খ্রীষ্টানবস্তিৰ কুঞ্জলতা লজত য়াবা টেবলেটসহ ধৃত মিজো মহিলা
নিয়মীয়া বাৰ্তা ২৭ আগষ্টঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত আৰক্ষীয়ে ড্রাগ্ছবিৰোধী অভিযান অব্যাহত ৰাখিছে৷ এই অভিযানৰ অংশ হিচাপে আজি মহানগৰ আৰক্ষীয়ে খ্রীষ্টানবস্তিৰ কুঞ্জলতা লজত অভিযান চলাই বৃহৎ পৰিমাণৰ য়াবা টেবলেটসহ এগৰাকী মিজো মহিলাক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ অসম আৰক্ষীৰ বিশেষ শাখাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে কুঞ্জলতা লজত অভিযান চলাই খুমি খাওযুং (৪৫) নামৰ মহিলাগৰাকীক বৃহৎ পৰিমাণৰ য়াবা টেবলেটসহ গ্রেপ্তাৰ কৰে৷ সম্প্রতি মহানগৰ আৰক্ষীয়ে ধৃত মিজো মহিলাগৰাকীৰ বিৰুদ্ধে এনডিপিএছ এক্টৰ অধীনত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ আৰক্ষীৰ এক শীর্ষক সূত্রই জানিবলৈ দিয়া মতে, গুৱাহাটীৰ এজন লোকক এই য়াবা টেবলেটখিনি দিয়াৰ কথা আছিল৷ পূর্বতেও এই মহিলাগৰাকীয়ে গুৱাহাটীকে ধৰি বিভিন্ন স্থানাত য়াবা টেবলেটকে ধৰি ড্রাগ্ছজাতীয় সামগ্রী বিক্রী কৰিছিল৷