ছিপাঝাৰৰ ঐতিহাসিক ধলপুৰ শিৱ মন্দিৰৰ শিলান্যাস–ভূমি পূজন সম্পন্ন
পুত্রৰ ওপজা দিনত নির্মাণৰ শুভাৰম্ভ কৰিলে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ চিএমডি ৰিণিকি ভূঞা শর্মাইঃ সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীৰো অংশগ্রহণ
নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সম্পূর্ণ ব্যক্তিগত প্রচেষ্টাত নির্মাণ কৰিবলৈ লোৱা ছিপাঝাৰৰ ঐতিহাসিক ধলপুৰ শিৱ মন্দিৰৰ শিলান্যাস কার্যসূচী শুকুৰবাৰে সম্পন্ন কৰা হয়৷ সম্পূর্ণ বৈদিক পৰম্পৰাৰ মাজেদি পুৰোহিতৰ মন্ত্রোচ্চাৰণ, আয়তীৰ উৰুলি আৰু শংখ ধ্বনিৰ এক মাংগলিক পৰিৱেশত ঐতিহাসিক শৈৱপীঠখনৰ শিলান্যাসৰ জৰিয়তে নির্মাণৰ শুভাৰম্ভ কৰে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ অধ্যক্ষা তথা পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শর্মাই৷ অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীও শিলান্যাস কার্যসূচীত বিশেষভাৱে উপস্থিত থাকে৷
উল্লেখ্য যে সুদীর্ঘ কাল ধৰি ঐতিহ্যৰ ধ্বজা উৰুৱাই অহা ছিপাঝাৰৰ ধলপুৰ শিৱ মন্দিৰটো পৌৰাণিক সমলেৰে সমৃদ্ধ হোৱাৰ পাছতো উপেক্ষিত হৈয়েই আহিছিল৷ কিন্তু মুখ্যমন্ত্রী হিচাপে দায়িত্বভাৰ লোৱাৰ এটা মাহৰ ভিতৰতেই চলিত বর্ষৰ ৭ জুনত এই ঐতিহাসিক ক্ষেত্রখনত উপস্থিত হৈছিল ড০ হিমন্ত বিশ্ব শর্মা৷ মুখ্যমন্ত্রীৰ আগমনৰ পাছতেই যেন ধলপুৰে পালে নতুন প্রাণ৷ ধলপুৰৰ ঐতিহ্য আৰু সম্ভাৱনা পৰিলক্ষিত কৰি মুখ্যমন্ত্রীয়ে নিজা প্রচেষ্টাত ঐতিহাসিক শিৱ মন্দিৰটো নতুন ৰূপত নির্মাণৰ প্রতিশ্রুতি দিয়াৰ লগতে চৰকাৰী আঁচনিৰে ধলপুৰক পর্যটনৰ আকর্ষণ কেন্দ্র হিচাপে গঢ় দিয়াৰ বিষয়ে ঘোষণা কৰিছিল৷ কথা মতেই আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ হৈ সহধর্মিণী ৰিণিকি ভূঞা শর্মাই এই নির্মাণকার্যৰ শুভাৰম্ভ সমাপন কৰে৷
শিলান্যাসকার্য সমাপনৰ পাছতে উক্ত স্থানত অনুষ্ঠিত এখন সভাত বক্তব্য আগবঢ়াই ৰিণিকি ভূঞা শর্মাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ধলপুৰ শিৱ মন্দিৰটো নির্মাণৰ বাবে গ্রহণ কৰা প্রচেষ্টাক শলাগ লোৱাৰ লগতে নির্মাণকার্যৰ শুভাৰম্ভ পর্বত উপস্থিত থাকিবলৈ পাই ধন্য হোৱা বুলিও প্রকাশ কৰে৷ ইফালে বিবাহ বার্ষিকীৰ দিনা আনুষ্ঠানিকভাৱে মন্দিৰ নির্মাণৰ বিষয়ে ঘোষণা কৰাৰ পাছত আজি পুত্রৰ জন্মদিনৰ দিনাই শুভাৰম্ভ হৈছে পৱিত্র নির্মাণকার্যৰ৷ এয়া শিৱ বাবাৰ আশীর্বাদৰ বাবেই সম্ভৱ হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্রীৰ পত্নী ৰিণিকি ভূঞা শর্মাই শিৱ বাবাই সকলোকে আশীর্বাদ প্রদান কৰি এখন সুস্থ সমাজ গঢ়ি তুলিব বুলিও আশা কৰে৷ প্রাকৃতিক উপাদানেৰে ভৰপূৰ ধলপুৰ অনাগত সময়ত জাকত জিলিকা হৈ পৰিব বুলিও আশা কৰে৷
আনহাতে অসম সাহিত্য সভাৰ উপ–সভাপতি তথা আদর্শ মাতৃ মৃণালিনী দেৱীয়ে দেৱাদিদেৱ মহাদেৱৰ ঐশ্বৰিক শক্তিৰ বন্দনাৰে শিৱৰ বিভিন্ন মাহাত্ম্য বর্ণনা কৰে৷ শিৱ ৰূপেই ভগৱানে সকলো অপায়–মংগল দূৰ কৰি সমাজখনক আগুৱাই লৈ যাব বুলি কামনা কৰি ধলপুৰ শৈৱপীঠে সমগ্র ৰাইজক আশীর্বাদ বৰষিছে বুলিও উল্লেখ কৰে৷ শুকুৰবাৰে স্থাপন কৰা লাইখুঁটাৰ পৰাই যাতে এটা সময়ত গৈ সমগ্র অঞ্চলটো জাকত জিলিকা হৈ পৰে, সেয়াও কামনা কৰে মৃণালিনী দেৱীয়ে৷ ইফালে অনুষ্ঠানৰ আদৰণী ভাষণ আগবঢ়ায় মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক তথা অৱসৰী অধ্যক্ষ ধর্মকান্ত নাথে৷ ধলপুৰক নতুন ৰূপেৰে জিলিকাই তোলাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গ্রহণ কৰা পদক্ষেপৰ বিশেষভাৱে শলাগ লয়৷ মুখ্যমন্ত্রীগৰাকীৰ ধলপুৰ আগমনৰ পাছৰ পৰাই ঐতিহাসিক স্থানখনে নতুন মাত্রা লাভ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীৰ পদক্ষেপৰ বাবেই ধলপুৰৰ মাহাত্ম্য আজি বিয়পি পৰা বুলি উল্লেখ কৰে৷
উল্লেখ্য যে অতীতৰ গুহা গাঁও হিচাপে পৰিচিত তথা ব্রহ্মপুত্রৰ একেবাৰে পাদদেশত অৱস্থিত ধলপুৰ শিৱ মন্দিৰটো চৌদিশে বেদখলৰ কবলত পৰাৰ পাছত অস্তিত্বৰ প্রতিয়েই সংকট নামি আহিছিল ধলপুৰলৈ৷ বেদখলকাৰীৰ শেনচকুৰ পৰা হাত সাৰি যোৱা নাছিল শিৱ মন্দিৰৰ নামত সংৰক্ষিত ১৮০ বিঘা ভূমিও৷ কিন্তু দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শর্মাৰ পদক্ষেপত মুক্ত হৈছিল মন্দিৰৰ ভূমি৷ তাৰ পাছতেই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ আগমন হৈছিল ধলপুৰলৈ৷ মুখ্যমন্ত্রীৰ প্রতিশ্রুতি মতেই শুভকার্যৰো আৰম্ভণি হোৱাত উৎফুল্ল হৈ পৰিছে স্থানীয় ৰাইজ৷ প্রণিধানযোগ্য যে শিল্পী প্রাঞ্জল শর্মাই আঁত ধৰা আজিৰ শিলান্যাস কার্যসূচীত অংশ লয় ছিপাঝাৰৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, মঙলদৈৰ প্রাক্তন বিধায়ক গুৰুজ্যোতি দাস, দৰঙৰ উপায়ুক্ত প্রভাৱতী থাওচেন, জিলা উন্নয়ন আয়ুক্ত শুভলক্ষ্মী ডেকা, আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শর্মা, জিলা পৰিষদৰ চি ই অ’ ৰমেন মালাকাৰ, কার্যবাহী অভিযন্তা ভবেন বর্মন, জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্র ডেকা অসম সাহিত্য সভাৰ প্রধান সম্পাদক যাদৱ শর্মা, স্বপ্ণালী বৰগোহঁাই, ৰাণা বশিষ্ঠ আদিকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি৷