতত অবৈধভাৱে বৃদ্ধি কৰা ভাৰাই আদায় কৰা প্রক্রিয়া অব্যাহত ৰাখে৷ এতিয়া এই অবৈধভাৱে আদায় কৰি অহা বর্ধিত ভাৰাৰ ওপৰত পুনৰ ৫০ শতাংশ ভাৰা বৃদ্ধি কৰিবলৈ পৰিবহণ সংস্থাসমূহে লোৱা পদক্ষেপে ৰাজ্যবাসীক যে কোঙা কৰিব পেলাব, সেয়া নিশ্চিত৷ ভাৰা বৃদ্ধিৰ বাবে লোৱা সিদ্ধান্তৰ প্রতিক্রিয়া প্রকাশ কৰি একাংশ সাধাৰণ নাগৰিকে এইবুলি প্রশ্ণ উত্থাপন কৰিছে যে ক’ভিডৰ সময়ছোৱাত কেৱল বাছৰ মালিকসকলহে লোকচানৰ সন্মুখীন হৈছে নেকি? ক্ষুদ্র ব্যৱসায়ীৰ পৰা বৃহৎ ব্যৱসায়ীলৈকে, বিভিন্ন ব্যক্তিগত খণ্ডত কর্মৰত লোকসকল ব্যাপকভাৱে ক্ষতিগ্রস্ত হৈছে৷ এই ক্ষতিগ্রস্ত লোকসকলৰ পৰাই পুনৰ বাছৰ মালিকসকলে বর্ধিত ভাৰা আদায় কৰিবলৈ লোৱা পদক্ষেপক নিয়ন্ত্রণ কৰিবলৈ ৰাজ্যৰ বিয়াগোম বিভাগে কি ব্যৱস্থা গ্রহণ কৰিব সেয়া হ’ব লক্ষণীয়

You might also like