নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মানি চলক ক’ভিডৰ নীতি–নিয়ম, অন্যথা সম্পূর্ণ লকডাউন’– ড০ শর্মাৰ কঠোৰ সকীয়নি

নিয়মীয়া বাৰ্তা ২৯ আগষ্টঃ  অহা ছেপ্টেম্বৰ মাহৰ প্রথম সপ্তাহৰ পৰা চৰকাৰে পর্যায়ক্রমে বিদ্যালয়, মহাবিদ্যালয়, বাছ আদি খুলি দিয়াৰ ব্যৱস্থা কৰিছে৷ ৰাইজৰ সহযোগত চৰকাৰে অসমত স্বাভাৱিক জীৱনযাত্রা ওভতাই আনিব বিচাৰিছে৷ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷

আজি জনতা ভৱনত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে গ্রহণ কৰা পদক্ষেপৰ বাবেই শেহতীয়াকৈ ক’ভিডত আক্রান্তৰ সংখ্যা হ্রাস পাইছে৷ কালি আক্রান্তৰ সংখ্যা ৫০০ৰ তললৈ হ্রাস পাইছে৷ এয়া নিঃসন্দেহে আশাৰ বতৰা৷ ক’ভিডৰ সংক্রমণ হ্রাস পাই অহা বাবেই চৰকাৰে ছেপ্টেম্বৰৰ প্রথম সপ্তাহৰ পৰা ক’ভিড সংক্রমণ প্রতিৰোধৰ বাবে বাহাল থকা বাধা–নিষেধ শিথিল কৰি স্বাভাৱিক জীৱনযাত্রা আৰম্ভ কৰিব বিচাৰিছে৷ ইয়াৰ বাবে তেওঁ জনসাধাৰণক ক’ভিডৰ নীতি–নিয়ম মানি চলিবলৈ আহ্বান জনাই কয় যে অন্যথা অসম সম্পূর্ণ লকডাউনৰ পৰিস্থিতিলৈ উভতি যাব লগা পৰিৱেশ হ’ব৷ সেয়ে তেওঁ ৰাইজক স্বাস্থ্য বিভাগে বান্ধি দিয়া নীতি–নিয়মসমূহ মানি চলাৰ আহ্বান জনায়৷

উল্লেখ্য যে শনিবাৰে জনতা ভৱনত আয়োজিত এক অনুষ্ঠানত মহিন্দ্র এণ্ড মহিন্দ্র লিমিটেডে কোম্পানীসমূহৰ সামাজিক দায়বদ্ধতা (চি এছ আৰ) নীতিৰ আধাৰত আগবঢ়োৱা ১৫খন এম্বুলেঞ্চ আৰু অক্সিজেন কনচেনট্রেটৰ জনগণৰ সেৱাৰ বাবে আনুষ্ঠানিকভাৱে উৎসর্গা কৰে৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ এল মাণ্ডাভিয়াৰ শেহতীয়া অসম ভ্রমণৰ পাছতে ৰাজ্যখনে পর্যাপ্ত পৰিমাণৰ ক’ভিড প্রতিষেধক লাভ কৰিবলৈ সক্ষম হৈছে৷ চলিত মাহতে বর্তমানলৈকে ৬১ লাখ লোকক প্রতিষেধক প্রদান কৰা হৈছে আৰু এই মাহটো অন্ত পৰালৈকে প্রতিষেধক লাভ কৰা লোকৰ সংখ্যা এমাহতে ৭০ লাখ অতিক্রম কৰাৰ পূর্ণ সম্ভাৱনা আছে৷

এই ধাৰা অব্যাহত ৰাখি আগন্তুক মাহতো ৫০ লাখ লোকক ক’ভিড ভেকচিন প্রদান কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কেন্দ্রীয় চৰকাৰৰ সহযোগিতা আৰু ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বিষয়া–কর্মচাৰীসক নিষ্ঠাপূর্ণ সেৱাৰ বাবেই এয়া সম্ভৱ হৈ উঠিছে৷ ৰাজ্যখনৰ বহুসংখ্যক লোকে প্রথম পালি ভেকচিন লোৱাৰ পাছত দ্বিতীয় পালি ভেকচিন লোৱা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ক’ভিড মহামাৰীৰ পৰা সুৰক্ষাৰ স্বার্থত সেইসকল লোকে দ্বিতীয় পালি ভেকচিন ল’বলৈ আগবাঢ়ি অহা উচিত৷ দ্বিতীয় পালি ভেকচিন নোলোৱালৈ আমি নিৰাপদ নহয়৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে ক’ভিডৰ দ্বিতীয়টো ঢ়ৌৰ সময়ছোৱাত ৰাজ্যখনৰ প্রায় ৪৫ হাজাৰ লোকে মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ বৰঙণি আগবঢ়াইছে৷ ক’ভিডৰ প্রথমটো ঢ়ৌৰ সময়তো প্রায় সমসংখ্যক লোকে এইদৰে বৰঙণি আগবঢ়াইছিল৷ মহামাৰীৰ এই প্রতিকূল সময়ছোৱাত ৰাজ্যখনৰ জনসাধাৰণৰ মানৱীয় চৰিত্র আৰু সহানুভূতিৰ পূর্ণ প্রতিফলন ঘটা বুলিও তেওঁ মন্তব্য কৰে৷ ৰাজ্যখনৰ জনসাধাৰণৰ স্বাস্থ্য সেৱাৰ বাবে মহিন্দ্র এণ্ড মহিন্দ্র লিমিটেডে এম্বুলেঞ্চ আৰু অক্সিজেন কনচেনট্রেটৰ আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রতিষ্ঠানটোৰ সৈতে অসমৰ এক সু–সম্পর্ক আছে৷ প্রতিষ্ঠানটোৱে আগবঢ়োৱা এই উপকৰণসমূহে ক’ভিড পৰিস্থিতিৰ সময়ত জনসাধাৰণৰ চিকিৎসাৰ সহায়ক হোৱাৰ উপৰি পৰৱর্তী পর্যায়তো ৰাজ্যখনৰ চিকিৎসা ক্ষেত্রখনত উপযোগী হৈ থাকিব৷

ৰাজ্যখনৰ কৃষিক্ষেত্রৰ উত্তৰণৰ বাবেও কোম্পানীটোৱে সহযোগিতাৰ হাত আগবঢ়াই আহিছে বুলি ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷ এই অনুষ্ঠানত স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱা, ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ অভিযান সঞ্চালক ড০ এছ লক্ষ্মণম, মহিন্দ্র এণ্ড মহিন্দ্র লিমিটেডৰ জ্যেষ্ঠ প্রবন্ধক নৱজিৎ শর্মা, আঞ্চলিক প্রবন্ধক সুব্রত দত্তও উপস্থিত থাকে৷ ইপিনে মহিন্দ্র এণ্ড মহিন্দ্র লিমিটেডে আগবঢ়োৱা এম্বুলেঞ্চৰ এখন  বিয়লিৰ ভাগত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ উপস্থিতিত বিধানসভা স্বাস্থ্যকেন্দ্রক ব্যৱহাৰৰ বাবে হস্তান্তৰ কৰে৷

You might also like