নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ধন্যবাদ মুখ্যমন্ত্রী’ ৰাজ্যজুৰি উৎফুল্লিত মহিলাৰ আনন্দোল্লাস

ঋণ ৰেহাইৰে সঠিক বেংকিং ব্যৱস্থাৰে নতুন অর্থনৈতিক বুনিয়াদ গঢ়াৰ পদক্ষেপ চৰকাৰৰঃ ঋণৰ ধন উৎপাদনশীল কামত ব্যয় কৰাৰ আহ্বান

নিয়মীয়া বাৰ্তা ২৬ আগষ্টঃ নির্বাচনৰ সময়ত দিয়া প্রতিশ্রুতি আখৰে আখৰে ৰূপায়ণ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ১০০টা দিন অতিক্রম কৰাৰ পিছমুহূর্ততে মাইক্র’ফাইনেঞ্চৰ ঋণ ৰেহাইৰ ব্যৱস্থা কৰাত ৰাজ্যজুৰি মহিলাসকলে বুধবাৰে আনন্দ–উল্লাস পালন কৰে৷ কাজিৰঙা, লখিমপুৰকে ধৰি বিভিন্ন স্থানৰ মাইক্র’ফাইনেঞ্চৰ ঋণ লোৱা মহিলাসকল ৰাজপথলৈ ওলাই আহি আনন্দ–উল্লাস পালনৰ লগতে ফূর্তিতে বিহুগীত পর্যন্ত পৰিৱেশন কৰে৷ উৎফুল্লিত হৈ উঠা মহিলাসকলে কয় যে ক’ভিডকালৰ বাবে সম্প্রতি তেওঁলোকে ঋণৰ কিস্তি পৰিশোধ কৰাত কিছু অসুবিধাৰ সন্মুখীন হৈছিল যদিও শেহতীয়াকৈ চৰকাৰে তেওঁলোকক সর্বাধিক ২৫ হাজাৰ টকালৈকে আগবঢ়োৱাত তেওঁলোক এতিয়া যথেষ্ট উপকৃত হৈছে৷

মুখ্যমন্ত্রী ড০ শর্মাই তেওঁলোকৰ বাবে গ্রহণ কৰা এনে ঐতিহাসিক সিদ্ধান্তত বহু মহিলা আৱেগিক হৈ আনন্দতে উচুপি উঠে৷ তেওঁলোকক সহায়ৰ বাবে মুখ্যমন্ত্রীয়ে গ্রহণ কৰা সিদ্ধান্তৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাক ধন্যবাদ জ্ঞাপন কৰি আশীর্বাদ দিয়ে৷ ইপিনে বিত্ত বিভাগৰ এক সূত্রই জানিবলৈ দিয়া মতে, মাইক্র’ফাইনেঞ্চৰ ঋণ ৰেহাইৰ জৰিয়তে চৰকাৰে দুর্দশাগ্রস্ত মহিলাসকলক কেৱল আর্থিক সকাহ দিয়াই নহয়, ৰাজ্যখনত সঠিক বেংকিং ব্যৱস্থাৰে নতুন অর্থনৈতিক বুনিয়াদ গঢ়াৰ পদক্ষেপ লৈছে৷ তাৰ বাবেই চৰকাৰে সময়মতে ঋণৰ কিস্তি পৰিশোধ কৰি অহা ১৪ লাখ মহিলাক যিসকলে চৰকাৰৰ পৰা ঋণ ৰেহাই বিচৰা নাছিল বা কোনো সুবিধাও বিচৰা নাছিল, তেওঁলোককো সর্বোচ্চ ২৫ হাজাৰ টকালৈকে পুৰস্কৃত কৰাৰ ব্যৱস্থা কৰিছে৷

ইয়াৰ জৰিয়তে চৰকাৰে ঋণ লোৱাসকলক এটা বার্তা দিব বিচাৰছে৷ ঋণৰ ধন সঠিক বিত্তীয় ব্যৱস্থাপনাৰে উৎপাদনশীল কামত ব্যয় কৰা উচিত৷ সূত্রটোৰ মতে চৰকাৰৰ এই পদক্ষেপে অকল মাইক্র’ফাইনেঞ্চৰ ঋণ লোৱাসকলকেই নহয়, অন্যান্য ঋণ লোৱাসকলকো ঋণৰ ধনৰ সদ্ব্যৱহাৰ কৰা আৰু ঋণৰ ধন উৎপাদনশীল কামত ব্যয় কৰাৰ প্রতি মনোযোগ বৃদ্ধি কৰিব৷ তেনে এক পৰিৱেশ সৃষ্টিৰ বাবেই মাইক্র’ফাইনেঞ্চৰ ঋণৰ কিস্তি সময়মতে ওভতাই দিয়াসকলক অনাগত দিনতো প্রেৰণা হিচাপে পুৰস্কৃত কৰাৰ ব্যৱস্থা কৰিব বুলি কালি মুখ্যমন্ত্রী ড০ শর্মাই ভাষণত উল্লেখ কৰিছে৷

সেইদৰে এতিয়াৰে পৰা আৰ বি আইৰ নির্ধাৰিত নীতিৰ আওতাতহে বিত্তীয় প্রতিষ্ঠানসমূহক ঋণ দিয়াৰ পদক্ষেপ গ্রহণ কৰাৰ কঠোৰ ব্যৱস্থা কৰি চৰকাৰে ঋণ ওভতাই দিবলৈ সামর্থ্য নথকাসকলক পুনৰ ঋণগ্রস্ত নকৰাৰ পদক্ষেপ গ্রহণ কৰিছে৷ পূর্বৰে পৰা প্রতিখন চৰকাৰে বিভিন্ন ধৰণৰ আঁচনিৰে হিতাধিকাৰী সৃষ্টি কৰি আহিছে৷ কিন্তু বর্তমানৰ ড০ শর্মা চৰকাৰে হিতাধিকাৰী সৃষ্টিৰ সমান্তৰালভাৱে ৰাজ্যখনত সবল অর্থনৈতিক বুনিয়াদ গঢ়াৰ পদক্ষেপ লৈছে৷ তাৰ বাবেই ঋণ লোৱাৰ সামর্থ্য নথকাসকলক এতিয়াৰে পৰা অৰুণোদয়কে ধৰি চৰকাৰৰ বিভিন্ন আঁচনিৰ অধীনত সামৰি লৈ অর্থনৈতিকভাৱে সবল কৰাৰ পদক্ষেপ লৈছে৷ এইক্ষেত্রত জনসাধাৰণ যাতে মাইক্র’ফাইনেঞ্চৰ আওতাৰ পৰা আঁতৰি গৈ এতিয়া গ্রামাঞ্চলত চলি থকা ‘অসমীয়া কাবুলীৱালা’ৰ কবলত নপৰে, তাৰ বাবেও সকীয়াই দিছে৷ কালি মাইক্র’ফাইনেঞ্চৰ ঋণ ৰেহাইৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানতেই মুখ্যমন্ত্রী ড০ শর্মাই জনসাধাৰণক অসমৰ গ্রামাঞ্চলত ব্যক্তিগত পর্যায়ত এতিয়াও চলি থকা অধিক সুদৰ নিৰিখত ঋণ দিয়া চক্রৰ বেহুত ভৰি নিদিবলৈ আহ্বান জনায়৷
লখিমপুৰত মহিলাৰ আবতৰীয়া বিহু
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত মাইক্র’ফাইনেঞ্চৰ ঋণ ৰেহাইৰ বাবে কালি বিত্তীয় প্রতিষ্ঠানসমূহৰে বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ পাছতেই আজি লখিমপুৰত সৃষ্টি হয় আবতৰীয়া বিহুৰ পৰিৱেশ৷ বিহু মাৰি নাচি–বাগি আনন্দত মতলীয়া হৈ পৰে মহিলাসকল৷ লখিমপুৰৰ আজাদ টপটপী অঞ্চলত সৃষ্টি হয় এনে পৰিৱেশ৷ বিহুগীতৰ ধ্বনি, নাচোনৰ গিৰিপ গিৰিপ শব্দই সৃষ্টি কৰে বিহুবলিয়া পৰিৱেশ৷ জাগৃত নাৰীশক্তি সমিতিৰ লখিমপুৰ আৰু ধেমাজি জিলাৰ উদ্যোগত উক্ত অঞ্চলত সমৱেত হোৱা মহিলাসকলে ঋণগ্রস্ততাৰ পৰা সম্পূর্ণ সকাহ পাই আজি বিহু মাৰি আনন্দত বিভোৰ হৈ পৰে৷ দীর্ঘদিন ধৰি মাইক্র’ফাইনেঞ্চৰ ঋণ লৈ বিবুধিত পৰা মহিলাসকল এতিয়া শংকামুক্ত হ’ল বুলি প্রকাশ কৰে৷ তেওঁলোকে এতিয়া অন্তৰ খুলি হাঁহিছে বুলি প্রকাশ কৰি কয়– ‘মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নির্বাচনৰ পূর্বে দিয়া প্রতিশ্রুতি ৰক্ষা কৰিলে৷ তেওঁ মহিলাসকলক দিয়া কথা ৰাখিলে৷ মুখ্যমন্ত্রী ধন্যবাদৰ পাত্র৷ আমি তেওঁক অন্তৰৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷’
মুখ্যমন্ত্রীক হিয়া উজাৰি আশীর্বাদ দিলে কাজিৰঙাৰ মহিলাই
আখৰে আখৰে প্রতিশ্রুতি পালন কৰা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক হিয়া উজাৰি আশীর্বাদ দিলে কাজিৰঙাৰ মহিলাই৷ মাইক্র’ফাইনেঞ্চৰ ঋণ ৰেহাই প্রক্রিয়া আৰম্ভ কৰাৰ বাবে আজি পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ অধীনস্থ ১নং কঁহৰা গাঁৱৰ মহিলাসকলে প্রতিশ্রুতি পালন কৰা মুখ্যমন্ত্রী ড০ শর্মাক হিয়া উজাৰি আশীর্বাদ দিয়াৰ লগতে মুখ্যমন্ত্রীগৰাকী ভগৱানৰ তুল্য বুলি উল্লেখ কৰি আৱেগিক হৈ পৰে৷ ক’ৰোনা মহামাৰীয়ে কোঙা কৰি পেলোৱাৰ সময়তে স্বামীয়ে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়াটো অত্যন্ত কঠিন হৈ পৰিছিল৷ ইয়াৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি মাইক্র’ফাইনেঞ্চৰ এজেণ্টসকলে কিস্তি নিবলৈ আহি কেনেদৰে তেওঁলোকক হাৰাশাস্তি কৰে, সেই কথা উল্লেখ কৰি চকুলো টোকে৷ কিন্তু চৰকাৰৰ ঋণ মাফৰ খবৰে তেওঁলোকৰ মনত আনন্দ দিছে৷ তাৰ বাবে মুখ্যমন্ত্রীৰ দীর্ঘায়ু কামনা কৰি আনন্দতে এপাক বিহুও মাৰে৷

You might also like